Logo
image

সম্পৰ্কৰ অৱনতি, গ্ৰন্থমেলাত নাই বাংলাদেশৰ বিপণী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ ডিচেম্বৰঃ শুকুৰবাৰৰে পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত অসম গ্ৰন্থমেলা হৈছে ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰন্থানুৰাগী তথা¸ পঢ়ুৱৈৰ বৌদ্ধিক চিন্তা আৰু আশা ভৰসাৰ স্থল৷ কিয়নো অসম গ্ৰন্থমেলাত দেশ-বিদেশৰ নামী-দামী প্ৰকাশক তথা বিক্ৰেতা সংস্থাই বিপণী দিয়াত অসমেই নহয়, সমগ্ৰ  উত্তৰ-পূৰ্বৰ পঢ়ুৱৈসকলে গ্ৰন্থ মেলাখনলৈ বছৰ জুৰি অপেক্ষা কৰি থাকে৷ পূৰ্বতে গুৱাহাটীৰ চানমাৰিৰ অসম  অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলা এইবাৰ অনুষ্ঠিত হৈছে মহানগৰীৰ খানাপাৰাৰ খেলপথাৰত৷ 

গুৱাহাটীৰ এই আভিজাত গ্ৰন্থমেলাখনত প্ৰতিবছৰেই অংশ লৈছিল বাংলাদেশৰ একাধিক গ্ৰন্থ বিক্ৰেতা প্ৰতিষ্ঠানে৷ অসম গ্ৰন্থমেলাৰ অন্যতম আকৰ্ষণ আছিল বাংলাদেশৰ গ্ৰন্থ বিপণী৷ এই গ্ৰন্থমেলাখনে চুবুৰীয়া ৰাষ্ট্ৰখনৰ ভাষা সাহিত্যৰ সোৱাদ ল’বলৈ সুযোগ দিছিল অসমৰ পঢ়ুৱৈ সমাজক৷ কিন্তু এইবাৰ যেন অসম গ্ৰন্থমেলাত সেই আকৰ্ষণ নাই৷ অসম গ্ৰন্থমেলাত অংশ লোৱা নাই বাংলাদেশৰ কোনো গ্ৰন্থ প্ৰকাশক তথা বিক্ৰেতা প্ৰতিষ্ঠানে৷ বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত ভাৰত-বাংলাদেশ দুয়োখন ৰাষ্ট্ৰই ভিছা প্ৰদান বন্ধ ৰখাত গুৱাহাটীৰ গ্ৰন্থমেলাত বাংলাদেশৰ কোনো গ্ৰন্থ বিক্ৰেতা প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিব নোৱাৰিলে বুলি জানিব পৰা গৈছে৷ 



উল্লেখ্য, চুবুৰীয়া বাংলাদেশত বিগত আগষ্ট মাহৰ পৰা ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে৷ ছাত্ৰ বিক্ষোভৰ ফলত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পলায়ন কৰি ভাৰতত আশ্ৰয় ল’বলগীয়া হৈছে৷ বৰ্তমান বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হৈছে যদিও ঠায়ে ঠায়ে সংখ্যালঘুৰ ওপৰত আজিও আক্ৰমণ অব্যাহত আছে৷ অৱশ্যে, বাংলাদেশত এই অস্থিৰতা অব্যাহত থাকিলেও অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাই বাংলাদেশৰ প্ৰকাশন গোষ্ঠীসমূহক গুৱাহাটী গ্ৰন্থমেলাত অংশ লোৱাৰ বাবে চিঠি প্ৰেৰণ কৰিছিল৷ কিন্তু অসম গ্ৰন্থমেলাৰ আয়োজক সমিতিয়ে বাংলাদেশৰ প্ৰকাশন গোষ্ঠীলৈ চিঠি প্ৰেৰণ কৰিছিল যদিও ভাৰতৰ ভিছা অনুমোদন নোপোৱাৰ বাবেই চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰকাশন গোষ্ঠীসমূহে গুৱাহাটী গ্ৰন্থমেলাত অংশ লোৱাৰ পৰা বঞ্চিত হয়৷ 

অৱশ্যে আয়োজক সমিতিয়ে গুৱাহাটীস্থ সহকাৰী উচ্ছায়ুক্তৰ জৰিয়তে বাংলাদেশ চৰকাৰ তথা ভাৰত চৰকাৰৰ সৈতে কোনো যোগাযোগ কৰা নাছিল বুলি জানিব পৰা গৈছে৷ অথচ বিগত বৰ্ষৰ অসম গ্ৰন্থমেলাত বাংলাদেশৰ ১০ টাকৈ প্ৰকাশক তথা বিক্ৰেতা সংস্থাই অংশগ্ৰহণ কৰিছিল৷ কেৱল অসম গ্ৰন্থমেলাই নহয়, আগৰতলা গ্ৰন্থমেলাতো এইবাৰ বাংলাদেশৰ কোনো গ্ৰন্থ বিক্ৰেতা সংস্থাই অংশ নলয় বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, ৭ জানুৱাৰীলৈ চলিবলগীয়া অসম গ্ৰন্থমেলাত এইবাৰ ডেৰ শতাধিক বিপণীয়ে অংশগ্ৰহণ কৰিছে৷ অৱশ্যে ভাৰতৰ কেইবাখনো ৰাজ্যৰ প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে যদিও কোনো বিদেশী প্ৰতিষ্ঠানে অংশ লোৱা নাই এইবাৰৰ অসম গ্ৰন্থমেলাত৷