আজমলৰ চকুত চকুলো
‘আমাৰ অসম’ৰ মোৰাঝাৰৰ প্ৰতিবেদক, ২৭ ডিচেম্বৰঃ ৰাজনৈতিক সভাবোৰত প্ৰায়েই নিজৰ বক্তব্যৰে বিতৰ্কৰ সূত্ৰপাত কৰা বদৰুদ্দিন আজমলে আজি হুকহুকাই কান্দিলে৷ দুহাতেৰে চকুপানী মচি মচিও নিজৰ আবেগ ধৰি ৰখাত ব্যৰ্থ হ’ল ধনকুবেৰ আজমল৷ হোজাইৰ এক অনুষ্ঠানত শ শ চিকিৎসক অভিযন্তা আৰু আমোলাৰ মাজত বহি বদৰুদ্দিন আজমলে কান্দি থকা দেখি বহুলোক আবেগিক হৈ পৰিল৷ আচলতে দেশৰ বিখ্যাত উদ্যোগপতিজনৰ এয়া আছিল আনন্দৰ চকুলো৷ আজমল ফাউণ্ডেশ্বনৰ দ্বাৰা পৰিচালিত আজমল ছুপাৰ ৪০ৰ পৰা নীটত ৪৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দেশৰ বিভিন্ন মেডিকেল কলেজত স্থান লাভ কৰিছে৷ এইসকল চিকিৎসকৰ সফলতাত আজি আবেগিক হৈ এনেদৰে কান্দি উঠিল আজমল৷ তদুপৰি, দেশৰ কেইবাখনো ইঞ্জিনিয়াৰিং কলেজত স্থান লাভ কৰিছে আজমল ছুপাৰ ৪০ৰ ২৯ গৰাকী অভিযন্তাই৷ তাকে লৈ গৰ্বিত আজমল ফাউণ্ডেশ্বনৰ মেনেজিং ট্ৰাষ্টী বদৰুদ্দিন আজমল৷
উল্লেখ্য, বৃহস্পতিবাৰে হোজাইৰ মৰিয়ম আজমল কলেজ চৌহদত নীট জে ই ই ৰ লগতে আজমল আই এ এছ একাডেমীৰ পৰা স্থানপ্ৰাপ্তসকলক সম্বৰ্ধনা জনাবলৈ এক বিশাল সম্বৰ্ধনা আনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ এই অনুষ্ঠানত আজমল ফাউণ্ডেশ্বন আৰু মৰ্কজুল মা আৰিফৰ অন্তৰ্গত প্ৰতিখন শিক্ষানুষ্ঠানৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷ মুখ্য অতিথি হিচাপে মুম্বাইৰ আঞ্জুমানে ই ইছলামৰ সভাপতি পদ্মশ্ৰী ডাঃ জাহিৰ ইচাক কাজী, কলকাতাৰ টাটা মেমৰিয়েল চেণ্টাৰ ডাইৰেক্টৰ পি অৰুণসহ দেশৰ প্ৰখ্যাত মটিভেশ্বনেল স্পিকাৰ মনোৱাৰ জামাসহ বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমল উপস্থিত থাকে৷ নাৰী শিক্ষাৰ প্ৰতি গুৰুত্ব দি আজমলে ১৯৯৩ চনত প্ৰথম ছোৱালীৰ বাবে গাৰ্লছ মৰ্কজ স্কুলৰ শুভাৰম্ভ কৰিছিল৷ তাৰ পৰাই আৰম্ভণি৷ হোজাইক এতিয়া শিক্ষাৰ হাব হিচাপে গঢ়ি তুলিব বিচাৰিছে আজমলে৷ এই স্থানপ্ৰাপ্তসকলক আজমলৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷
উল্লেখ্য, দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলক চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোনক পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেশ্বনৰ জৰিয়তে গ্ৰহণ কৰিছিল আজমল ছুপাৰ-৪০ নামৰ এক অভিলাষী আঁচনি৷ আজমল ছুপাৰ-৪০য়ে আজি সৰ্বভাৰতীয়পৰ্যায়ত নিজৰ এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে৷ নীট ২০২৪ৰ বাছনি পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত ৭০৫নম্বৰ লাভ কৰি আজমল ছুপাৰ ৪০-ৰ শীৰ্ষস্থান দখল কৰে নাজমুচ চাকিবে৷ তদুপৰি, মেহদী হাচানে ৭০০, চাহিনা বেগম লস্কৰ ৬৯৫, আলিমুল ইছলাম হাদি ৬৯৫, চয়ীদ আখতাৰ ৬৯৫ আৰু জব্বাৰ আলীয়ে ৬৯৫নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য, নাজমুচ চাকিবে ভাৰতবৰ্ষৰ আগশাৰীৰ মেডিকেল কলেজ ৰিশিকেস্বৰ এইমচত নামভৰ্তি কৰিবলৈ সুযোগ লাভ কৰাৰ লগতে বাকী বহুগৰাকী শিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ এইমছত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিছে৷ এনেদৰে আজমল ছুপাৰ ৪০ স্থাপন হোৱাৰ পাছৰে পৰা বৰ্তমানলৈ ১২শৰো অধিক শিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ মেডিকেল কলেজত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে আৰু জেইইত ১৫০ৰো অধিক শিক্ষাৰ্থীয়ে অভিযান্ত্ৰিক দিশত আগবাঢ়ি যায়৷
উল্লেখ্য, ২০১৯বৰ্ষত আজমল ছুপাৰ ৪০ৰ পৰা ২২ গৰাকী, ২০২০ বৰ্ষত ৮২ গৰাকী, ২০২১ বৰ্ষত ১৫০ গৰাকী, ২০২২ বৰ্ষত ২৪০, ২০২৩ত ৩৫০গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে নীটত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ আজমল ছুপাৰ ৪০-ৰ লগতে আজমল ফাউণ্ডেশ্বনৰ আন কলেজসমূহৰো এনে অভূতপূৰ্ব সফলতাক লৈ উৎফুল্ল হৈ পৰিছে আজমল গ্ৰুপ অৱ কোম্পানীৰ মুৰব্বী আমিৰ উদ্দিন আজমল, আজমল ফাউণ্ডেশ্বনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, মুখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলকে ধৰি আজমল পৰিয়াল৷ আনহাতে, আজমল আই এ এছ একাডেমী স্থাপন হোৱাৰ পাছৰে পৰা বৰ্তমানপৰ্যন্ত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এশৰো অধিক প্ৰাৰ্থীক সম্বৰ্ধনা জনোৱা হয় গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত৷