Logo
image

২,২৪৪ কোটি টকাৰে বিজেপিৰ দানপাত্ৰ পূৰ্ণ

নতুন দিল্লী, ২৭ ডিচেম্বৰঃ ২০২৩-২৪ বিত্তীয় বৰ্ষটো বিজেপিৰ বাবে নিৰ্বাচনী সাফল্যৰ বছৰেই নাছিল, বৰঞ্চ পূৰ্বতকৈ তিনিগুণ বৰঙণি সংগ্ৰহেৰে দানপাত্ৰ পূৰ্ণ কৰিবলৈ সক্ষম হৈছে গেৰুৱা দলটোৱে৷ সেই অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত বিজেপিয়ে বিভিন্ন ব্যক্তি, ট্ৰাষ্ট আৰু কৰ্প’ৰেট গোষ্ঠীৰ পৰা ২,২৪৪ কোটি টকাৰ বৰঙণি লাভ কৰে৷ যিটো পূূৰ্বৰ বছৰটোত লাভ কৰা বৰঙণিতকৈ তিনি গুণ অধিক৷ ইয়াৰ বিপৰীতে ২০২৩-২৪ বিত্তীয় বৰ্ষটোত কংগ্ৰেছে মাত্ৰ ২৮৮.৯ কোটি টকা বৰঙণি সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ যিটো আঞ্চলিক দলসমূহে সংগ্ৰহ কৰা বৰঙণিতকৈও কমৰূপে বিবেচিত হৈছে৷ কংগ্ৰেছে ২৮৮.৯ কোটি টকাৰ বৰঙণি লাভ কৰাৰ বিপৰীতে কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন বিআৰএছ দলে ৫৮০ কোটি টকাৰ বৰঙণি লাভ কৰিছে৷ পূৰ্বৰ বছৰটোত কংগ্ৰেছে লাভ কৰা বৰঙণিৰ পৰিমাণ আছিল ৭৯.৯ কোটি টকা৷ নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ হোৱা তথ্য অনুসৰি ২০২৩-২৪ বৰ্ষত প্ৰুডেণ্ট ইলেক্ট্ৰৰেল ট্ৰাষ্টৰ পৰা বিজেপিয়ে ৭২৩.৬ কোটি টকা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে একেটা ট্ৰাষ্টৰ পৰা ১৫৬.৪ কোটি টকা লাভ কৰিছিল৷ সেই অনুসৰি ২০২৩-২৪ চনত বিজেপিয়ে লাভ কৰা বৰঙণিৰ প্ৰায় এক-তৃতীয়াংশ আৰু কংগ্ৰেছৰ আধাতকৈ অধিক বৰঙণি আহিছিল প্ৰুডেণ্ট ইলেক্ট্ৰৰেল ট্ৰাষ্টৰ পৰা৷ ২০২২-২৩ চনত প্ৰুডেণ্টৰ শীৰ্ষদাতা হিচাপে আছিল মেঘা ইঞ্জিনিয়াৰ্ছ এণ্ড ইনফ্ৰা লিমিটেড, ছিৰাম ইনষ্টিউট, আৰ্ছেলৰ মিট্টাল গ্ৰুপ আৰু ভাৰতী এয়াৰটেল৷


