Logo
image

শক্তি পৰীক্ষা কৰিলে মন্ত্ৰী প্ৰশান্ত ফুকনে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ ডিচেম্বৰঃ বিজুলী ভৱনলৈ গৈ শক্তি বিভাগৰ শক্তি পৰীক্ষা কৰিছে নতুন শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে৷ সোমবাৰে পুৱাৰ ভাগতে জ্যেষ্ঠ বিষয়াৰ সৈতে বিজুলী ভৱনত উপস্থিত মন্ত্ৰী ফুকন৷ বিজুলী ভৱনত উপস্থিত হৈ মন্ত্ৰী ফুকনে প্ৰায় দুঘণ্টা ধৰি শক্তি বিভাগৰ বিভিন্ন দিশ সন্দৰ্ভত পৰ্যালোচনা কৰে৷ পৰ্যালোচনামূলক বৈঠকৰ পাছত মন্ত্ৰী ফুকনে এতিয়াৰে পৰা সপ্তাহত দুদিনকৈ বিজুলী ভৱনত বহিব বুলি কয়৷ 



২ জানুৱাৰীত কাৰ্বি লাংপিত থকা জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰিব মন্ত্ৰীজনে৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয়– স্মাৰ্ট মিটাৰক লৈ থকা অভিযোগ আপত্তিবোৰ বিভাগত পৰ্যালোচনা চলি আছে৷ স্মাৰ্ট মিটাৰবোৰ আচলতে ছেনছিটিভ মিটাৰহে৷ ৰাইজক পি এম সূৰ্য আঁচনি গ্ৰহণ কৰিবলৈ আহ্বান জনাই মন্ত্ৰী ফুকনে প্ৰাৰ্থনা ঘৰত থকা ৰঙা লাইট, টিভিৰ লাইটবোৰৰ পৰাও অধিক বিল অহাৰ কাৰণ বুলি জনায়৷