![image](https://aamarasom.com/uploads/posts/asddd.jpg1735298912.jpg)
সুনীতাৰ বাবে বৰদিনৰ পোছাক ক’ৰ পৰা আহিল?
নতুন দিল্লী, ২৭ ডিচেম্বৰঃ ৮ দিনৰ বাবে মহাকাশলৈ গৈ প্ৰায় ১০ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ আছে ‘নাছা’ৰ ভাৰতীয়মূলৰ মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু তেওঁৰ সহযাত্ৰী বুশ্ব উইলম’ৰ৷ আৱদ্ধ হৈ থকা মহাকাশচাৰী দুগৰাকীক উদ্ধাৰ কৰি অনাত এতিয়াও সফল হ’ব পৰা নাই ‘নাছা’৷ ইয়াৰ মাজতে ‘নাছা’ই শেহতীয়াকৈ সুনিতা উইলিয়ামছৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে৷ য’ত মহাকাশ কেন্দ্ৰত সুনিতাৰ লগতে তেওঁৰ সহকৰ্মীসকলক বৰদিন উদ্যাপন কৰা দেখা গৈছে৷ ভিডিঅ’টোত এটা ৰঙা টি-ছাৰ্ট আৰু ছাণ্টাৰ ৰঙা টুপি পৰিধান কৰি অনুৰাগীসকলক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰা দেখা যায় সুনিতা, উইলম’ৰ আৰু মহাকাশ কেন্দ্ৰটোত থকা আন দুজনক৷ কিন্তু ইয়াৰ মাজতে সুনিতা উইলিয়াম আৰু মহাকাশ কেন্দ্ৰটোৰ সহকৰ্মীসকলে পৰিধান কৰা বৰদিনৰ সাজ-সজ্জাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে৷
বহুতৰে প্ৰশ্ন– মহাকাশলৈ মাত্ৰ ৮ দিনৰ বাবে যোৱা সুনিতা আৰু উইলম’ৰ তথা সহকৰ্মীয়ে বৰদিনৰ টুপী আৰু সাজ-পোচাক ক’ত পালে? নে মহাকাশত আৱদ্ধ হোৱাৰ পূৰ্বেই তেওঁলোকে এই সাজ-সজ্জা পৰিকল্পিতভাৱে লগত লৈ গৈছিল? অৱশেষত ‘নাছা’ৰ তৰফৰ পৰা এই সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছে৷ ‘নাছা’ই স্পষ্ট কৰি দিয়ে যে মহাশূন্যত থকা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ শেহতীয়াকৈ যি সা-সামগ্ৰী প্ৰেৰণ কৰা হৈছিল সেই সমূহৰ সৈতে বৰদিনৰ পোচাক, টুপী আৰু উপহাৰকে ধৰি উৎসৱৰ খাদ্য সম্ভাৰ কঢ়িয়াই নিয়ে স্পেচ এক্সৰ এখন মহাকাশ যানে৷ যোৱা নৱেম্বৰ মাহত মহাকাশ যানখনে কঢ়িয়াই নিয়া প্ৰায় ৩ টন ওজনৰ সা-সামগ্ৰীখিনিৰ ভিতৰত বিভিন্ন খাদ্য-পাচলিৰ উপৰি ছাণ্টা ক্ল’জৰ টুপী আৰু এজোপা খ্ৰীষ্টমাষ্ট ট্ৰী আছিল৷ সেইখিনিকে লৈ মহাকাশ কেন্দ্ৰত তেওঁলোকে বৰদিন উদ্যাপন কৰে৷
ইপিনে, মহাকাশত বৰদিন উদ্যাপন কৰি সুনিতা উইলিয়ামছে নিজৰ প্ৰতিক্ৰিয়া এইদৰে আগবঢ়াইছে–‘বৰদিন উদ্যাপন কৰা, ইয়াৰ বাবে প্ৰস্তুতি লোৱা আৰু বিশেষকৈ ছুটী উদ্যাপন কৰি মোৰ ভাল লাগে৷’ সুনিতাই ভিডিঅ’টোত আত্মীয় তথা অনুৰাগীসকলক উদ্দেশ্যি মহাকাশত আৱদ্ধ হৈ থকা সময়খিনিত তেওঁৰ অভিজ্ঞতাৰ বিষয়েও অৱগত কৰে৷