হাউছ নং ৩৯৮৯... ২৮ বছৰে ভাৰা দি থকা সৰুমটৰীয়াৰ ঘৰটো
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ ডিচেম্বৰঃ এটা ভাৰাঘৰ– হাউছ নং-৩৯৮৯, নন্দন নগৰ, সৰুমটৰীয়া, গুৱাহাটী৷ বৃহস্পতিবাৰে নিশাৰে পৰা পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই ভাৰাঘৰটো৷ হাউছ নং-৩৯৮৯১ দুই মহলীয়া বাসগৃহটোৰ প্ৰথম মহলাৰ দুটা কোঠাৰ উক্ত ভাৰাঘৰটোৰ দুৱাৰৰ নাম ফলকত ইংৰাজীত লিখা আছে ড॰ মনমোহন সিং৷ এই ভাৰাঘৰটোৱেই হৈছে সদ্যপ্ৰয়াত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, বিশিষ্ট অৰ্থনীতিবিদ তথা অসমৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ড॰ মনমোহন সিঙৰ চৰকাৰী আৱাসিক ঠিকনা৷ এই ভাৰাঘৰটোকে ঠিকনা হিচাপে লৈ ড॰ মনমোহন সিঙে ১৯৯১ চনত প্ৰথমবাৰলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ চৰকাৰৰ কাৰ্যকালত কেন্দ্ৰীয় বিত্তমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল৷ আনকি ২০০৪ চনত প্ৰধানমন্ত্ৰী হিচাপে শাসনৰ ভাৰ লোৱাৰ সময়তো ড॰ মনমোহন সিঙৰ ঠিকনা আছিল গুৱাহাটীৰ সৰুমটৰীয়াৰ উক্ত ভাৰাঘৰটোৱেই৷ গুৱাহাটী তথা অসমলৈ যেতিয়াই আহিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে সৰুমটৰীয়াৰ ভাৰাঘৰটোলৈ এপাক নোযোৱাকৈ নাথাকিছিল৷ সৰুমটৰীয়াৰ ভাৰাঘৰটোত উপস্থিত হৈ মনমোহন সিঙে সদায় কৈছিল– ‘মই মোৰ নিজৰ ঘৰলৈ আহিছোঁ৷’ মনমোহন সিঙৰ এই বক্তব্যৰ কথা শুৱৰিছে ভাৰাঘৰটোৰ মালিক প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সহধৰ্মিনী হেমপ্ৰভা শইকীয়াই৷
উল্লেখ্য, হেমপ্ৰভা শইকীয়াৰ নামত থকা সৰুমটৰীয়া বাসগৃহৰ চৌহদতে থকা দুই মহলীয়া এটা বাসগৃহৰ দুটা কোঠা ভাৰালৈ লৈছিল মনমোহন সিঙে৷ প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়াই জানিবলৈ দিয়া অনুসৰি– ১৯৯১ চনত তদানীন্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে ড॰ সিঙক ৰাজনীতিলৈ আনি বিত্তমন্ত্ৰীৰ দায়িত্ব দিয়াৰ কথা চিন্তা কৰিছিল৷ এই চিন্তাৰ কথা প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী, তেওঁৰ স্বামী হিতেশ্বৰ শইকীয়াৰ সৈতে আলোচনা কৰিছিল৷ আৰু তেতিয়াই হিতেশ্বৰ শইকীয়াই অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে মনমোহন সিঙক প্ৰেৰণ কৰাৰ দায়িত্ব লৈছিল৷ অৱশ্যে তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পৰিয়ালৰ সৈতেহে সেই সময়ত মনমোহন সিঙৰ কিছু চিনা-জনা আছিল যদিও ড॰ সিঙৰ অসমৰ সৈতে প্ৰত্যক্ষ কোনো সম্পৰ্ক নাছিল৷ বৰ্তমানৰ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত জন্মগ্ৰহণ কৰা ড॰ মনমোহন সিঙক অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে প্ৰেৰণ কৰাক লৈ সেই সময়ত ৰাজনৈতিক মহলত বিতৰ্ক তথা আদালতত গোচৰ ৰুজু হোৱাত ড॰ সিঙক ঠিকনা হিচাপে হিতেশ্বৰ শইকীয়াই নিজৰ বাসগৃহৰ দুটা কোঠা ভাৰালৈ দিছিল৷ সৰুমটৰীয়াৰ হাউছ নং-৩৯৮৯ ভাৰাঘৰটোকে ঠিকনা হিচাপে দেখুৱাই মনোনয়ন-পত্ৰ দাখিল কৰি অৰ্থনীতিবিদজনে ৰাজ্যসভাৰ সাংসদ হিচাপে জয়ী হৈছিল৷ মনমোহন সিঙৰ সৈতে সান্নিধ্যৰ কথা সুঁৱৰি হেমপ্ৰভা শইকীয়াই কয়– ‘মনমোহন সিং বিশাল মনৰ এজন সাধাৰণ মানুহ আছিল৷ যেতিয়াই তেওঁ ইয়ালৈ আহিছিল, তেতিয়াই ঘৰুৱাভাৱে আমাৰ লগত থকা-খোৱা কৰিছিল৷ মোৰ স্বামীৰ মৃত্যুৰ পাছত বহুতে তেওঁক অসমত পৃথককৈ এটা বিলাসী এপাৰ্টমেণ্ট ক্ৰয়ৰ প্ৰস্তাৱ দিছিল৷ তেতিয়া ড॰ সিঙে কৈছিল– এই ঘৰটোৱে তেওঁক অসমৰ সৈতে সংযোগ কৰিছে৷ তেওঁ কেতিয়াও ইয়াক সলনি কৰাৰ কথা চিন্তা কৰা নাই৷ ড॰ মনমোহন সিঙে সদায়ে সময়মতে চেকযোগে ভাৰা আদায় দিছিল৷ এবাৰ প্ৰধানমন্ত্ৰী হৈ থাকোঁতে তেওঁ ভাৰাৰ চেক প্ৰেৰণ কৰিছিল যদিও চেকখন আমি বেংকত জমা দিবলৈ পাহৰি গৈছিলোঁ৷ তেতিয়া তেওঁ এখন দীঘলীয়া চিঠি লিখি পুনৰ নতুনকৈ আন এখন চেক পঠাই দি ভাৰাৰ ধনখিনি উলিয়াই ল’বলৈ কৈছিল৷ শেষবাৰ তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ভোট দিবলৈ গুৱাহাটীলৈ আহিছিল৷ তেওঁৰ ভোটাধিকাৰ আছে ৫২নং দিছপুৰ বিধানসভা সমষ্টিত৷ সেইবাৰ তেওঁ আমাৰ ঘৰলৈ আহি দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰিছিল৷’ অন্তঃমুখী স্বভাৱৰ ব্যক্তি মনমোহন সিঙে এবাৰ গুৱাহাটীৰ ভাৰাঘৰটো সলনি কৰাৰ কথাও ব্যক্ত কৰিছিল সাংবাদিকৰ আগত৷ গুৱাহাটীৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিকৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত সাংবাদিকৰ ফালৰ পৰা মনমোহন সিঙক গুৱাহাটীত নিজাকৈ এটা ঘৰ সজাৰ প্ৰস্তাৱ দিছিল৷ তেতিয়া মনমোহন সিঙে গুৱাহাটীতে ঘৰ এটা সাজিব লাগিব বুলিও সাংবাদিকৰ দলটোৰ আগত ব্যক্ত কৰিছিল৷ অৱশ্যে, গুৱাহাটীত এটা ভাৰাঘৰ থাকিলেও নতুন দিল্লীত মনমোহন সিঙৰ দুটাকৈ ফ্লেট আছে৷