Logo
image

আৰটিআইৰ পৰা এনৰেগালৈ... ড॰ সিঙৰ উৰ্বৰ মস্তিষ্কৰ ফচল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ ডিচেম্বৰঃ ড॰ মনমোহন সিঙে দুবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল চম্ভালি (২০০৪ চনৰ পৰা  ২০১৪ চনলৈকে) নিজৰ দহ বছৰীয়া কাৰ্যকালত গণতন্ত্ৰৰ অমোঘ অস্ত্ৰ হিচাবে সাধাৰণ ভাৰতীয়ৰ হাতত তুলি দিলে– তথ্য জনাৰ অধিকাৰ আৰু সমগ্ৰ দেশৰে দৰিদ্ৰ জনতাৰ জেপত ন্যূনতম উপাৰ্জনৰ এক দিহা৷ তাৰ বাবে তেওঁ উদ্ভাৱন কৰিলে এমজিএনৰেগা আঁচনি৷ তদুপৰি সমাজৰ একেবাৰে দৰিদ্ৰ জনতা যাতে কেতিয়াও ভোকৰ তাড়নাত থাকিব লগা নহয় তাৰ বাবে ৰূপায়ণ কৰিলে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন৷ সেই আঁচনি এতিয়াও বিজেপি চৰকাৰে ৰূপায়ণ কৰি আছে৷ 



গৃহৰাজ্য অসমৰ বাবে তেওঁৰ বৰঙণিও অভূতপূৰ্ব৷ দীৰ্ঘদিনে ব্যক্তিগত খণ্ডত প্ৰতিষ্ঠা কৰিবলৈ গৈ আম্বানিগোষ্ঠী ব্যৰ্থ হোৱা গেছ ক্ৰেকাৰ প্ৰকল্পটো চৰকাৰৰ হাতলৈ আনি ভাৰত চৰকাৰৰ পৰা আৰম্ভণিতেই ৫০০০ কোটি টকা ৰাজসাহায্য প্ৰদান কৰি ডিব্ৰুগড়ত ‘গেইল’ৰ যোগেদি গেছ ক্ৰেকাৰ প্ৰকল্পটো ৰূপায়ণ কৰিলে৷ দ্বিতীয়তে, পশ্চিম অসমৰ ছালাকাটিত, প্ৰথমখন অগপ চৰকাৰৰ দিনৰে পৰা বন্ধ হৈ পৰি থকা পুৰণি অসম ৰাজ্যিক বিদু্যত পৰিষদৰ তাপবিদ্যুৎ কেন্দ্ৰটো ভাঙি সেই ঠাইতে, অসমৰ বাঢ়ি অহা বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সৰ্ববৃহৎ বিদ্যুৎ উৎপাদন কোম্পানী ‘এনটিপিচি’ৰ যোগেদি অত্যাধুনিক প্ৰযুক্তিৰে ১০০০ মেগাৱাটৰ নতুন কয়লা ভিত্তিক তাপবিদ্যুৎ উৎপাদন কেন্দ্ৰ এটা নিৰ্মাণ কৰিলে৷ তৃতীয়তে, গেডগিল ফৰ্মূলা অনুসৰিয়েই উন্নয়নৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য দূৰ কৰাৰ উদ্দেশ্যৰে অসম আৰু উত্তৰ পূৰ্বাঞ্চলক ‘বিশেষ ৰাজ্যৰ’ মৰ্যাদা প্ৰদান কৰিলে৷  চতুৰ্থতে, অসম আৰু উত্তৰ পূৰ্বাঞ্চলত উদ্যোগ আৰু বাণিজ্যৰ দ্ৰুত বিকাশ ত্বৰান্বিত কৰিবলৈ ‘নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট প্ৰম’চন নীতি, ২০০৭’ আঁচনিখন গ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ঠাইতে যিকোনো উদ্যোগিক উৎপাদন বা কৰ্মসংস্থান সৃষ্টি কৰিব পৰা বাণিজ্যিক প্ৰতিষ্ঠান সৃষ্টি কৰিলে আৰু বিভিন্নধৰণৰ ৰাজসাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিলে৷