Logo
image

নামেৰীত বাঢ়িছে বাঘ আৰু দেওহাঁহ

নামেৰীৰ পৰা মনোজ কুমাৰ শইকীয়া (আমাৰ অসম): অসম অৰুণাচল সীমান্তৱৰ্তী তথা শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৰাজ্যিক পক্ষী দেওহাঁহৰ সংখ্যা৷ ক্ৰমান্বয়ে অৱলুপ্তিৰ মুখলৈ আগবঢ়া এই বিধ পক্ষী পূৰ্বে বিহালী সংৰক্ষিত বনাঞ্চল, ডুমডুমা, ডিব্ৰু চৈখোৱা, দিহিংপাটকাইকে ধৰি কেবাখনো অৰণ্যত পোৱা গৈছিল এইবিধ দুস্প্ৰাপ্য পক্ষী৷ কিন্তু কালক্ৰমত এনে পৰিস্থিতিৰ উদ্ভৱ হ’ল যে, ৰাজ্যৰ আন বনাঞ্চলত দেওহাঁহৰ অস্তিত্ব নোহোৱা হৈ পৰাৰ বিপৰীতে দিহিংপাটকাইত সামান্যসংখ্যক দেওহাঁহৰ বাহিৰে নামেৰী ৰাষ্ট্ৰীয় উদ্যানতহে কিছু সংখ্যক দেওহাঁহৰ অস্তিত্ব বৰ্তি থাকিল৷ 



দেওহাঁহৰ এনেদৰে সংখ্যা হ্ৰাসে প্ৰকৃতিপ্ৰেমী তথা চৰকাৰকো চিন্তিত কৰি তোলাৰ পাছত দেওহাঁহৰ সংৰক্ষণৰ বাবে নামেৰীত আৰম্ভ কৰা হয় এক প্ৰকল্প৷ ৰাজ্যিক পক্ষীবিধৰ সংৰক্ষণৰ স্বাৰ্থত নামেৰী ৰাষ্ট্ৰীয় উদ্যানত যোৱা বছৰৰ পৰা আৰম্ভ কৰা বনবিভাগৰ এই প্ৰকল্পৰ অধীনত দেওহাঁহৰ সংৰক্ষণ তথা এই বিশেষ পক্ষীবিধৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সকলো উপাদানৰ বিষয়ে পৰীক্ষা নীৰিক্ষা চলোৱা হয়৷ বৰ্তমানেও অব্যাহত থকা এই প্ৰকল্পৰ অধীনত দেওহাঁহৰ বিচৰণ ক্ষেত্ৰ তথা বিল সমূহৰ পৰ্যবেক্ষণ কৰাৰ লগতে ইয়াত থকা উপযোগিতাৰ পৰীক্ষাৰ জৰিয়তে দেওহাঁহৰ বাবে উপযোগী হোৱাকৈ তিনিখন বিল আঁচনিৰ অধীনত সাজু কৰা হয়৷ 

প্ৰনিধানযোগ্য যে, এই তিনিখন বিলৰ ভিতৰত দুখনলৈ দেওহাঁহৰ যথেষ্ট পৰিমাণে আগমন ঘটে আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত এইবিধ ৰহস্যময় পক্ষীৰ বংশবৃদ্ধিও আশানুৰূপ ভাবে হ’বলৈ ধৰে৷ উল্লেখ্য যে, থলুৱা ভাবে দেওহাঁহ বুলি পৰিচিত এই হোৱাইট উইং উড ডাক এতিয়া নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ গৌৰৱ৷ আনহাতে, সাধাৰণতে জনচক্ষুৰ আঁৰত থকা এইবিধ পক্ষী নামেৰীত আকৌ পৰ্যটকৰ আগমনস্থলীৰ আশেপাশেও দেখিবলৈ পোৱা যায় আৰু সেয়ে কেৱল এইবিধ হাঁহৰ দৰ্শনৰ বাবেই বছৰি দেশ বিদেশৰ বহুসংখ্যক পৰ্যটকৰ আগমন ঘটে শোণিতপুৰৰ এইখন ৰাষ্ট্ৰীয় উদ্যানলৈ৷ শোণিতপুৰ পশ্চিম বনসংমণ্ডলৰ প্ৰাধিকাৰী বি পিৰাইচুদনে সংবাদমাধ্যমৰ আগত এই সন্দৰ্ভত কয় যে বৰ্তমান নামেৰীত প্ৰায় সাত হাজাৰ দুশ দেওহাঁহ আছে৷ এই দেওহাঁহ চাবলৈকে জাৰ্মানী, ৰাছিয়াকে ধৰি বিদেশৰ পৰা পৰ্যটকৰ আগমন ঘটাৰ বিষয়ে প্ৰকাশ কৰি বন বিষয়াজনে লগতে কয় যে এইবিধ পক্ষীৰ এনে সংখ্যাবৃদ্ধিয়ে এতিয়া ৰাজ্য চৰকাৰৰ লগতে বনবিভাগক যথেষ্ট উৎসাহিত কৰিছে৷ নামেৰীৰ বাবে দেওহাঁহ আৰু দেওহাঁহৰ বাবে নামেৰী ৰাষ্ট্ৰীয় উদ্যান অতি গুৰুত্বপূৰ্ণ বুলিও উল্লেখ কৰি তেওঁ লগতে কয় যে, সম্প্ৰতি নামেৰীত কমেও দুটা দেওহাঁহত ৰেডিঅ’ কলাৰ লগোৱাৰ বাবেও পৰিকল্পনা কৰা হৈছে৷