Logo
image

থাৰ্টী ফাষ্টৰ নিশা সুৰাপায়ী চালকক ৰুধিবলৈ আৰক্ষী-পৰিবহণকৰ্মীৰ বিনিদ্ৰ ৰজনী

'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদক,৩১ ডিচেম্বৰঃ থাৰ্টী ফাষ্টৰ নিশা সুৰাপায়ী চালকক ৰুধিবলৈ গুৱাহাটী মহানগৰীত আৰক্ষী-পৰিবহণকৰ্মীৰ বিনিদ্ৰ ৰজনী কটাবলৈ সষ্টম হৈ আছে। নববৰ্ষৰ প্ৰথম দিনটোত গুৱাহাটী মহানগৰীত যাতে কোনোধৰণৰ পথ দুৰ্ঘটনা নহয় তাৰ বাবে মহানগৰ আৰক্ষী সষ্টম হৈ আছে। দুৰ্ঘটনা ৰোধ কৰিবলৈ মহানগৰ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। সুৰাপায়ী চালকৰ বিৰুদ্ধে তালাচী চলাবলৈ মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ অলিয়ে-গলিয়ে অস্থায়ী তালাচী চকী স্থাপন কৰি তন্নতন্নকৈ তালাচী অভিযান চলাই আছে। নৱনিযুক্ত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত তথা আই জি পি পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত সুৰাপায়ী চালকৰ বিৰুদ্ধে গুৱাহাটী ক্লাৱত যান-বাহন আৰক্ষীয়ে অভিযান চলায়।

৩১ ডিচেম্বৰ উপলক্ষে যান-বাহন আৰক্ষীয়ে এই অভিযান চলায়। ওৰে নিশা এই অভিযান আৰক্ষীয়ে চলাই থাকিব। চীটবেল্ট, ক'লা আইনাৰ বিৰুদ্ধেও এই অভিযান চলাই থকা হৈছে। এই অভিযানৰ মাজতে আই জি পি পাৰ্থ সাৰথি মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে আজি মূলতঃ চালকৰ বিৰুদ্ধে এই অভিযান চলি থাকিব। কোনো চালকে সুৰাপান কৰিব নালাগে বুলি উল্লেখ কৰি নৱনিযুক্ত আৰক্ষী আয়ুক্তজনে কয় যে বাকী আৰোহীক চেক কৰা নহয়। পথ সুৰক্ষা অতি গুৰুত্বপূৰ্ণ বিষয়৷ এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে নিজে তদাৰক কৰি আছে৷ বনভোজ আৰম্ভ হোৱাৰ লগে লগে বিশেষ উদ্যোগ লোৱা হৈছে৷ পথ সুৰক্ষা পালন কৰি আমি কিদৰে সুৰক্ষিত হৈ থাকিব পাৰোঁ৷ আজি যিহেতু এটা বিশেষ দিন ৩১ ডিচেম্বৰ, আজিৰ দিনটোত নতুন বছৰক আদৰিবলৈ ৰাইজ ৰৈ থাকে৷ ৰাইজে আনন্দ-স্ফূৰ্তি কৰিব বিচাৰে। গতিকে নিজৰ আৰু আনৰ হানি বিঘনি নোহোৱাকৈ সকলোৱে আনন্দ কৰক৷" 



তেওঁ লগতে কয়, "সকলোৱে পথ সুৰক্ষাৰ নিয়ম মানি গাড়ী চলাওক৷ গাড়ী চালক আৰু আৰোহীয়ে চীটবেল্ট পৰিধান কৰি চলাব লাগিব বাহন৷ কোনোৱে সুৰাপান কৰি চলাব নোৱাৰিব বাহন৷ কিয়নো মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে তালাচী চলাব৷" ইফালে তেওঁ মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে নতুন দায়িত্ব সন্দৰ্ভত কয়, "এতিয়ালৈকে নতুন দায়িত্বভাৰ গ্ৰহণ কৰা নাই৷ আৰক্ষীৰ সালসলনি হৈছে আৰু হৈ থাকে৷ আগতে যিদৰে ভাল কাম হৈ আছে এতিয়াও হৈ থাকিব৷ জনতাৰ হকে কামসমূহ কৰি যাম।"

উল্লেখ্য যে, নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে সমগ্ৰ দেশৰ লগতে অসমবাসী৷ ৰাজ্যতো দেখা গৈছে উখল-মাখল পৰিৱেশ৷ ইফালে নৱবৰ্ষক আদৰাৰ নামত যাতে ৰাজ্যত কোনো অঘটন নঘটে তাৰ বাবে সাজু হৈছে অসম আৰক্ষী৷ অলিয়ে-গলিয়ে বহুৱাইছে নাকা চেকিং৷ সততে দেখা যায় যে কোনো উৎসৱ আদিত সংঘটিত পথ দুৰ্ঘটনা৷ সেয়ে বিগত কেইবাটাও বৰ্ষৰ দৰে এইবাৰো পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ সাজু হৈছে পৰিবহন বিভাগ তথা অসম আৰক্ষী৷ ইতিমধ্যে সামাজিক মাধ্যমযোগে অসম আৰক্ষীয়ে সুৰাপায়ী চালক তথা সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টি কৰাও পৰিলক্ষিত হৈছে৷ বলীউডৰ ছবিৰ নাম সংলাপ ব্যৱহাৰ কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে। নতুন বছৰটোক আদৰিবলৈ তথা ৩১ ডিচেম্বৰত পুৰণি বৰ্ষটোক বিদায় দিয়াৰ আনন্দৰ নামত সুৰাপান কৰি উশৃংখল নকৰিবলৈ আহ্বান অসম আৰক্ষীৰ৷