Logo
image

অসমে পাহৰিব নোৱৰা অৱদান দি গ’ল মনমোহন সিঙে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈ দুটাকৈ কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰা ড॰ মনমোহন সিঙে অসমলৈ আগবঢ়াই থৈ গৈছিল বহু অৱদান৷ ১৯৯১ চনৰ পৰা ২০১৯ চনলৈ পাঁচবাৰকৈ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হোৱা ড॰ সিঙে প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰিয়েই ২০০৫ চনত কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু আছুৰ লগত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি অসম চুক্তিক বিশেষ মাত্ৰা প্ৰদান কৰিছিল৷ প্ৰধানমন্ত্ৰী মনমোহন সিঙেই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে সিদ্ধান্ত লোৱাৰ লগতে অসম-বাংলাদেশ সীমান্ত ছীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ দহ বছৰীয়া কাৰ্যকালত গণতন্ত্ৰৰ অমোঘ অস্ত্ৰ হিচাপে দেশবাসীৰ হাতত তুলি দিছিল তথ্য জনাৰ অধিকাৰ আইন৷ 

সমগ্ৰ দেশৰে খাটিখোৱা জনতাৰ জেপত ন্যূনতম উপাৰ্জনৰ  বাট মুকলি কৰি উদ্ভাৱন কৰিছিল এনৰেগা আঁচনি৷ সমাজৰ দৰিদ্ৰ জনতাৰ পেটৰ ভোকৰ নিবাৰণৰ বাবে প্ৰধানমন্ত্ৰী মনমোহন সিঙে ৰূপায়ণ কৰিছিল ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন৷ কেৱল দেশৰ জনতাই নহয়, অসমবাসীৰ বাবে কেতিয়াও পাহৰিব নোৱৰা অৱদান আগবঢ়াই থৈ গৈছিল প্ৰধানমন্ত্ৰী সিঙে৷ একালৰ সন্ত্ৰাসজৰ্জৰ, চৰকাৰী কৰ্মচাৰীক মাহেকৰ দৰমহা টকাকেইটাও দিবলৈ সক্ষম নোহোৱা অসমক কাৰ্যতঃ চৰম বিত্তীয় সংকতৰ পৰা উদ্ধাৰ কৰিছিল ড॰ মনমোহন সিঙে৷ এক কথাত ক’বলৈ অসমৰ বিকাশৰ লাইখুটা নিৰ্মাণ কৰি দিছিল ড॰ সিঙে৷ 



পূৰ্বতে অসমে কেন্দ্ৰৰ ফাইনেঞ্চ কমিচন  অৰ্থাৎ বিত্ত আয়োগৰ পৰা মাত্ৰ ১০০ কোটি টকাহে অনুদান লাভ কৰিছিল৷ এই টকা ড॰ মনমোহন সিঙে একেকোবে ১,৫০০ কোটি টকালৈ বৃদ্ধি কৰি অসমক বৃহৎ সকাহ দিছিল৷ একেদৰে তেওঁ ২০১৩-১৪ চনত অসমৰ বাবে পৰিকল্পনা আয়োগৰ পৰা ২১,০০০ কোটি টকাৰ অনুমোদনত অনুমোদন দিছিল৷ অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দি অসমৰ বাবে ৯০ঃ১০ কেন্দ্ৰীয় অনুদানৰ ব্যৱস্থা কৰিছিল, য’ত ৯০ শতাংশ বা এশ শতাংশই আছিল কেন্দ্ৰীয় পুঁজি৷ অসমক নিজৰ মাতৃভূমি বুলি জ্ঞান কৰা ড॰ মনমোহন সিঙে  ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা পুঁজি বিচাৰিলে বহু সময়ত বিচৰা পুঁজিতকৈও অধিক ধন অনুমোদন দিছিল৷  ড॰ সিঙৰ সাংসদ উন্নয়ন পুঁজিৰে অসমৰ বহু চৰকাৰী শিক্ষানুষ্ঠানৰ আটকধুনীয়া নিৰ্মাণ সম্ভৱ হৈছিল৷ অসমত ক্ৰীড়াৰ বৃহৎ আন্তঃগাঁথনিৰ নিৰ্মাণ সম্ভৱ হৈছিল৷  

তদুপৰি গেছ ক্ৰেকাৰ প্ৰকল্পটো চৰকাৰৰ হাতলৈ আনি ভাৰত চৰকাৰৰ পৰা আৰম্ভণিতেই ৫,০০০ কোটি টকা ৰাজসাহায্য প্ৰদান কৰি ডিব্ৰুগড়ত ‘গেইল’ৰ যোগেদি গেছ ক্ৰেকাৰ প্ৰকল্প ৰূপায়ণ কৰিছিল ড॰ সিঙে৷ পশ্চিম অসমৰ ছালাকাটিত অগপ চৰকাৰৰ দিনৰে পৰা বন্ধ হৈ পৰি থকা পুৰণি  তাপবিদ্যুৎ কেন্দ্ৰটো ভাঙি সেই ঠাইতে, অসমৰ বাঢ়ি অহা বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সৰ্ববৃহৎ বিদ্যুৎ উৎপাদন কোম্পানী এন টি পি চিৰ যোগেদি অত্যাধুনিক প্ৰযুক্তিৰে ১,০০০ মেগাৱাটৰ নতুন কয়লাভিত্তিক তাপবিদ্যুৎ উৎপাদন কেন্দ্ৰ নিৰ্মাণ কৰিছিল৷ গেডগিল ফৰ্মূলা অনুসৰিয়েই উন্নয়নৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য দূৰ কৰাৰ উদ্দেশ্যৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক ‘বিশেষ ৰাজ্যৰ’ মৰ্যাদা প্ৰদান কৰিছিল৷ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগ আৰু বাণিজ্যৰ দ্ৰুত বিকাশ সূচল কৰিবলৈ নৰ্থ-ইষ্ট ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট প্ৰমোচন পলিচী-২০০৭ ৰূপায়ণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ যিকোনো ঠাইতে যিকোনো উদ্যোগিক উৎপাদন বা কৰ্মসংস্থান সৃষ্টি কৰিব পৰা বাণিজ্যিক প্ৰতিষ্ঠান সৃষ্টি কৰিলে বিভিন্ন ধৰণৰ ৰাজসাহায্য প্ৰদানৰ পথ মুকলি কৰি দিছিল সদ্য প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে৷