Logo
image

ধৰ্মৰ নামত ব্যৱসায় কৰিছে আজমলেঃ অখিল গগৈ

‘আমাৰ অসম’ৰ ডিমৌৰ প্ৰতিবেদক, ২৯ ডিচেম্বৰঃ  অসমত ধৰ্মৰ নামত ব্যৱসায় কৰি আছে বদৰুদ্দিন আজমলে৷ মুছলমান সাম্প্ৰদায়িক দলৰ চদাৰ্ৰ বদৰুদ্দিন আজমল৷ আজমলৰ এতিয়া নাও ডুবু ডুবু হৈছে৷ এই ইউ ডি এফে মুছলমানক লৈ ৰাজনীতি কৰিছে আৰু বিজেপিয়ে হিন্দুক লৈ ৰাজনীতি কৰিছে৷  চাচা-মামাৰ ৰাজনীতি আমি ভংগ কৰি দিছোঁ৷ বদৰুদ্দিন আজমলৰ ধৰ্মৰ ব্যৱসায় বন্ধ কৰি দিছোঁ৷ সেয়ে তেওঁৰ খং উঠিছে৷ বদৰুদ্দিন আজমলে মোৰ বিৰুদ্ধে বহুত বেয়া মন্তব্য কৰি আহিছে৷ এইবোৰ কথা কোৱাৰ বাবে বদৰুদ্দিন আজমলে মোক সন্মুখত পালেই বেয়া অৱস্থা কৰিব৷ এজন ধৰ্মগুৰুৰ ইমান খং উঠাটো ভাল কথা নহয়৷ ধৰ্মক লৈ ৰাজনীতি কৰিবলৈ যায় আজমলে৷ ডিমৌ জ্যোতি বিষ্ণু প্ৰকল্পত অনুষ্ঠিত ৰাইজৰ দলৰ ৰাজনৈতিক কৰ্মশালাত মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ 



শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে পঞ্চায়ত নিবাৰ্চনৰ প্ৰসঙ্গত কয় যে ২০২৬ চনত বিজেপিক পৰাজিত কৰিব লাগে তেতিয়া সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে পঞ্চায়ত নিবাৰ্চনটো খেলিব লাগে৷ পঞ্চায়ত নিবাৰ্চনত সকলো ঐক্যবদ্ধভাৱে খেলিলে আগন্তুক ২০২৬বিধানসভা নিবাৰ্চনত বিৰোধী ৰাজনৈতিক দলৰ কমীৰ্সকলৰ মাজত অন্তকৰণে আগবাঢ়ি যাব৷ উপ-নিবাৰ্চনৰ সময়ত কংগ্ৰেছক লৈ যি সংঘাত সৃষ্টি হৈছিল সেই সংঘাত দূৰ কৰিবলৈ হ’লে পঞ্চায়ত নিবাৰ্চনটো একেলগে খেলিব লাগিব৷ আটাইতকৈ আচৰিত কথা নিবাৰ্চনটো আহিলেই কংগ্ৰেছ দলটো আঁতৰি দিয়ে৷ নিবাৰ্চন যোৱাৰ পাছত আকৌ একেলগ হোৱাৰ প্ৰস্তাৱ দিয়ে৷ থাওৰাৰ উপ-নিবাৰ্চনত কংগ্ৰেছ দলটো আঁতৰি দিলে৷ তেওঁলোকেও খেলিলে আমিও খেলিলোঁ৷ কিন্তু বিজেপিৰ লাভ হ’ল৷ কংগ্ৰেছে বিজেপিক কেতিয়াও পৰাজিত কৰিব বিচৰা নাই৷ তেওঁলোকে সমষ্টিত হেৰুওৱা গণভিত্তি টনকিয়াল কৰিবৰ বাবেহে নিবাৰ্চনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে৷ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আকৌ এবাৰ নাটককেই কৰিব নে পঞ্চায়ত নিবাৰ্চনত একেলগ হ’ব নে নহ’ব সেয়ে লৈ মোৰ প্ৰশ্নৰ উদ্বেগ ঘটে৷ কংগ্ৰেছে ক্ৰীমখিনি খাব আৰু বাকলিকণ আমালৈ দলিয়াই দিব তেনেকুৱা বান্দৰৰ পিঠা ভগোৱা ৰাজনীতি আন্তৰিকতাৰে ল’ব নোৱাৰিম বুলি অখিল গগৈয়ে তাচ্ছিল্যসূচক মন্তব্য প্ৰদান কৰে৷ ইয়াৰ মাজতে আগন্তুক পঞ্চায়ত নিবাৰ্চন একেলগে খেলাৰ আহ্বান জনায় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ 

লগতে বিধায়কজনে সৰ্ববৃহৎ নদীবান্ধ প্ৰকল্পৰ বিষয়ে কয় যে চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত সৰ্ববৃহৎ নদীবান্ধ নিমাৰ্ণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাৰত চৰকাৰে অনতিপলমে চীন চৰকাৰৰ লগত কথা পাতি ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নিমাৰ্ণ কৰি থকা সৰ্ববৃহৎ নদীবান্ধ বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷ কোনোপধ্যেই অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিমাৰ্ণ কৰা নদীবান্ধ বন্ধ কৰিবই লাগিব৷ উত্তৰ-পূবাৰ্ঞ্চলক যাতে ধবংস কৰিব নোৱাৰে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব৷ অন্যথা দিল্লীস্থিত চীন দূতাবাসত ধৰ্ণা দিয়াৰ হুংকাৰ বিধায়ক অখিল গগৈৰ৷