Logo
image

বিমান যাত্ৰীক সকাহ, ১০ টকাত চাহ, ২০ টকাত ছিংৰা

নতুন দিল্লী, ২৬ ডিচেম্বেঃ বিমানবন্দৰ সমূহত চাহ-কফিৰ দামক লৈ প্ৰায়েই বিমানযাত্ৰীসকলৰ মুখত অভিযোগ শুনা যায়৷ একাপ চাহ, কফি বা একোটা চিংৰাৰ দাম পাঁচ/ছয়গুণ বা তাতকৈয়ো বেছি৷ সেয়ে সাধাৰণ বিমান যাত্ৰীসকলৰ বাবে এনে চৰা দামত বিমান বন্দৰত চাহ-ছিংৰা বা কফি আদি খোৱা সম্ভব নহয়৷ এইসন্দৰ্ভত বিভিন্ন সময়ত সামাজিক মাধ্যমত বিভিন্নজনক সৰব হোৱাও দেখা যায়৷ পিছে, এইবাৰ বিমান বন্দৰ কতৃৰ্পক্ষই বিমানযাত্ৰীসকলক ১০ টকাত চাহ আৰু ২০টকাত চিংৰা খুৱাবলৈ প্ৰস্তুত হৈছে৷ ইয়াৰ বাবে কেন্দ্ৰীয়  অসামৰিক বিমান পৰিবহন কতৃৰ্পক্ষই পাইলট প্ৰজেক্ট হিচাপে কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সুলভ মূল্যৰ কেণ্টিন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷  


এই প্ৰজেক্টটোৱে সফলতা লাভ কৰিলে পৰৱৰ্তী সময়ত দেশৰ অন্যান্য বিমান বন্দৰসমূহতো এনে সুলভ মূল্যৰ কেণ্টিনৰ ব্যৱস্থা কৰিব৷ ইপিনে বিমান পৰিবহন কতৃৰ্পক্ষই বিমান যাত্ৰীসকলৰ বাবে ১০টকীয়া চাহ আৰু ২০ টকীয়া ছিংৰাৰ ব্যৱস্থা কৰিবলৈ লোৱাৰ বাবে  শলাগৰ পাত্ৰ হৈ পৰিছে আম আদমি পাৰ্টিৰ সাংসদ ৰাঘৱ ছাড্ডা৷ উল্লেখ্য সংসদৰ শীতকালীন অধিৱেশনত সাংসদ ৰাঘৱ ছাড্ডাই বিমান বন্দৰসমূহত খাদ্যসামগ্ৰীৰ আকাশলংঘী মূল্যক লৈ সৰৱ হৈ পৰিছিল৷ সংসদৰ মজিয়াত তেওঁ উল্লেখ কৰিছিল যে ‘বিমানবন্দৰসমূহত এবটল পানীৰ দাম ১০০টকা, একাপ চাহ কিনিব লগা হয় ২০০-২৫০টকাত৷ সাধাৰণ যাত্ৰীৰ বাবে ইমান দামত এইবোৰ ক্ৰয় কৰাটো সম্ভৱ নহয়৷ এনেক্ষেত্ৰত সাধাৰণ বিমান যাত্ৰীসকলক সকাহ দিবলৈ বিমান পৰিবহণ কতৃৰ্পক্ষই সুলভ মূল্যৰ খাদ্য সামগ্ৰীৰ ব্যৱস্থা কিয় কৰিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছিল৷ সাংসদ ৰাঘৱ ছাড্ডাই সংসদত উত্থাপন কৰা এই প্ৰসংগৰ পাছতে কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন কতৃৰ্পক্ষই পৰীক্ষামূলকভাৱে কলকাতা বিমান বন্দৰত সুলভ মূল্যৰ কেণ্টিন খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই সিদ্ধান্তৰ বাবে সাংসদ ছাড্ডাক সামাজিক মাধ্যমত বিভিন্নজনে প্ৰশংসিত কৰিছে৷