২০২৩-২৪ বিত্তীয় বৰ্ষটোত বিজেপিক বৰঙণি আগবঢ়োৱা কৰ্পৰেট গোষ্ঠীসমূহৰ শীৰ্ষত আছে প্ৰুডেণ্ট (৭২৪ কোটি), ডিএলএফ (১০০ কোটি), আৰ্ছেলৰ মিট্টাল (৭৫ কোটি), মাৰুটি ছুজুকি (৬০ কোটি), মেঘা ইঞ্জিনিয়াৰিং (৫০ কোটি), হিৰো লেবছ (৫০ কোটি), এপল’ টায়াৰ (৫০ কোটি) আদি উল্লেখ্য যে বিজেপি আৰু কংগ্ৰেছে ঘোষণা কৰা মুঠ বৰঙণিৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ জৰিয়তে লাভ কৰা বৰঙণি বাদ দিয়া হৈছে৷ স্মৰ্তব্য যে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত উচ্ছতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড বাতিল কৰি পোনপটীয়াকৈ বা নিৰ্বাচনী ট্ৰাষ্টৰ জৰিয়তে আগবঢ়োৱা বৰঙণিক ৰাজনৈতিক দলসমূহৰ বাবে পুঁজিৰ প্ৰধান উৎস হিচাপে ৰাখিবলৈ ৰায়দান কৰিছিল৷ উল্লেখ্য কিছুমান আঞ্চলিক দলে ২০২৩-২৪ চনত লাভ কৰা বৰঙণিৰ প্ৰতিবেদনত নিৰ্বাচনী বণ্ডৰ পৰা লাভ কৰা ধনৰ পৰিমাণ স্বেচ্ছাই প্ৰকাশ কৰে৷ ইয়াৰ ভিতৰত আছে বণ্ডৰ পৰা ৪৯৫.৫ কোটি লাভ কৰা বিআৰএছ দলটো৷ আনহাতে, ৬০ কোটি টকা লাভ কৰা ডিএমকে আৰু ৱাইএছআৰ কংগ্ৰেছে বন্ধ হৈ পৰা আঁচনিৰ জৰিয়তে লাভ কৰিছিল ১২১.৫ কোটি টকা৷ আয়োগৰ ৱেবছাইটত উল্লেখ হোৱা তথ্য অনুসৰি বিগত বছৰৰ তুলনাত ২০২৩-২৪ চনত বিজেপিৰ বৰঙণিৰ পৰিমাণ ২১২ শতাংশ বৃদ্ধি পাইছে৷ তদুপৰি ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ আগৰ বছৰত অৰ্থাৎ ২০১৮-১৯ চনত বিজেপিয়ে ৭৪২ কোটি টকাৰ বৰঙণি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ১৪৬.৮ কোটি টকাৰ বৰঙণি লাভ কৰে৷ প্ৰুডেণ্টে ২০২৩-২৪ চনত বিআৰএছলৈ ৮৫ কোটি আৰু ৱাইএছআৰ কংগ্ৰেছলৈ ৬২.৫ কোটি টকা বৰঙণি আগবঢ়ায়৷ সম্প্ৰতি অন্ধ্ৰপ্ৰদেশৰ শাসকীয় দল টিডিপিয়ে ট্ৰুডেণ্টৰ পৰা লাভ কৰিছিল ৩৩ কোটি টকা৷ আনহাতে ডিএমকে দলে টাইম ইলেক্ট্ৰৰেল ট্ৰাষ্ট আৰু জয়ভৰত ট্ৰাষ্টৰ পৰা ৮ কোটি টকা লাভ কৰে৷ আমোদজনক যে ভাৰতৰ লটাৰী কিং নামেৰে পৰিচিত ছেণ্টিয়াগো মাৰ্টিনৰ মালিকানাধীন কোম্পানী ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিছেৰ পৰা বিজেপিয়ে ২০২৩-২৪ চনত ৩ কোটি টকাৰ বৰঙণি লাভ কৰা বুলি প্ৰকাশ কৰিছিল৷ নিৰ্বাচনী বণ্ডৰ জৰিয়তে অনুদান আগবঢ়োৱা ফিউচাৰ গেমিং আছিল সেই সময়ত শীৰ্ষত৷ অন্যান্য দলসমূহৰ ভিতৰত আম আদমি পাৰ্টীয়ে ২০২৩-২৪ চনত ১১.১ কোটি টকা লাভ কৰে৷ যিটো পূৰ্বৰ বছৰত লাভ কৰা ৩৭.১ কোটি টকাতকৈ হ্ৰাস পাইছে৷ ২০২২-২৩ চনত চিপিএমে ৬.১ কোটি টকাৰ বৰঙণি লাভ কৰাৰ বিপৰীতে ২০২৩-২৪ চনত প্ৰায় ৭.৬ কোটি টকা৷ আনহাতে মেঘালয়ৰ শাসনাধিস্থিত নেশ্বনেল পিপলছ পাৰ্টীয়ে ১৪.৮ কোটি টকাৰ বৰঙণি লাভ কৰে৷ ২০২৩-২৪ চনত টিডিপিয়ে ১০০ কোটিতকৈ অধিক বৰঙণি লাভ কৰাৰ বিপৰীতে বিজেডিয়ে কোনো ধৰণৰ বৰঙণি সংগ্ৰহ নকৰা বুলি আয়োগৰ ৱেবছাইটত উপলব্ধ তথ্যত কোৱা হৈছে৷