Logo
image

সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৰুপথাৰ সমজিলা সমিতি গঠন

'আমাৰ অসম'ৰ ধনশিৰিৰ প্ৰতিবেদক, ২৯ ডিচেম্বৰঃ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অন্তৰ্গত সৰুপথাৰ সমজিলা সমিতিখন দেওবাৰে অসম-নগালেণ্ড সীমান্তৰ চুঙাজানৰ নাওকটাস্থিত জীৱনজ্যোতি যুৱ সংঘৰ বাকৰিত গঠন কৰা হয়।

সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি মাৰ্ধুয দাসে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্যে বাখ্যা কৰে কিৰণ বৰাই। সভাত কুলদ্বীপ সন্দিকৈক সভাপতি, কিৰণ বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া সমিতি গঠন কৰা হয়। 



সভাত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নিপন গগৈ, গোলাঘাট জিলা সমিতিৰ উপদেষ্টা ইমটিয়াজ হুচেইন, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি মাৰ্ধুয দাস, সাধাৰণ সম্পাদক প্ৰিতিভ নেওগ উপস্থিত থাকে। আজিৰ সমিতিখন গঠন কৰাৰ পিছত আগন্তুক ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত সকলোৱে মিলিজুলি এক প্ৰীতিভোজত অংশ লয়।