Logo
image

ড॰ নগেন শইকীয়ালৈ ‘সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা’

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৬ ডিচেম্বৰঃ ৰাজ্যখনৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক তথা মিতভাষৰ স্ৰষ্টা ড॰ নগেন শইকীয়াক জীৱন ফুকন নগৰস্থিত বাসগৃহ ‘বৰ্ণমালা’ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়৷ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা গ্ৰহণ কৰি ড॰ নগেন শইকীয়াই কয়, যজ্ঞেশ্বৰ শৰ্মাৰ দৰে অসমীয়া, সংস্কৃত, ইংৰাজী আৰু বাংলা ভাষাৰ প্ৰতি দক্ষতা থকা ব্যক্তি আমাৰ মাজত বৰ কম৷ পাণ্ডিত্য ফালৰ পৰা কোনোগুণে কম নাছিল৷ সেইবাবে কৃষ্ণকান্ত সন্দিকৈয়ে যজ্ঞেশ্বৰ শৰ্মাক গুৰুত্ব দিছিল৷ কম কথা আৰু সময় অনুসৰি কাম-কাজ কৰিছিল৷ চাৰিটা ভাষাত সাহিত্যৰ প্ৰতি দখল থকা মানুহজনক ওচৰৰ পৰা পোৱাসকলে ভালদৰে গম পাব৷ 


উল্লেখ্য, ‘দেওবৰীয়া বাৰ্তা’ আৰু ‘অনুপ্ৰেৰণা ট্ৰাষ্ট’ৰ উদ্যোগত প্ৰতিবছৰে একোজনকৈ বিশিষ্ট ব্যক্তি তথা সাহিত্যিকক সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা প্ৰদান কৰি আহিছে৷ সেই অনুসৰি ২০২৪চনৰ এই বঁটা প্ৰথিতযশা সাহিত্যিক ড॰ নগেন শইকীয়াক প্ৰদান কৰা হৈছে৷ শিক্ষাবিদ, ঔপন্যাসিক, গল্পকাৰ, অধ্যাপক, মিতভাষ স্ৰষ্টা ড॰ শইকীয়াই ইতিমধ্যে অসম উপত্যকা সাহিত্য বঁটা, ডিব্ৰুগড় ৰত্ন, সাহিত্য অকাদেমি বঁটা, কৃষ্ণকান্ত সন্দিকৈ বঁটাকে ধৰি জীৱনকালত অজস্ৰ বঁটা আৰু সন্মান লাভ কৰিছে৷ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা প্ৰদান কৰি দেওবৰীয়া বাৰ্তা-ছানডে নিউজ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক, সাংবাদিক, বিশিষ্ট লেখক দীপজ্যোতি শইকীয়াই কয় যে ২০২৪বৰ্ষৰ এই বঁটাটো ড॰ নগেন শইকীয়াৰ দৰে এজন বিজ্ঞলোকক দিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ৷ 

আনহাতে, এই বঁটাত আছে চেলেং চাদৰ, ফুলাম গামোচা, কাঁহৰ জাপি আৰু এখন মান-পত্ৰ৷ আৰম্ভণিতে দেওবৰীয়া বাৰ্তা-ছানডে নিউজৰ সম্পাদক দীপজ্যোতি শইকীয়াই কয় যে সাহিত্য-সংস্কৃতিৰ লগতে বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ৰাজ্যখনৰ বিশিষ্ট ব্যক্তিক প্ৰতিবছৰে দেওবৰীয়া বাৰ্তা, ছানডে নিউজ আৰু অনুপ্ৰেৰণা ট্ৰাষ্টৰ উদ্যোগত এই বঁটা প্ৰদান কৰি আহিছে৷ সেই মতে, এইবছৰ ড॰ নগেন শইকীয়াক দিবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰা বুলি সম্পাদক শইকীয়াই কয়৷ অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড॰ কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট সাহিত্যিক ড॰ কৰবী ডেকা হাজৰিকা, দীপজ্যোতি শইকীয়া, সাংবাদিক এম হাছিম আলী আদিয়ে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যাপক নগেন সাৰস্বত ন্যাসৰ সম্পাদক বীৰেণ বৰুৱাই৷