Logo
image

‘অৰুণোদয়’ৰ সুবিধা লোৱা শিক্ষা বিভাগৰ ১৭৯জনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৬ ডিচেম্বৰঃ দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা অৰুণোদয় আঁচনিৰ সুবিধা একাংশ চৰকাৰী কৰ্মচাৰী আৰু চৰকাৰী পেন্সনপ্ৰাপ্ত বহু লোকেও অবৈধভাৱে গ্ৰহণ কৰি আছে৷ ৰাজ্যৰ লগতে তেজপুৰ তথা শোণিতপুৰত এনে ভালেসংখ্যক লোকে এইদৰে চৰকাৰী আঁচনি বিগত দুবছৰে ভোগ কৰি আহিছে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ সুবিধা লোৱা চৰকাৰী কৰ্মচাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰাৰ লগতে চৰকাৰী বিভাগসমূহৰ এনে কৰ্মচাৰীৰ তালিকাও প্ৰস্তুত কৰা হৈছে৷ ৰাজ্যৰ বুনিয়াদী শিক্ষা বিভাগৰে মুঠ ১৭৯গৰাকী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ সুবিধা চলে-বলে কৌশলেৰে লৈ অহাৰ তথ্য ইতিমধ্যে বিভাগীয়ভাৱেই পোহৰলৈ আহিছে৷ বিভাগীয় সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ বিভাগীয় বিষয়ালৈ যোৱা ২০ডিচেম্বৰত প্ৰেৰণ কৰা কৰা এক নিৰ্দেশনাৰ লগতে মুঠ ১৭৯জনীয়া এখন নামৰ তালিকা প্ৰেৰণ কৰিছে৷ 


উল্লেখ্য, তালিকাখনত বিভাগটোৰ কৰ্মচাৰীসকলে অৰুণোদয় আঁচনিৰ নিয়ম ভংগ কৰি আঁচনিখনৰ সুবিধা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰি উল্লিখিত তালিকাখনত থকা কৰ্মচাৰীসকল কোনখন জিলাৰ সেয়া নিশ্চিত কৰাৰ লগতে তেওঁলোক শিক্ষকতা নে আন কামৰে জড়িত সেয়াও স্পষ্ট কৰাৰ বাবে এক তদন্ত কৰিবলৈ জিলা শিক্ষা বিষয়াক নিৰ্দেশ দিছে৷ এই তদন্তৰ প্ৰতিবেদন অহা ৩১ডিচেম্বৰৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে বিভাগীয় সঞ্চালকে৷ এই নিৰ্দেশনাৰ পাছতে এতিয়া এনেসকলৰ মাজত হুৱা-দুৱা লাগিছে৷ নিজৰ প্ৰকৃত আৰ্থিক অৱস্থাৰ বিষয়ে গাঁপ দি দৰিদ্ৰ হিতাধিকাৰীৰ মুখৰ ভাত কাঢ়ি খোৱাসকলে এতিয়া যোৱা দুটা বছৰে প্ৰতিমাহে লাভ কৰা অৰুণোদয় আঁচনিৰ সমস্ত ধন ওভতাই দিবলৈ হাবাথুৰি খাবলগীয়া হৈছে৷ উল্লেখ্য, অৰুণোদয় আঁচনি বিতৰণত বিশেষকৈ হিতাধিকাৰীৰ নিৰ্বাচনত একাংশ ৰাজনৈতিক নেতা-পালিনেতা আৰু মধ্যভোগীৰ জৰিয়তে আৰম্ভণিৰ পৰাই ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠি আহিছিল৷ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি এচামে এই আঁচনিৰ ধন আত্মসাৎ কৰি অহাৰ অভিযোগ সম্প্ৰতি চৰকাৰীভাৱেই সত্য প্ৰমাণিত হৈছে৷ প্ৰণিধানযোগ্য যে, বুনিয়াদী শিক্ষা সঞ্চালকে প্ৰেৰণ কৰা পত্ৰত বিভাগটোৰ তেজপুৰ তথা শোণিতপুৰৰো ভালেকেইজন শিক্ষক-কৰ্মচাৰীৰ নাম প্ৰকাশ পোৱাৰ লগতে তেওঁলোকৰ অৰুণোদয় হিতাধিকাৰী নম্বৰ তথা বেংকৰ একাউণ্ট নম্বৰো প্ৰকাশ পাইছে৷ ইয়াৰে একাংশৰ আত্মীয় আকৌ ৰাজনৈতিকভাৱে শাসকীয় বিজেপিৰে জড়িত থকাৰ লগতে একাংশৰ আত্মীয় আকৌ শাসকীয় দলটোৰ পদবীধাৰী৷ আন একাংশৰ আত্মীয়ক আকৌ ৰাইজে দালাল হিচাপেই চিনি পায়৷ এতিয়া এই সকলোৰে তৰ্ধনি হেৰাইছে যদিও ইমানদিনে অৰুণোদয় আঁচনিৰ নামত তথ্যৰ প্ৰৱঞ্চনাৰে অনিয়ম সংঘটিত কৰাসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবনে নকৰে সেয়াহে হ’ব লক্ষণীয়৷