Logo
image

মুখ্যমন্ত্ৰী হিমন্তৰ কিমান সম্পত্তি?

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১জানুৱাৰীঃ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা কিমান ধনী? মুখ্যমন্ত্ৰীজনৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান? দেশৰ ৩১জন মুখ্যমন্ত্ৰীৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী কিমান স্থানত সম্পত্তিৰ দিশৰ পৰা? এছ’চিয়েশ্বন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছৰ (এডিআৰ) শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে দেশৰ অন্য ৩০জন মুখ্যমন্ত্ৰীৰ লগতে অসমৰো মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ পৰিমাণ৷ প্ৰতিবেদনত উল্লেখ কৰা মতে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু দেশৰ সবাতোকৈ ধনী মুখ্যমন্ত্ৰী৷ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ স্থান নৱম৷ ড॰ শৰ্মাৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৭,২৭,৬৫,১৬২ টকা৷ ঋণৰ পৰিমাণ ৩,৫১,৯৭,৩৫২ টকা৷ নিজস্ব উপাৰ্জন ২৫,৯৪,৯০৭ টকা৷ দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৩৯১ কোটি টকা৷ অৰ্থাৎ চন্দ্ৰবাবু নাইডু ৩৯১ কোটি টকাৰ সম্পত্তিৰ মালিক৷ 


এ ডি আৰৰ তথ্য অনুসৰি দেশৰ ভিতৰত আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী হৈছে বংগ কন্যা৷ তৃণমূলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হৈছে দেশৰ ভিতৰত আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী৷ মমতাৰ আছে মাত্ৰ ১৫ লাখ টকাৰ সম্পত্তি৷ এ ডি আৰৰ তথ্য মতে, দেশৰ শীৰ্ষ ১০ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ স্থান হৈছে নৱম৷ শীৰ্ষ ১০ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত টিডিপি নেতা চন্দ্ৰবাবুৰ পিছত দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু৷ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৩৩২ কোটি মূল্যৰ৷ অৱশ্যে আটাইতকৈ ঋণগ্ৰস্ত মুখ্যমন্ত্ৰীও হৈছে পেমা খাণ্ডু৷ তেওঁৰ মুঠ ঋণৰ পৰিমাণ হৈছে ১৮০ কোটি টকা৷ তৃতীয় স্থানত আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া৷ সিদ্দাৰামাইয়াৰ মুঠ ৫১ কোটিৰ সম্পত্তি আছে৷ তেওঁ হৈছে দেশৰ দ্বিতীয় সৰ্বাধিক ঋণগ্ৰস্ত মুখ্যমন্ত্ৰী৷ তেওঁৰ ২৩ কোটি টকাৰ ঋণ আছে৷ চতুৰ্থ ধনী মুখ্যমন্ত্ৰী হৈছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’৷ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৪৬ কোটি টকা৷ তালিকাত পঞ্চম স্থানত আছে মোহন যাদৱ৷ মধ্যপ্ৰদেশৰ বিজেপি মুখ্যমন্ত্ৰীজন ৪২ কোটি টকা সম্পত্তিৰ মালিক৷ ষষ্ঠ স্থানত আছে পুডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰংগস্বামী৷ ৰংগস্ফামী ৩৮ কোটি টকাৰ সম্পত্তিৰ গৰাকী৷ সপ্তম স্থানত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী (৩০ কোটি), অষ্টম স্থানত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন (২৫ কোটি) আৰু দশম স্থানত আছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা (১৪ কোটি)৷ 

শীৰ্ষ ১০ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত দ্বিতীয় সৰ্বাধিক দুখীয়া মুখ্যমন্ত্ৰী হৈছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা৷ ওমৰ আব্দুল্লাৰ আছে মুঠ ৫৫ লাখ টকাৰ সম্পত্তি৷ তৃতীয় সৰ্বাধিক দুখীয়া মুখ্যমন্ত্ৰী কেৰালাৰ পিনাৰায় বিজয়নৰ মুঠ সম্পত্তিৰ মূল্য ১.১৮ কোটি৷ চতুৰ্থ দুখীয়া মুখ্যমন্ত্ৰী দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা (১.৪১ কোটি), পঞ্চম ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা (১.৪৬ কোটি), ষষ্ঠ মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিং (১.৪৭ কোটি), সপ্তম উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ (১.৫৪), অষ্টম বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ (১.৬৪ কোটি), নৱম স্থানত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান (১.৯৭ কোটি) আৰু আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰীৰ শীৰ্ষ ১০ তালিকাত দশম স্থানত আছে ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি (১.৯৭ কোটি)৷ 

প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি যোগ কৰাৰ পাছত প্ৰতিজন মুখ্যমন্ত্ৰীৰ গড় সম্পত্তিৰ পৰিমাণ হয়গৈ ৫২.৫৯ কোটি টকা৷ দেশৰ মুঠ ৩১জন মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল ১,৬৩০ কোটি টকা৷ ইয়াৰে ৯৩১ কোটি টকাই হৈছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ৷ ১৩জন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ৷ ১০জনৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধৰ গোচৰ৷ ৩১জন মুখ্যমন্ত্ৰীৰ ভিতৰত কেৱল দুগৰাকীহে মহিলা মুখ্যমন্ত্ৰী৷ তেওঁলোক হৈছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী৷