Logo
image

কংগ্ৰেছৰ নতুন কৌশল! গুৰুত্ব বৃদ্ধি কৰিব মহিলা নেত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩০ ডিচেম্বৰঃ ‘কেনেদৰে দেশ তথা ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত মহিলাসকলৰ ভূমিকা আৰু বৃদ্ধি কৰিব পৰা যায় ইয়াকলৈ চিন্তা-চৰ্চা কৰি থকা হৈছে৷  বিভিন্ন দল-সংগঠনত যাতে মহিলাসকলে আৰু আগ-ভাগ লোৱাৰ সুযোগ পায়,  মন্ত্ৰীসভাৰ ভিতৰত মহিলাৰ সংখ্যা কেনেদৰে আৰু সংখ্যা বৃদ্ধি পাব, ভৱিষ্যতে আমাৰ অসমত মহিলা মুখ্যমন্ত্ৰী পোৱাৰ পৰিৱেশ সৃষ্টি কৰিব পৰা যায় আদি বিষয়কলৈ চিন্তা-চৰ্চা কৰি থকা হৈছে৷’– দলত মহিলা নেত্ৰী-কৰ্মীৰ গুৰুত্ব বৃদ্ধি কৰিবৰ বাবে কংগ্ৰেছে গ্ৰহণ কৰা কৌশল ৰাজহুৱা কৰি তেজপুৰত দেওবাৰে এইদৰে সংবাদ মাধ্যমৰ আগত কয় সাংসদ গৌৰৱ গগৈয়ে৷ 

উল্লেখ্য, বিগত বছৰত তেজপুৰ জিলা মহিলা সমিতি আৰু তেজপুৰ মহিলা সমিতিৰ উদ্যোগত আৰু পৰিয়ালবৰ্গৰ সহযোগত মিনা আগৰৱালা জন্ম শতবাৰ্ষিকী উদ্‌যাপন সমিতিয়ে আয়োজন কৰা বৰ্ষযোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে সাংসদ গগৈ৷ মিনা আগৰৱালাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সাংসদ গগৈয়ে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কয় ‘প্ৰত্যেক ৰাজনৈতিক দলে নিৰ্বাচনৰ তিনি-চাৰি মাহৰ আগতে কিছু অধিক আঁচনি আৰু মহিলাসকলৰ একাউণ্টত আৰ্থিকভাৱে কিছু সহায় কৰাৰ পাছত ভাবে যে মহিলাসকলৰ প্ৰতি তেওঁলোকৰ দ্বায়বদ্ধতা শেষ৷  এয়া আমাৰ ভৱিষ্যতৰ কাৰণে ভাল কথা নহয়৷’ 



