এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত নাই অসমৰ প্ৰতীকপট
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ ডিচেম্বৰঃ এইবাৰ দেশৰ গণৰাজ্য দিৱসৰ নতুন দিল্লীৰ কেন্দ্ৰীয় পেৰেডত নাথাকিব অসমৰ প্ৰতীকপট৷ ২০২৫ চনৰ ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় পেৰেডত প্ৰতীকপট প্ৰদৰ্শন কৰিবগীয়া দেশৰ ১৫খন ৰাজ্যৰ নাম কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ঘোষণা কৰিছে যদিও এই তালিকাত নাই অসমৰ নাম৷
এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে ‘স্বৰ্ণিল ভাৰতঃ ঐতিহ্য আৰু বিকাশ’ শীৰ্ষক থীম ৰাখি ৰাজ্য চৰকাৰসমূহক আবেদন কৰাৰ বাবে আহ্বান জনাইছিল যদিও অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে প্ৰতীকপট প্ৰদৰ্শনৰ বাবে আবেদনেই নকৰাৰ অভিযোগ উঠিছে৷ পূৰ্বে গণৰাজ্য দিৱসৰ প্ৰতীকপট নিৰ্মাণৰ আৰ্হিৰ বাবে সাংস্কৃতিক সঞ্চালকালয়ে নিবিদা আহ্বান কৰে যদিও এইবাৰ তেনে কোনো ধৰণৰ নিবিদা আহ্বানেই কৰা নাছিল৷ সাংস্কৃতিক বিভাগে এই সন্দৰ্ভত কোনো কথা ৰাজহুৱা কৰা নাই যদিও অসম চৰকাৰে নতুন দিল্লীৰ পেৰেডত অংশ লোৱাৰ বাবেই আবেদনেই নকৰা বিষয়টো স্পষ্ট হৈ পৰিছে৷ সোমবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি গণৰাজ্য দিৱসৰ পেৰেডত প্ৰতীকপট প্ৰদৰ্শনৰ বাবে ১৫খন ৰাজ্যৰ লগতে ১১টা মন্ত্ৰণালয়কো বাছনি কৰিছে৷ প্ৰতীকপট প্ৰদৰ্শন কৰিবলগীয়া ৰাজ্যসমূহৰ তালিকাত অসমৰ চুবুৰীয়া পশ্চিমবংগকো বাছনি কৰা হৈছে৷ তদুপৰি বাছনি লাভ কৰা আন আন ৰাজ্যকেইখন হৈছে বিহাৰ, চণ্ডীগড়, গোৱা, ঝাৰখণ্ড, কৰ্ণাটক, মধ্য প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, অন্ধ্ৰ প্ৰদেশ, গুজৰাট, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, হাৰিয়ানা, দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু ডিউ৷ স্বাধীনতাৰ ৭৫ বছৰৰ পাছত ভাৰতৰ সাফল্যৰ কাহিনী তথা সাংস্কৃতিক ঐতিহ্যৰ বৈচিত্ৰময় ৰূপ তুলি ধৰা হ’ব গণৰাজ্য দিৱসৰ প্ৰতীকপটত৷
উল্লেখ্য, গণৰাজ্য দিৱসৰ প্ৰতীকপটক লৈ বিগত এপ্ৰিল মাহতে প্ৰতিখন ৰাজ্য চৰকাৰৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে৷ কিন্তু ইয়াৰ পাছতো দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ কৰ্তব্য পথৰ পেৰেডৰ বাবে অসম চৰকাৰৰ প্ৰতীকপটে কিয় স্থান নাপালে তাক লৈ এতিয়া চৰ্চা লাভ কৰিছে৷ অৱশ্যে দিছপুৰৰ এটা সূত্ৰই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰতীকপট প্ৰদৰ্শনৰ বাবে ৰোটেশ্বন ভিত্তিত ৰাজ্য বাছনি কৰে বুলিহে দাবী কৰিছে৷ আনহাতে, গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপট নাথাকিলেও পেৰেডত অংশ ল’ব কাছাৰৰ লক্ষীপুৰ চহৰৰ ফুলেৰতল বজাৰৰ অৰ্ণৱ সেন নামৰ এনচিচি কেডেটজনে৷ অৰ্ণৱ হৈছে কাচাৰৰ পইলাপুল নেহৰু কলেজৰ উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ৷