Logo
image

মুখ্যমন্ত্ৰীৰ পৰা শীৰ্ষ আৰক্ষীলৈ... সকলোৰে মনলৈ আহিল শ্বাহৰুখৰ ছবি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ ডিচেম্বৰঃ মুখ্যমন্ত্ৰীৰ পৰা অসম আৰক্ষীলৈ এতিয়া যেন সকলোৰে মনত পৰিছে শ্বাহৰুখ খানৰ চিনেমালৈ৷ অথচ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে তেওঁ হেনো শ্বাহৰুখ খানত চিনিয়ে নাপায়৷ শ্বাহৰুখ খান কোন তেওঁ হেনো নাজানে৷ শ্বাহৰুখ খানৰ নামে শুনা নাই৷ ৰাজহুৱাভাৱে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এই ভাষ্য দিয়াৰ পাছতো সামাজিক মাধ্যমত উল্লেখ কৰিছে শ্বাহৰুখ খানৰ অভিনীত জনপ্ৰিয় চলচ্ছিত্ৰ দিলৱালে দুলহনীয়া লে জায়েংগেৰ কথা৷ 



উল্লেখ্য যে চাৰিদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে মাজুলীৰ জেংৰাই পথাৰত ফুলি থকা সৰিয়হ ফুলৰ দুখনকৈ ফটো সামাজিক মাধ্যমত আপলোড কৰি কৈছিল– ‘মাজুলীৰ জেংৰাই পথাৰত সৌৱা সৰিয়হ ফুলিছে৷ হালধীয়া দলিচা পাৰি যেন আপোনাক-মোকেই মাতিছে৷ ডি ডি এল জেৰ দৰে জনপ্ৰিয় ধ্ৰুপদী চলচ্ছিত্ৰৰ কথা স্মৃতিলৈ আহে৷ যি শ্বাহৰুখ খানক চিনি নাপায় বা তেওঁৰ নামে শুনা নাই, সেই শ্বাহৰুখ খান অভিনীত এখন জনপ্ৰিয় চলচ্ছিত্ৰৰ প্ৰসংগ মাজুলীৰ সৰিয়হ খেতিৰ মনোৰম পৰিৱেশক বুজাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা কাৰ্যই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ আনকি বহু জ্যেষ্ঠ সাংবাদিকেও সামাজিক মাধ্যমত প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰীয়ে শ্বাহৰুখ খানক নিশ্চয় চিনি পায়৷ নহ’লে চলচ্ছিত্ৰখনৰ প্ৰসংগ টানিবনে? 

ইয়াতেই শেষ নহ’ল শ্বাহৰুখ খান প্ৰসংগ৷ মুখ্যমন্ত্ৰীৰ পাছত এইবাৰ অসম আৰক্ষীয়েও টানি আনিলে শ্বাহৰুখ খান অভিনীত চলচ্ছিত্ৰখনৰ প্ৰসংগ৷ অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিৎ সিঙেও সামাজিক মাধ্যমত উল্লেখ কৰিছে দিলৱালে দুলহনীয়া লে  জায়েংগে আৰু সুৰাপায়ী গাড়ী চালকক জেললৈ লৈ যাম৷ ইংৰাজী নৱবৰ্ষ উপলক্ষে অসম আৰক্ষীয়ে সামাজিক মাধ্যমযোগে সৰ্বসাধাৰণ ৰাইজলৈ যি সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰি আছে তাতেও উল্লেখ কৰিছে শ্বাহৰুখ খান অভিনীত চলচ্ছিত্ৰখনৰ কথা৷ অসম আৰক্ষীৰ বাৰ্তা– দিল ৱালে দুলহনীয়া লে জায়েংগে কিন্তু সুৰাপায়ী গাড়ী চালকক লৈ নহয়৷ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শীৰ্ষ আৰক্ষীলৈ সকলোৰে মনলৈ শ্বাহৰুখ খান অভিনীত চলচ্ছিত্ৰলৈ মনত পৰা ঘটনাক সহজে ল’ব পৰা নাই অসমৰ একাংশ লোকে৷ শ্বাহৰুখ খানক যদি চিনিয়ে নাপায় , শ্বাহৰুখ খানৰ নাম যদি শুনাই নাই তেন্তে মুখ্যমন্ত্ৰীয়ে হওক বা তেওঁৰ অধীনষ্ঠ গৃহ বিভাগে হওক, সকলোৱে কিয় অভিনেতাজনৰ চলচ্ছিত্ৰৰ প্ৰসংগ টানি আনি সামাজিক মাধ্যমত বিভিন্ন আপডেট দি আছে?