
৫২৩নং তেমূৰা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপন, সাম্প্ৰদায়িকতাৰ বাবে ছাত্ৰ সমাজ হতাশ হৈছেঃ নৱনীল বৰুৱা
ডিজিটেল সংবাদ, বৰপেটা, ২৯ ডিচেম্বৰঃ ‘তেমূৰা’ নামটোৰ ‘ৰ’টোত পেট কটা আছে৷ ‘ৰ’টোৰ তলত বিন্দু নাই৷ তাৰ বাবে আজি নিজকে অসমীয়া হিচাপে গৌৰৱ কৰিছোঁ৷ আপোনালোকেও ইয়াক লৈ গৰ্ব কৰিব৷ আপোনালোকেও মোৰ সমানে অসমীয়া৷ এই মন্তব্য ৰাজ্যৰ বিশিষ্ট চিকিৎসক নৱনীল বৰুৱাৰ৷ দেওবাৰে বৰপেটা জিলাৰ সংখ্যালঘূ অধ্যূষিত তেমূৰাত এখন বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰিছে নৱনীল বৰুৱাই৷
তেমূৰা অঞ্চলত দেশ স্বাধীন হেৱাৰ পূৰ্বেই শিক্ষাৰ পোহৰ বিলাবলৈ একাংশ নিৰক্ষৰ লোকে স্থাপন কৰা ৫২৩নং তেমূৰা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ শেষৰ দিনা কাৰ্যসূচীৰ মুকলি সভাত নৱনীল বৰুৱাই এইখিনি লোকে একো নোহোৱা ঠাইত উৰ্বৰতা বৃদ্ধি কৰি অসমৰ গোটেই অৰ্থনৈতিক পৰিস্থিতি পৰিৱৰ্তন কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে৷ নৱনীল বৰুৱাই কয় যে এখন ১০০ বছৰীয়া স্কুল৷ আজি ইয়াত আহি পৰিস্থিতি দেখি কিছু কথা ভাবিছো৷ এশ বছৰ আগতে মানুহখিনিয়ে এটা বেলেগ ঠাইৰ পৰা উঠি অহাৰ বেছি দিন হোৱা নাছিল৷ বাধ্যত পৰি ইয়ালৈ আহিছিল বা অনা হৈছিল৷ এখন বেলেগ ঠাইৰ পৰি আহি একো নোহোৱা ঠাইত উৰ্বৰতা বৃদ্ধি কৰি অসমৰ গোটেই অৰ্থনৈতিক পৰিস্থিতি পৰিৱৰ্তন কৰিবলৈ সক্ষম হ’ল৷ ভাবি আচৰিত লাগে৷ তেমূৰা অঞ্চলটো এশ বছৰ আগতে কেনেকুৱা আছিল বুলি উল্লেখ কৰি বৰুৱাই কয় যে তেতিয়া তেমূৰাত বাট-পথ নাছিলেই৷ অনগ্ৰসৰ লোকসকলে এখন স্কুল খোলাৰ কথা ভাবিলে৷ শিক্ষা-দীক্ষা নথকা লোকে কোনোবাই মাটি দিলে, কোনোবাই ছান্দা দিলে৷ এই মানুহখিনিয়ে শিক্ষাৰ কথা বুজিলে৷ বিশিষ্ট চিকিৎসক নৱনীল বৰুৱাই এশ বছৰে আগতে যি সংখ্যালঘূ এলেকাত শিক্ষানুষ্ঠান গঢ়ি উঠিছিল সেই সংখ্যালঘূ অঞ্চলসমূহ শিক্ষাফালৰ পৰা আজিও পিছ পৰি ৰোৱা বুলি আক্ষেপ কৰি কয় যে তেমূৰা নামটোত ‘ৰ’টোত পেট কটা আছে৷ ‘ৰ’টোত তলত বিন্দু নাই তাৰ বাবে নিজকে অসমীয়া হিচাপে গৌৰৱ কৰিছো৷ আপোনালোকেও মোৰ সমানে অসমীয়া৷ আপোনালোকেও সমানে গৰ্বিত হওক যে ‘ৰ’টোৰ পেট কটা আছে৷
