
পানীৰ দৰত বিক্ৰী হৈছে পাচলি, কৃষকৰ হাহাকাৰ
'আমাৰ অসম'ৰ খাৰুপেটীয়াৰ প্ৰতিবেদক, ২৮ ডিচেম্বৰঃ খাৰুপেটীয়াত কেইটামান টকা খৰচ কৰিলেই মোনা ভৰাই ক্ৰয় কৰিব পাৰিব সতেজ পাচলি৷ কেইদিনমান পূৰ্বে যি পাচলি খাৰুপেটীয়াত ৩০-৪০ টকা দৰত বিক্ৰী হৈছিল সেই পাচলি আজিৰ তাৰিখত বিক্ৰীৰ বাবে বোন্দাপৰ দিব লগীয়া হৈছে কৃষক৷ উচিত দামত বিক্ৰী কৰিব নোৱাৰি উচুপি উঠিছে বহু কৃষক৷ পেলাবলগীয়া হৈছে বহু পাচলি৷ অৰ্থাৎ ২০-৩০ টকীয়া পাচলি বৰ্তমান খাৰুপেটীয়া বালুগাও পাইকাৰী পাচলি বজাৰত ৩- ৪ টকা দৰত বিক্ৰী হৈছে প্ৰতি কিলোত৷ উচ্চ দামত গোৱৰ সাৰ, ঔষধ, হাজিৰাত আদি হাজাৰ টকা খৰচ কৰি উৎপাদন কৰা পাচলি বৰ্তমান বজাৰত বিক্ৰী হৈছে অতি কম দামত৷
মাত্ৰ কেইদিন মান পূৰ্বে যি ফুলকবি ৩০-৪০ টকা দামত বিক্ৰী হৈছিল আজিৰ বজাৰত সেই ফুলকবি প্ৰতি কেজিত বিক্ৰী হৈছে ৩-৫ টকাত৷ লগতে প্ৰতি কেজি বন্ধাকবি বিক্ৰী হৈছে ৮-১০ টকা, মূলা ৩-৫ টকা, বেঙেনা ৮-১২ টকা৷ বৰ্তমান খাৰুপেটীয়াৰ বালুগাও পাচলি বজাৰত বিলাহী ২৫ -৩০ টকা, তিয়ঁহ ৩০-৩৫ টকা, কেৰালা ৩৫-৪০ টকা, জলকীয়া ৩০-৩৫ টকা, ওলকবি ১৫-২০ টকা, গাজৰ ৩০-৩৫ টকা, ৰঙালাউ ১০ টকা, উৰহী ১০-১৫ টকা, কেপচিকাম ৩০-৩৫ টকা, ব্ৰকলি ২০-২৫ টকা, মটৰ ৩৫-৪০ টকাত বিক্ৰী হৈছে৷ শ্ৰমৰ বিনিময়ত পাচলিৰ উচিত দাম নোপোৱাত কৃষকৰ মাজত লাগিছে হাহাকাৰ। উল্লেখযোগ্য যে দৰঙৰ নিজ-খাৰুপেটীয়াত কৃষক ৰাইজৰ সুবিধাৰ্থে এটি শীতলীকৰণ ভৰাল নিৰ্মাণ কৰা হৈছিল যদিও উক্ত ভৰালটো আজিলৈ কাৰ্যক্ষম নোহোৱাৰ বাবে কৃষকে সতেজ পাচলি পানীৰ দামত বিক্ৰী কৰি মূৰে-কঁপালত হাত দিব লগীয়া হয়।