মহানগৰীত মানুহৰ ঘৰত আশ্রয় ল'লেহি ক্লান্ত নাহৰফুটুকীয়ে
'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদক, ২৭ ডিচেম্বৰঃ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত বাঘৰ বিচৰণ নতুন কথা নহয়। গুৱাহাটীৰ বিভিন্ন অঞ্চলত প্ৰায়ে খাদ্যৰ সন্ধানত বনাঞ্চল পৰা বাঘ ওলাই অহা দেখিবলৈ পোৱা যায়। গুৱাহাটীৰ পাহাৰীয়া অঞ্চলসমূহত বাঘ আৰু মানুহ একেলগে সহবাস কৰি আছে যদিও একাংশ লোকে বনাঞ্চল ধ্বংস কৰি বসবাস কৰি আছে। বানাঞ্চল আৰু পাহাৰ ধ্বংসৰ পৰিণতিত বাসস্থান হেৰুৱাইছে বন্যপ্ৰাণীসমূহে৷ ফলত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত দিনক দিনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। গুৱাহাটীৰ পাহাৰীয়া অঞ্চলসমূহত থকা নাহৰফুটুকী একপ্ৰকাৰ গৃহহীন হৈ পৰিছে। সেইহে গুৱাহাটীত সঘনাই মানুহ আৰু নাহৰফুটুকীৰ মাজত সংঘাত দেখিবলৈ পোৱা যায়। ইয়াৰ মাজতে গুৱাহাটী মহানগৰীৰ ভৰলুমুখ থানাৰ অন্তৰ্গত কুমাৰপাৰাত এটা পৰিয়ালৰ ঘৰত নাহফুটুকীৰ প্ৰৱেশক লৈ অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰিছে।
উল্লেখ্য যে মহানগৰীৰ কুমাৰপাৰাস্থিত কুমাৰ নাৰ্ছিং হোমৰ সমীপৰ ৰূপনগৰ পথৰ বাসিন্দা দিলীপ নাথৰ দুমহলীয়া ঘৰত শুকুৰবাৰে দিনৰ ১:৪৫ বজাত ঘৰৰ পিছফালৰ পৰা এটা প্ৰকাণ্ড ক্লান্ত নাহৰফুটুকী প্ৰৱেশ কৰি খটখটীত শুই থাকে। খটখটীত শুই থকা অৱস্থাত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰাত পৰিয়ালটোৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়ে। বন বিভাগ আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নাহৰফুটুকীটোক কৰায়ত্ত কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰে যদিও বাঘটোক কৰায়ত্ত কৰাত চূড়ান্তভাৱে ব্যৰ্থ হয়। উল্লেখ্য যে দুদিন পূৰ্বে নিৰ্মীয়মান গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙত ওলোৱা বাঘটো বুলি সন্দেহ কৰা হৈছিল যদিও বন বিভাগে এই বাঘটো সেইটো বাঘ নহয় বুলি স্পষ্ট কৰি দিয়ে। কুমাৰপাৰাত অহা বাঘটো সৰু আৰু গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙত ওলোৱা বাঘটো বহু ডাঙৰ বুলি বন বিভাগে স্পষ্ট কৰি দিয়ে। ইপিনে, বন বিভাগে বাঘটোক ট্ৰেংকোলাইজ কৰিবলৈ বাৰে বাৰে গুলী ফুটাই চূড়ান্তভাৱে ব্যৰ্থ হয়৷ বাঘটো দৌৰি ফুৰাৰ বাবেই বন বিভাগে বাঘটোক ট্ৰেংকোলাইজ কৰিবলৈ সক্ষম হোৱা নাছিল। শেহতীয়াকৈ বন বিভাগে বাঘটোক ট্ৰেংকোলাইজ কৰি সংজ্ঞাহীন কৰি ৰাজ্যিক চিৰিয়াখানাৰ হাস্পতাললৈ লৈ যায়। ইপিনে, বাঘটোক ট্ৰেংকোলাইজ কৰি সংজ্ঞাহীন কৰাৰ পাছত পৰিয়ালটোৱে স্বতিৰ নিশ্বাস লয়।