Logo
image

ইউৰিক এচিডৰ সমস্যাত ভুগিছে নেকি? জানক কি কৰিব

আমাৰ অসম বিশেষঃ ইউৰিক এচিড বৃদ্ধি সম্প্ৰতি মানুহৰ বাবে এক ডাঙৰ ট্ৰেজেডি৷ শৰীৰত ইউৰিক এচিড বৃদ্ধি পোৱা মানে আপোনাৰ খাৱন-শোৱনত শান্তি নোহোৱা৷ ইউৰিক এচিডৰ উচ্ছ মাত্ৰাৰ উপস্থিতিৰ বাবে গোটেই নিশা আপুনি বিষত কোঙা হ’ব পাৰে৷ সময়ৰ লগে লগে শৰীৰৰ অস্থি-সন্ধিত ইউৰিক এচিড  জমা হ’ব পাৰে আৰু সেইবিলাক স্থানত প্ৰচণ্ড বিষ অনুভৱ হয় আৰু ই মানুহৰ বাবে চৰম ট্ৰেজেডি কঢ়িয়াই আনিব পাৰে৷ ইউৰিক এছিডৰ উপস্থিতিৰ ফলত উচ্ছ ৰক্তচাপ, প্ৰচণ্ড বিষ,কিডনীৰ সমস্যাকে ধৰি নানান জটিল অসুখত ভোগা দেখা যায়৷ স্বাভাৱিকভাৱে শৰীৰৰ ইউৰিক এচিডৰ নিৰ্দিষ্ট মাত্ৰা হ’ল এনেধৰণৰ– 

পুৰুষৰ ক্ষেত্ৰত ৩.৪–৭.০ mg/dL

মহিলাৰ ক্ষেত্ৰত ২.৪–৬.০ mg/dL

এই নিৰ্দিষ্ট পৰিমাণতকৈ অধিক হ’লে তাক নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজন৷ শৰীৰৰ ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ ৰখাত খুব কাৰ্যকৰী হোৱা এক উপাদান হ’ল আপেল চাইডাৰ ভিনেগাৰ৷ ইয়াৰ দাম খুব বেছি নহয়৷ ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত আপেল চাইডাৰ ভিনেগাৰে কিদৰে সহায় কৰে জানো আহক–

প্ৰথমে চাহ চামুচেৰে এচামুচ ভিনেগাৰ লওক৷ এগিলাচ পানীৰ সৈতে মিশ্ৰণ কৰি তাক পান কৰক৷ দৈনিক অন্ততঃ দুই-তিনিবাৰ এই মিশ্ৰণ নিয়মিত পান কৰক৷ শৰীৰত কোনো দূষিত পদাৰ্থ জমা হ’লে আপেল চাইডাৰ ভিনেগাৰে অত্যন্ত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ বিশুদ্ধ আপেল চাইডাৰ ভিনেগাৰে ইউৰিক এচিডৰ বন্ধন ভাঙি দিয়ে৷ লগতে শৰীৰত এচিডকে ধৰি দূষিত পদাৰ্থ জমা হোৱাত বাধা দিয়ে৷ সেয়ে প্ৰতি দিনে অন্ততঃ তিনি লিটাৰ পানী খাব পাৰিলে শৰীৰত ইউৰিক এছিড জমা হ’ব নোৱাৰে৷ 

ইউৰিক এছিডৰ সমস্যাত ভুগিলে খাদ্য খোৱাৰ ক্ষেত্ৰত কিছু পৰিমাণে নিজকে নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজন৷ উচ্ছ প্ৰটিনযুক্ত খাদ্য যেনে– মাছ-মাংস, মচুৰ দাইল, ৰাজমাহ, বন্ধাকবি, সতেজ পাচলি [যেনে- পালেং শাক] খোৱাৰ পৰা বিৰত থাকিব পাৰিলে ভাল৷ এইদৰে ৰেড মীট, ৰেড ৱাইন, সাগৰীয় মাছ এৰাই চলিব পাৰিলে ভাল৷