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ প্ৰসংগ উল্লেখ কৰি বৰুৱাই কয় যে ধ্ৰুপদী ভাষাটো গুৱাহাটীত বা উপন্যাসত নহয়, মানুহৰ অন্তৰত জীয়াই থাকিব লাগে৷ অসমীয়া ভাষাক ধ্ৰুপদী ভাষা ঘোষণা কৰাত অতি হিন্দু আৰু সাম্প্ৰদায়িক কিছুমান মানুহে তাৰ কৃতিত্ব দাবী কৰিব খুজিছিল৷ তেতিয়া আমি সজোৰে দাবী কৰিছিলো, এয়া আপোনালোকে কৰা নাই৷ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ নেতৃত্বত আৰম্ভ হৈছিল আৰু সকলোৱে মিলি কৰিছিল৷ তাত চৰ-চাপৰি সাহিত্য সভাৰ যিমান অৱদান আছে, সিমানে অসম সাহিত্য সভাৰ অৱদান আছে৷ এই কথা যেতিয়ালৈকে সকলোৱে মানি নল’ব তেতিয়ালৈকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ নহ’ব৷ আজিৰ ছাত্ৰ-ছাত্ৰীয়ে কেৰিয়াৰ আৰু সংস্থাপনক লৈ যুঁজি আছে৷ ইঞ্জিনিয়াৰ হৈ পিয়নৰ চাকৰি, বেংকত চাকৰি কৰিছে৷ তাৰ সমানে আজিৰ ছাত্ৰই সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজিছে৷ ছাত্ৰ-ছাত্ৰীয়ে সংস্থাপন আৰু সাম্প্ৰদায়িকতা বিৰুদ্ধে সমানে যুঁজিব লাগিব৷ নিজৰ টকা খৰচ কৰি অসমীয়া পঢ়িছে৷ অসমীয়া ভাষাক জীয়াই ৰাখিছে৷ অসমীয়াত শিক্ষকতা কৰিছে৷ কিন্তু এইসকলৰ প্ৰত্যাহ্বান এয়াই যে অসমীয়াত্বৰ ওপৰত প্ৰশ্ন কৰা হয়? বাৰে বাৰে বাংলাদেশী, সন্দেহজনক বাংলাদেশীৰ দৰে অবাস্তৱ, অসভ্য কিছুমান কথা চলি আছে৷ যাৰ ফলত বহু মানুহ হতাশ হৈছে৷ পঢ়া-শুনা এৰি দিছে৷ ড্ৰাগছৰ আসক্তি বৃদ্ধি পাইছে৷ বেয়া কামৰ প্ৰতি আসক্ত হৈছে৷ ইয়াৰ দায়িত্ব সংখ্যালঘূৱেই নহয়, সংখ্যাগুৰুৱেও ল’ব লাগিব৷ ছাত্ৰ-ছাত্ৰীসকলক বুজাব লাগিব যে তেওঁলোক এইখন ৰাজ্যৰ বাসিন্দা৷ এইখন ৰাজ্যত তেওঁলোকৰ সমধিকাৰ আছে৷ এই কথা প্ৰতিষ্ঠা কৰাটো আমাৰ সকলোৰে দায়িত্ব বুলি কৈ ছাত্ৰ-ছাত্ৰীক কোনো কাৰণত হতাশ নহ’বলৈ পৰামৰ্শ আগবঢ়ায় বিশিষ্ট চিকিৎসকগৰাকীয়ে৷
মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক তথা প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ধৰ্মৰ নামত সমাজখনত ভাগ কৰিব খোজাৰ অভিযোগ আনে৷ বৰাই কয় যে একাংশ ৰাজনৈতিক দলৰ নেতাই ক্ষমতাৰ নামত সমগ্ৰ দেশখনক বিভাজন কৰি পেলাইছে৷ তাৰ প্ৰভাৱ অসমতো পৰিছে৷ হিন্দু, খ্ৰীষ্টান, জৈন এই সকলোবোৰ ধৰ্ম৷ এই সকলোবোৰ ৰাজনীতিলৈ আনি নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে৷ যদি আমি এই ধৰ্মৰ ৰাজনীতিৰ কথাবোৰ অনুভৱ কৰিব নোৱাৰো তেন্তে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ বাণীৰ কোনো অৰ্থ নাথাকিব৷ বেদব্ৰত বৰাই বৰপেটা-গোৱালপাৰা অঞ্চলত দেশ স্বাধীন হোৱাৰ পূৰ্বেই ১৯০০ চনৰ পিছৰে পৰা বহু শিক্ষানুষ্ঠান গঢ়ি উঠাৰ উদাহৰণ দাঙি ধৰে৷ বৰাই শিক্ষানুষ্ঠান ক’ত ক’ত গঢ়ি উঠিছিল সেই নামসমূহ মুকলি সভাত উল্লেখ কৰি কয় যে আপোনালোকে এশ বছৰৰ আগৰ পৰাই অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ বাবে কাম কৰি আছে৷ এইসকল লোকক বাৰে বাৰে তুচ্ছ-তাচ্ছিল্য কৰা হয়, বিদেশী বুলি কোৱা হয়৷ তাৰ উত্তৰ আজি অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন কৰি আপোনালোকে দিলে বুলিও কয় বৰাই৷