তেওঁ পুনৰ কয় ‘এইক্ষেত্ৰত আমাৰ সকলোৰে চিন্তা কৰিবলগীয়া আছে৷  মই ভাবোঁ যে, আজি যদি মিনা আগৰৱালা বাইদেউ আমাৰ মাজত থকা হয়,  এইক্ষেত্ৰত তেওঁ নিজেই মহিলাসকলক ক’লেহেঁতেন যে মাত্ৰ এক-দুই হাজাৰ টকাৰ কাৰণে আমি নিজৰ ৰাজনৈতিক বিবেক এৰি দিব নালাগে৷’ উল্লেখ্য, ১৯১৯ত অসমৰ বিদূষিণী মহিলা চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে প্ৰতিষ্ঠা কৰা ‘তেজপুৰ মহিলা সমিতি’ নামৰ মহিলা সংগঠনটি আন এগৰাকী বিদূষিণী মহিলা মিনা আগৰৱালাই পুনৰ গঠন কৰি ১৯৪৬১ পৰা ৰাজ্যৰ নাৰী অধিকাৰ আৰু নাৰী সৱলীকৰণৰ আন্দোলন আদিৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছিল৷  ১৯২৪ৰ ১৫ডিচেম্বৰত জন্মগ্ৰহণ কৰা তথা বিভিন্ন বঁটা-সন্মানেৰে বিভূষিত তেজপুৰ নিৱাসী মিনা আগৰৱালাৰ ২০১৪ৰ ১৪জুলাইত দেহাৱসান ঘটে৷ তেজপুৰস্থিত মহিলা সমিতিৰ কাৰ্যালয় চৌহদত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা পূৰ্ণেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত ‘তৃণমূল পৰ্যায়ত বহনক্ষম উন্নয়ন আৰু শক্তিশালী সমাজ গঠনত মহিলা সমিতিৰ ভূমিকা’ শীৰ্ষক বিষয়ত সাংসদ গৌৰৱ গগৈয়ে নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰে৷ স্থানীয় সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ গগৈয়ে কয় যে, অসমৰ মহিলা-নাৰীসমাজে ৰাজনৈতিকভাৱে অধিক সক্ৰিয় হ’ব লাগিব৷ নিজৰ মূল্যবান ভোটটো মাত্ৰ কিছু টকাৰ বাবে ব্যৱহাৰ কৰিলে নহ’ব৷ মূল্যবান ভোটটো দিয়াৰ আগতে শিক্ষা, স্বাস্থ্য, সামাজিক আদিৰ ক্ষেত্ৰত বহু কথা চিন্তা কৰিবলগীয়া আছে৷ অসমৰ মহিলাসকল প্ৰত্যেক ক্ষেত্ৰত আগবাঢ়ি গৈছে৷ দোকান চলাব পাৰে, ব্যৱসায় কৰিব পাৰে আৰু লগতে নিজৰ ঘৰখনো চম্ভালি ৰাখিব পাৰে৷ যিদৰে আমাৰ অসমৰ মহিলাসকলে যিদৰে প্ৰায়বোৰ ক্ষেত্ৰতে আগভাগ লৈছে, সেইদৰে ৰাজনৈতিক ক্ষেত্ৰতো আৰু অলপ সক্ৰিয় হোৱা উচিত৷ সেইকাৰণে নিজৰ মূল্যবান ভোট দিয়াৰ আগত মহিলাসকলে প্ৰত্যেক কথাৰ সন্দৰ্ভত চিন্তা কৰিব লাগে৷ তেতিয়া ৰাজনৈতিক দলো সতৰ্ক হ’ব আৰু গম পাব যে নিৰ্বাচনৰ তিনি-চাৰি মাহৰ আগতে মাত্ৰ এক দুই হাজাৰ টকা দিলেই মহিলাসকলৰ ভোটটো পাবই, তাৰ কোনো গেৰাণ্টি নাই৷ তেতিয়া ৰাজনৈতিক দলবোৰ অধিক সক্ৰিয় হৈ দ্বায়বদ্ধতাৰ স’তে কাম কৰিব৷ 

উল্লেখ্য, ৰাজনীতিৰ পথাৰত মহিলাসকলৰ ভূমিকাৰ সন্দৰ্ভতো লোকসভা সদনৰ বিৰোধী উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ আনহাতে, ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া ’২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদজনে কয় যে সমাগত ইংৰাজী নৱবৰ্ষ ’২৫ত কংগ্ৰেছক নতুন ধাৰণা আৰু ৰূপৰ পৰিৱেশ দিয়াৰ পৰিকল্পনা ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাজুৰ্ন খৰ্গেই ব্যক্ত কৰিছে৷  বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু সাহিত্যিকসকলৰ স’তেও আলোচনা কৰি থকা হৈছে৷ বিশেষকৈ নতুন মহিলাসকল ওলাই আহি ৰাজনীতিত ভৰি দিয়াৰ বাবেও চেষ্টা অব্যাহত ৰখা হৈছে৷ আনহাতে, পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে ৰাজ্যত সম্পাদন কৰা সমষ্টি পুনঃনিৰ্ধাৰণৰ ফলত সাধাৰণ নাগৰিকৰ মাজত আহুকালৰ সৃষ্টি হৈছে৷ গ্ৰামাঞ্চলৰ তৃণপৰ্যায়ৰ মানুহবোৰে যথেষ্ট অসুবিধা পাইছে৷ এখন গাঁৱৰ মানুহে যদি কিবা কাম কৰিব লাগিলে এতিয়া ৫০কিলোমিটাৰ দূৰলৈ যাবলগীয়া হৈছে৷ এইক্ষেত্ৰত নিৰ্বাচন আয়োগে একো নকৰি নিমাত হৈ থাকিল বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে৷ আনহাতে, ’২৬ৰ নিৰ্বাচনী ইছ্যু সন্দৰ্ভত নিবনুৱা আৰু মূল্যবৃদ্ধি সমস্যাৰ লগতে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠী-জনজাতি লোকসকলৰ অধিকাৰ আৰু আধৰুৱা হৈ থকা আশাবোৰ পূৰণ আদি হ’ব বুলি সাংসদ গগৈয়ে প্ৰকাশ কৰে৷