জুবিনে ক'লে, "মই মুখ্যমন্ত্ৰী হ'লে...."
'আমাৰ অসম'ৰ ছিপাঝাৰৰ প্ৰতিবেদক, ৩১ ডিচেম্বৰঃ সোমবাৰৰ নিশা ছিপাঝাৰৰ হাজৰিকাপাৰাত হাজৰিকাপাৰা গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰে জুবিন গাৰ্গে। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত সৃষ্টি হয় জনসমুদ্ৰৰ। হাৰ কঁপোৱা জাৰকো নেওচি হাজাৰ হাজাৰ দৰ্শকে শুনি গ'ল জুবিনৰ গান।
উল্লেখ্য যে গানৰ মাজতেই স্বভাৱসুলভভাৱে জুবিনে বহু বিষয় সন্দৰ্ভত ৰাখি গৈছিল নিজৰ মন্তব্য। জুবিনে কয়- "মই মুখ্যমন্ত্ৰী হ'লে সকলো কাম ৰাতি কৰিব লাগিব। মিটিং ৰাতি হ'ব। দিনত কোনো কাম নাই। দিনত সকলো শুই থাকিব লাগিব। সেই কাৰণেই মই মিনিষ্টাৰ নহ'লো।" আনহাতে নতুন বছৰত 'ৰৈ ৰৈ বিনালে' নামৰ চিনেমা এখনো নিৰ্মাণ কৰাৰ বুলি ঘোষণা কৰে জুবিনে। জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰে সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী যোগেন মোহন, বিধায়ক পৰমানন্দ ৰাজবংশী লগতে বহু গণ্য-মান্য ব্যক্তি।