
বাঘৰ পৰা কেনেকৈ বাচিব? দিহা দিলে বিধায়ক অতুল বৰাই
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ডিচেম্বৰঃ বাঘৰ পৰা কেনেদৰে বাচি থাকিব পাৰি তাৰ বাবে দিহা দিলে দিছপুৰৰ বিধায়ক অতুল বৰাই৷ শনিবাৰে সংবাদ মেল পাতি মানুহক বাঘৰ আক্ৰমণৰ পৰা সাৰিবৰ বাবে মুখা পিছমুৱাকৈ পিন্ধি লোৱাৰ পৰামৰ্শ দি কয়– বাঘে কেতিয়াও সন্মুখৰ পৰা আক্ৰমণ নকৰে৷ য’ত যিমান বাঘে আক্ৰমণ কৰাৰ ঘটনা দেখা গৈছে সকলোবোৰ পিছ ফালৰ পৰা হৈছে৷ মুখা এখন পিছফালৰ মুৱাকৈ লগাই ল’লে ভয় কৰিব বাঘে৷ গুৱাহাটীৰ আশে পাশে কেইবাটাও বাঘৰ আক্ৰমণৰ ঘটনা হৈছে৷ সুন্দৰবনতো বাঘ যথেষ্ট আছিল৷ সুন্দৰবনৰ দাতি কাষৰীয়া ঠাইৰ নদী, জান-জুৰিত মাছ মাৰিবলৈ যোৱাৰ সময়ত মাছমৰীয়াসকলে মূৰৰ পিছফালে মুখা একোখন পিন্ধি লৈছিল৷
তেওঁ আৰু কয়– মানুহে কৈ থাকে মানুহৰ ঘৰত বাঘ সোমোৱা বুলি৷ বাঘ মানুহৰ ঘৰত সোমোৱা নাই, মানুহহে বাঘৰ ঘৰত সোমাইছে৷ হাবি-জংঘল কাটি পাহাৰ কাটি মানুহে বাঘৰ ঘৰত সোমাইছে৷ সেই কাৰণে গুৱাহাটীত য’তে ত’তে বাঘ ওলাইছে৷ তেওঁ আৰু কয়– অসমত ১৬ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ মাজত মোবাইল নিষিদ্ধ হ’ল লাগে৷ সামাজিক মাধ্যমৰ ব্যৱহাৰো এই বয়সৰ কিশোৰ-কিশোৰীৰ বাবে বন্ধ হ’ব লাগে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ১৬ বছৰৰ অনূধবৰ্ৰ ল’ৰা-ছোৱালীৰ বাবে মোবাইল নিষিদ্ধ কৰাৰ আৰ্জিৰে এখন পত্ৰ প্ৰেৰণ কৰাৰ কথা সদৰি কৰি বিধায়কজনে আৰু কয়– দেশত দৈনিক সংঘটিত অপৰাধজনিত ঘটনাৰ মূলতে মোবাইলৰ ব্যৱহাৰ৷ মোবাইলে কৰ্মবিমূখ কৰিছে নৱপ্ৰজন্মক৷ মোবাইলে কাঢ়ি নিছে খেলা-ধূলা৷ এতিয়া মোবাইলে হৈ পৰিছে এটা প্ৰজন্মৰ বাবে হাঁহি-কান্দোন, পৃথিৱী৷ এইটো প্ৰজন্মৰ বাবে যেন মোবাইলে মা-বাপ, মোবাইলে সকলো৷ অসমক নিঃশেষ কৰিছে মোবাইলৰ অবাধ ব্যৱহাৰে৷ বিধায়কজনে অষ্ট্ৰেলিয়াৰ সংসদত গৃহীত হোৱা সামাজিক মাধ্যম ব্যৱহাৰৰ কঠোৰ নীতিৰো উদাহৰণ দাঙি ধৰে৷