
অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত 'বছৰৰ শেষ কুইজ সমাৰোহ'
'আমাৰ অসম', গুৱাহাটী, ২৮ ডিচেম্বৰঃ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত 'বুক কালচাৰ' নামৰ অনুষ্ঠানৰ উদ্যোগত শনিবাৰে বছৰৰ শেষৰ কুইজ সমাৰোহ আয়োজন কৰা হয়। 'অৰ'বৰ'ছ' শীর্ষক কুইজ প্ৰতিযোগিতা পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ মুকলি কৰে বিশিষ্ট লেখক, সাংস্কৃতিক কর্মী গোপাল জালানে। তেওঁ ভাষণত কয় যে 'বুক কালচাৰে' তৃতীয়বাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাত নতুন প্ৰজন্মৰ বাবে আদর্শ। তেওঁলোকে নতুন প্ৰজন্মৰ মাজত জ্ঞান আহৰণৰ আদর্শ দাঙি ধৰিছে। বুক কালচাৰে নতুন প্ৰজন্মক আগুৱাই নিব বুলি আশা কৰিলোঁ। বছৰৰ শেষত কণ কণ শিশুসকলক অভিভাৱকসকলে এই প্ৰতিযোগিতাৰ বাবে উলিয়াই অনাৰ বাবে ধন্যবাদ জনালোঁ।
'স্কুল অৱ থট্ছ' শিতানত নিম্নতম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অলশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ কুইজ মাষ্টাৰ হিচাপে হিচাপে থাকে ভৃগু তালুকদাৰ আৰু জিতাদিত্য নাৰ্জাৰী। পুৱা ১১:৩০ বজাৰ পৰা 'কমিউনিটাৰ শিতান'ত মুক্ত ক্ৰীড়া কুইজ (পপ সংস্কৃতিত ক্ৰীড়া) অনুষ্ঠিত হয়। এই শিতানত কুইজ মাষ্টাৰ হিচাপে থাকে ৰুদ্ৰ ডেকা আৰু নয়নজ্যোতি মেধি। দিনৰ ২:০০ বজাত 'আড্ডা- বছৰৰ শেষৰ সকলোৰে বাবে মুকলি কুইজ' শিতানত কুইজ মাষ্টাৰ হিচাপে থাকে দীপাঞ্জন দেৱ আৰু শোভিক ভট্টাচাৰ্য। এই প্ৰতিযোগিতাত বিজয়ীসকলক মুঠ ৩৬ হাজাৰ টকাৰ পুৰস্কাৰ দিয়াৰ লগতে অন্যান্য উপহাৰ দিয়া হয়। প্ৰতিযোগিতাত প্ৰায় ৫ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।