Logo
image

ৰকিবুল হুছেইনে ৰাজনীতি এৰিব, যদি...

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ ডিচেম্বৰঃ ২০২৬ৰ নিৰ্বাচনৰ পাছত ৰাজনীতি এৰিব কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে৷ অৱশ্যে তাৰ বাবে তেওঁ দিছে এটা চৰ্ত৷ আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে যদি ৫০ হাজাৰতকৈ এটাও কম ভোটত জয় হয় তেওঁ ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব বুলি ঘোষণা কৰে৷ ধুবুৰীত বুধবাৰে এখন সংবাদমেল পাতি সাংসদ হুছেইনে আৰু কয়– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপ-নিৰ্বাচনত চামগুৰিত কংগ্ৰেছক হৰুৱাইছে৷ তাৰ বাবে তেওঁৰ অহংকাৰে চূড়ান্ত সীমা অতিক্ৰম কৰিছে৷ মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান জনাইছোঁ– তেওঁ অহাবাৰ চামগুৰিত বিজেপিক জিকাই দেখুৱাওক৷ তেওঁ কান্দি কান্দি কৈছিল হিমন্ত বিশ্ব শৰ্মা ২০২১ৰ পাছত আৰু ৰাজনীতিত নাথাকে৷ তেওঁ কংগ্ৰেছত থকা সময়ত বিজেপিৰ আহলুৱালিয়া নামৰ নেতা এজনে কৈছিল– আমাৰ মানে বিজেপিৰ চৰকাৰ হ’লে হিমন্ত বিশ্ব শৰ্মাৰ সকলো অপকৰ্মৰ ফাইল কাৰ্পেটৰ তলৰ পৰা উলিয়াম৷ আমাৰ হাতত কাৰ্পেটৰ তলত থকা ফাইলটো আছে৷ 


উল্লেখ্য, দিনদিয়েক পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চামগুৰিত বিজেপিৰ বিজয়োৎসৱত ভাগ লৈ কৈছিল– চামগুৰিৰ নিৰ্বাচনত বিজেপিৰ জয় যিমান তাতকৈ ৰকিবুল হুছেইনৰ পৰাজয় বেছি৷ ৰকিবুল হুছেইনে কয় মই যদি চাকৰি নিদিলোঁহেঁতেন এইবোৰ ল’ৰাই চানাচূৰ বিক্ৰী কৰিব লগা হ’লহেঁতেন৷ মই ৰকিবু হুছেইনক কৈছোঁ– আপুনি যদি নুৰুল হুছেইনৰ ল’ৰা নহ’লহেঁতেন আপুনি ৰকিবুল হুছেইন হ’বই নোৱাৰিলেহেঁতেন৷ আপুনিও চানাচূৰ বিক্ৰী কৰি থাকিবলগীয়া হ’লহেঁতেন৷ উল্লেখ্য, ধুবুৰীত অভিলেখসংখ্যক ভোটৰ ব্যৱধানত বদৰুদ্দিন আজমলক পৰাভূত কৰিছে ৰকিবুল হুছেইনে৷ কিন্তু উপ-নিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে বিপুল ভোটৰ ব্যৱধানত বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাৰ হাতত পৰাজিত হয়৷