
অগপত মতভেদ আছে, বিসম্বাদ নাইঃ অতুল বৰা
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৩১ ডিচেম্বৰঃ নতুন বছৰটোৱে প্ৰতিখন ঘৰলৈ, প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ সুখ-শান্তি-সমৃদ্ধি কঢ়িয়াই আনক, জাতি, জনগোষ্ঠী, ধৰ্ম, ভাষা নিৰ্বিশেষে অসমবাসীৰ মাজত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক শক্তিশালী হওক৷ দশোদিশে ইতিবাচকতা আৰু বিকাশৰ বৰ্ষ হওক ২০২৫! – এই আশা ব্যক্ত কৰিছে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই৷ প্ৰতিটো নতুন বছৰৰ প্ৰাকক্ষণত অসম গণ পৰিষদে নতুন সংকল্পৰে সেয়া বাস্তৱায়িত কৰি আহিছে৷ এইবাৰো নতুন সংকল্পৰে বছৰটোক আদৰিব বিচাৰিছোঁ – সোমবাৰে অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্য্যলয়ত হোৱা সাংবাদিকৰে হোৱা এক মতবিনিময় অনুষ্ঠানত এই কথা প্ৰকাশ কৰে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই৷
সভাপতি বৰাই লগতে কয় যে, আমাৰ লক্ষ্য — ২০২৫ বৰ্ষৰ আৰম্ভণিৰে পৰা ব্যাপক কৰ্মসূচীৰে ৰাজ্যখনত প্ৰগতিশীল আঞ্চলিকতাবাদৰ ধাৰাটোক অধিক সবল ৰূপ প্ৰদান কৰা৷ ‘গাঁৱে গাঁৱে অগপ, চহৰে নগৰে অগপ’— শীৰ্ষক বছৰজোৰা এক অভিযানৰ আমি পৰিকল্পনা কৰিছোঁ৷ উদ্দেশ্যে এটাই - অসমৰ সকলো ৰাইজৰ কাষলৈ গৈ আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদ দলক অধিক শক্তি প্ৰদান কৰা৷ সভাপতি বৰাই কয় যে, অসম গণ পৰিষদ দলে আগন্তুক বছৰটোক ‘মাতৃভাষা বৰ্ষ’ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সময়ছোৱাত ৰাজ্যখনৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাতৃভাষাৰ বিকাশৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়, একতা আৰু সদভাৱ ৰক্ষা কৰাটো অসম গণ পৰিষদ দলৰ মূল লক্ষ্য হ’ব৷ বৰাই লগতে কয় যে, সময়ে সত্য প্ৰতিষ্ঠা কৰে, বৰ্তমানৰ সময়ে স্পষ্ট কৰি দেখুৱাইছে যে, অসমত আঞ্চলিকবাদ সদায় প্ৰাসংগিক৷ অসম গণ পৰিষদ দল আঞ্চলিকতাবাদৰ ধবজাবাহী হিচাপে অসমৰ ৰাইজৰ কাষত থাকি কাম কৰি যাবলৈ বদ্ধপৰিকাৰ৷ ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ এই যাত্ৰা অধিক ত্বৰান্বিত কৰাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব অগপই৷ নতুন বছৰত নতুন সংকল্প লৈছো ব্যাপক হাৰত সাংগঠনিক ভেটি শক্তিশালী কৰি তোলাৰ৷ ২০২৫ বৰ্ষটো মাতৃভাষা বৰ্ষ হিচাপে পালন কৰিম, বিভিন্ন জাতি-জনগোষ্ঠীৰ মাতৃভাষা বিকাশৰ ক্ষেত্ৰত অগপই মুখ্য ভূমিকা ল’ব৷ ভাতৃত্ববোধ স্থাপনৰ লক্ষ্যও হ’ব অন্যতম৷ অসম চুক্তি ৰূপায়ণৰ জৰিয়তে খিলঞ্জীয়াৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে চৰকাৰ আগবাঢ়িছে৷ অগপই এক ক্ষেত্ৰত দৃঢ়তাৰে ভূমিকা লব৷ আমাৰ দলৰ মাজত বিসংবাদ নাই৷ বাহিৰা শক্তিৰ উচতনিত আমি বিপথে নাযাওঁ৷ দলৰ নীতি আৰু আদৰ্শৰ ৰক্ষাৰ ক্ষেত্ৰত মই কোনো ক্ষেত্ৰত আপোচ নকৰোঁ৷ ২০২৬ৰ কথা আজি নকওঁ, ২০২৫ ত হে কম৷ মিত্ৰতাৰ কথা এতিয়াই নাপাতো, কিন্তু পঞ্চায়তত আমি অকলে খেলিবলৈ চেষ্টা কৰিলেও বিশেষ ৰাজনীতি আমি নকৰোঁ৷
অনুষ্ঠানত সভাপতি অতুল বৰাই কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি ৰাজ্যখনে উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যৎ আৰু উন্নয়নৰ নতুন মাত্ৰা প্ৰদান কৰাটো হ’ব অসম গণ পৰিষদ দলৰ অন্যতম দায়বদ্ধতা৷ ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ দ্বাৰা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলে নিজৰ দায়বদ্ধতা সদায় দোহাৰি আহিছে৷ অসম চৰকাৰে ইতিমধ্যে অসম চুক্তি ৰূপায়ণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ২০২৫ বৰ্ষটো আমাৰ ৰাজ্যবাসীৰ বাবে আৰু আমাৰ দলৰ বাবেও বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰি কয় যে, কিয়নো এই বছৰটোতে মুখ্যমন্ত্ৰীৰ তৎপৰতাত চৰকাৰে ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ কাম হাতে কামে আগুৱাই নিয়াৰ প্ৰস্তুতি চলাইছে৷ বিশেষকৈ চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শাৱলীৰ ৰাজ্য চৰকাৰৰ অধীনষ্ঠ বিষয়সমূহ ক্ষিপ্ৰ গতিৰে কাৰ্য্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যি কেইটা পৰামৰ্শাৱলী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ে কাৰ্য্যকৰী কৰিব লাগিব আৰু যি কেইটা বিষয় কেৱল কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব সেইকেইটা বিষয়ো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যোগ গ্ৰহণ কৰিছে৷ অসমবাসীৰ ছবছৰজোৰা ঐক্যবদ্ধ গণ সংগ্ৰামৰ স্বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ অসম গণ পৰিষদ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল যাৰ শিপাৰ বিস্তৃতি সমগ্ৰ ৰাজ্যব্যাপি৷ ইয়াক সাৰ-পানী দি অধিক শক্তিশালী ৰূপ দিবলৈ প্ৰতিগৰাকী দলীয় সদস্যৰ লগতে অসমবাসী ৰাইজক সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই আহ৩ান জনাইছে আৰু আগন্তুক নতুন বৰ্ষটো অসমৰ সৰ্বাঙ্গীণ বিকাশৰ স্বাৰ্থত কাম কৰি যাবলৈ অসমবাসীৰ মৰম, আশিস আৰু সহযোগিতা বিচাৰিছো৷ নতুন শুভক্ষণত অসমৰ সমূহ ৰাইজলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰে অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই৷ অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, সুনীল ডেকা, ড॰ তপন দাস, ধৰ্মেশ্বৰ ৰায়, উপ-সভাপতি কৰ্ণমোহন ৰায়, ড॰ জয়নাথ শৰ্মা, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য এলেক্স চাংমা, বিত্ত সম্পাদক জয়ন্ত খাউণ্ডকে ধৰি বহুকেইগৰাকী দলীয় শীৰ্ষ নেতা উপস্থিত থাকে৷