
যোৰহাটত অঞ্জল গ্ৰাম্য সংগঠনৰ প্ৰতিষ্ঠা দিৱস পালন
ডিজিটেল সংবাদ, বৰহোলা, ২৮ ডিচেম্বৰঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, উত্তৰ-পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত অঞ্জল গ্ৰাম্য সংগঠনৰ উদ্যোগত শুকুৰবাৰে যোৰহাট জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ সহযোগত একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগতে ধঁপাত বিৰোধী সজাগতা সভাৰ আয়োজন কৰা হয়৷ বৰহুজ গাঁৱৰ ৰংঘমঞ্চ প্ৰেক্ষাগৃহত পুৱা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নামঘৰীয়া ৰামেশ্বৰ দাসে। সম্পাদিকা ৰশ্মিৰেখা দাসে উদ্দেশ্য ব্যাখ্যা কৰা আৰু সংযোগ সখী মিনু কুমাৰী বৰাই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে বাল্যবিবাহ প্ৰতিৰোধ, ৰাগিয়াল দ্ৰব্য সেৱনৰ অপকাৰিতা, শিশু শ্ৰমিক প্ৰতিৰোধ সম্পৰ্কীয় শ্ল'গানেৰে শোভাযাত্ৰা কৰে।
গ্ৰাম্য সংগঠনটোৱে বৰহুজ যুৰীয়া নামঘৰলৈ সামগ্ৰী দান কৰাৰ লগতে নমামী মণ্ডল সংগঠনৰ নাৰী কোষলৈ অনুদান আগবঢ়োৱাৰ উপৰি ২২গৰাকী বৰ্ষীয়ানক সম্বৰ্ধনা আৰু ১৮ গৰাকী মহিলাক উৎসাহিত পত্ৰ প্ৰদান কৰে। সভাত ধপাত নিয়ন্ত্ৰণ কোষৰ দীপ্তি শইকীয়া, দীপক হাজৰিকা, ডি চি পিউৰ অংকুৰ ৰাজখোৱা,যাদৱ দত্ত, সাংবাদিক ৰমেন শইকীয়া, প্ৰশান্ত গায়ন, পঞ্চায়তৰ বিষয়ববীয়া ভৰত হাজৰিকা, আশা চুপাৰভাইজাৰ দীপালী বনিয়া, অংগনবাডী ছুপাৰভাইজাৰ মীনাক্ষী গগৈ স্থানীয় ৰাইজ, সমন্বয়ৰ গ্ৰাম্য সংগঠনৰ সদস্যা, সমল ব্যক্তিসকলৰ লগতে আত্মসহায়ক গোটৰ শতাধিক মহিলা উপস্থিত থাকে। ভি অ চি চিৰ ক'অৰডিনেটৰ জোনালী পাত্ৰৰ লগতে সমূহ সদস্যা, গ্ৰাম্য সংগঠনৰ সদস্যাসকলে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়।