আজিৰ মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দিলীপ বৰা, চৰ-চাপৰি সাহিত্য সভাৰ সভাপতি ড০ হাফিজ আহমেদ, পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰজ্যোত গোস্বামী, বিশিষ্ট সমাজকৰ্মী ছফি জামাল হুছেইন, লেখক ৰেজাইল কৰিম, চিকিৎসক ডা০ চান্দ মহম্মদসহ কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে৷ বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত তেমূৰা অঞ্চলত দেশ স্বাধীন হেৱাৰ পূৰ্বেই শিক্ষাৰ পোহৰ বিলবালৈ একাংশ লোকে স্থাপন কৰিছিল ৫২৩নং তেমূৰা প্ৰাথমিক বিদ্যালয়৷ সংখ্যালঘূ অধ্যূষিত তেমূৰাত ১৯২৩ চনত স্থাপিত তেমূৰা প্ৰাথমিক বিদ্যালয়ে শতবৰ্ষ গৰকিছে৷ বৰ্তমানৰ ছাত্ৰসমাজ, শিক্ষক, অভিভাৱক, অঞ্চলবাসী, প্ৰাক্তন শিক্ষক, তেমূৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলে তেমূৰা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ কাৰ্যসূচী বছৰজুৰি পালন কৰিছিল৷ শতবৰ্ষ উদাযাপনৰ সামৰণি অনুষ্ঠান ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷
বিদ্যালয়খনৰ প্ৰাংগনত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি ২৭ ডিচেম্বৰৰ পুৱা ছাফাই অভিযান, সৰ্বধৰ্ম প্ৰাৰ্থনা, এশখন পতাকা উত্তোলন, গছপুলি ৰোপণ, তোৰণ মুকলি, সাংস্কৃতিক শোভাযাত্ৰা, সংগীত আৰু নৃত্য প্ৰতিযোগিতা, উদ্বোধনী সভা আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়৷ ২৮ ডিচেন্বৰত মাৰাথান দৌৰ প্ৰতিযোগিতা, ভেশচন প্ৰতিযোগিতা, খেল-ধেমালি, কুইজ-আকস্মিক বক্তৃতা প্ৰতিযোগিতা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি সমাৰোহ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীৰ সম্বৰ্ধনা, বিদ্যালয়ৰ ভূমিদাতাক মৰণোত্তৰভাৱে সন্মান, বঁটা বিতৰণী আৰু শৈক্ষিক সজাগতা সভাৰ পিছতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়৷ ২৯ ডিচেম্বৰত দুপৰীয়া ২ বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা৷ মুকলি সভাত কেইবাগৰাকী বিশিষ্ট লোকৰ উপস্থিতিত শতবৰ্ষ উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়৷