এইবাৰ দলিত সভাপতিৰ সন্ধানত বিজেপি
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ ডিচেম্বৰঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় সংবিধানৰ প্ৰণেতা বাবা চাহেব আম্বেদকাৰ সন্দৰ্ভত কৰা অশোভনীয় মন্তব্যক লৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ দেশত এক প্ৰকাৰে দলিত বিদ্ৰোহৰ সূচনা হৈছে৷ ইয়াৰ মাজতে কংগ্ৰেছ দলে আম্বেদকাৰ সন্মান যাত্ৰা উলিয়াই যেন জ্বলা জুইত ঘিউহে ঢালিছে৷ এনে পৰিস্থিতিত ক্ষোভ প্ৰশমনৰ বাবে বিজেপিয়ে এজন দলিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সন্ধান আৰম্ভ কৰিছে৷ কিয়নো জে পি নড্ডা কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পাছতো সাত মাহে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদটো খালী হৈ আছে৷
খবৰ অনুসৰি কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুনৰাম মেঘৱাল, বিজেপিৰ সাধাৰণ সম্পাদক দুষ্যন্ত গৌতম বা উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী বেবি ৰাণী মৌৰ্য বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি হ’ব পাৰে৷ এইক্ষেত্ৰত অৰ্জুন ৰাম মেঘৱালেই দৌৰত সকলোতকৈ আগত আছে৷ যিহেতু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে এজন দলিত সম্প্ৰদায়ৰ লোক বিজেপিয়ে সমালোচনাৰ মোকাবিলা কৰিবলৈ এজন দলিত লোককে ৰাষ্ট্ৰীয় সভাপতিৰ পদত অধিষ্ঠিত কৰোৱাটো প্ৰায় নিশ্চিত হৈছে৷ ডিচেম্বৰ মাহৰ ভিতৰতে বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম ঘোষিত হোৱাৰ সম্ভাৱনা আছে৷