২০২৫ত ২৫টা নতুন নিয়ম
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ জানুৱাৰীঃ বৰ্ষশেষ বুলি ক’লে অনেকৰ সীমাহীন উৎসাহ, কাৰোবাৰ পুৰণি বছৰৰ ব্যৰ্থতা-হতাশা জোকাৰি লৈ নতুন সংকল্প গ্ৰহণৰ দিন হৈ পৰে নৱবৰ্ষ৷ কাৰোবাৰ নীৰৱে পাৰ হৈ যায় পুৰণি বৰ্ষ, কাৰোবাৰ সৰৱ হৈ আহে নৱবৰ্ষ৷ যদিও দেখাত পুৰণি বৰ্ষৰ বিদায় আৰু নতুন বৰ্ষৰ আগমন সংখ্যাৰ সলনিহে, তথাপি ইচ্ছাকৃত অথবা অনিচ্ছাকৃতভাৱেও নৱবৰ্ষত পৰিৱৰ্তন আছে৷ সেয়া বহুসময়ত ব্যক্তিগত আৰু বহুসময়ত হয় সামগ্ৰিকভাৱে আনুষ্ঠানিক৷ এইবাৰো ২০২৪ শেষ হৈ ২০২৫ আৰম্ভ হ’লে দেশৰ জনতাৰ বাবে অনেক পৰিৱৰ্তন আহিব৷ কাইলৈ নতুন বৰ্ষৰ প্ৰথম দিনটোৰ পৰাই দেশবাসীৰ বাবে তেনে পৰিৱৰ্তনে অপেক্ষা কৰি আছে৷
সেই পৰিৱৰ্তন কি?
ৰেচন কাৰ্ডৰ নিয়মঃ ২০২৫ চনৰ ৰ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড থকাসকলৰ বাবে কে ৱাই চি বাধ্যতামূলক হ’ব৷ ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আয়ৰ সীমাৰো পৰিৱৰ্তন হ’ব৷ চহৰ অঞ্চলৰ বাসিন্দা হ’লে বাৰ্ষিক ৩লাখ টকা আয় কৰা আৰু গ্ৰামাঞ্চলত বাস কৰা বাসিন্দাৰ বাৰ্ষিক আয় ২ লাখ টকাৰ অধিক হ’লে ৰেচন কাৰ্ডৰ বাবে যোগ্য বিবেচিত নহ’ব৷
বেংকৰ লেনদেনৰ সময়ঃ বেংকৰ লেনদেনৰ সময় ১ জানুৱাৰীৰ পৰা পূৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব৷ অন্যান্য বিভাগত কাম কৰা সকলৰ সুবিধাৰ্থে বেংকৰ কামৰ সময় আগুৱাই অনা হ’ব৷
কৃষি ঋণৰ গেৰাণ্টি সীমা বৃদ্ধিঃ গেৰাণ্টি মুক্ত কৃষি ঋণৰ সীমা ১.৬০ লাখ টকাৰ পৰা ২লাখ টকালৈ বৃদ্ধি কৰা হ’ব৷ ক্ষুদ্ৰ কৃষকে বিশেষ সুবিধা পাব৷
ক্ৰেডিট কাৰ্ডৰ সূদৰ হাৰ বৃদ্ধিঃ ক্ৰেডিট কাৰ্ডৰ সূদৰ হাৰ বৃদ্ধি হ’ব৷ সময়মতে বকেয়া আদায় নিদিলে ঋণৰ হাৰ ৩০ শতাংশৰ পৰা ৫০ শতাংশ হ’ব পাৰে৷
জিএছটি পৰিৱৰ্তনঃ ই-ৱে বিলৰ নতুন নিয়ম আৰম্ভ হ’ব৷ বিক্ৰেতাই এই নিয়ম মানি নচলিলে ক্ৰেতাৰ ইনপুট টেক্স ক্ৰেডিটৰ দৰে বিপদৰ মাজত পৰিব পাৰে৷ পুৰণি গাড়ী বিক্ৰীত ১৮ শতাংশ জিএছটি আৰোপ কৰা হ’ব৷
পেঞ্চন বিধিত পৰিৱৰ্তনঃ বিধবা আৰু প্ৰতিবন্ধীৰ পেঞ্চনৰ বাবে যোগ্যতাৰ মাপকাঠিৰ পৰিৱৰ্তন হ’ব৷ পেঞ্চন লাভ কৰাসকলৰ সবিশেষ নিয়মিত পৰ্যালোচনা কৰা হ’ব৷
আমাজনৰ মেম্বাৰশ্বিপঃ আমাজনৰ প্ৰাইম মেম্বাৰশ্বিপৰ পৰিৱৰ্তন হ’ব আৰু মূল্য বৃদ্ধি কৰি অতিৰিক্ত সেৱা দিয়া হ’ব৷
পপকৰ্ণত জিএছটিঃ মল আৰু থিয়েটাৰত পপকৰ্ণত ৫, ১২, ১৮ শতাংশ পৰ্যন্ত জিএছটি আৰোপ কৰা হ’ব৷
আধাৰ-পান সংযোগঃ আধাৰ আৰু পান কাৰ্ডৰ সংযোগ চৰকাৰী সুবিধা লাভৰ ক্ষেত্ৰত বাধ্যতামূলক হ’ব৷
জিএছটিৰ পৰিৱৰ্তনঃ পন্য আৰু সেৱাকৰৰ একাধিক ধাপৰ ক্ষেত্ৰত পৰিৱৰ্তন হ’ব৷
নতুন পেঞ্চন প্ৰকল্পঃ ১ জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ নতুন পেঞ্চন প্ৰকল্প আৰম্ভ হ’ব৷ পেঞ্চনাৰৰ বাবে নতুন নিয়ম আৰম্ভ হ’ব৷
ডেলিভাৰী চাৰ্জত জিএছটিঃ ডেলিভাৰী চাৰ্জত ১৮ শতাংশ জিএছটি আৰোপ কৰা হ’ব, এয়া অনলাইন শ্বপিঙৰ সৈতে সম্পৰ্ক থকাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব৷
চৰকাৰী বেংকৰ পৰিৱৰ্তনঃ চৰকাৰী বেংকত অনলাইন সেৱা সম্প্ৰসাৰণ হ’ব, বহু বেংকৰ শাখা বন্ধ কৰা হ’ব৷
ডিজিটেল শিক্ষাঃ অনলাইন শিক্ষাদানৰ ক্ষেত্ৰত চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিব, য’ত শিক্ষাৰ্থীৰ অধিক সুবিধা থাকিব৷
শিক্ষাৰ্থীৰ বৃত্তিত পৰিৱৰ্তনঃ স্কলাৰশ্বিপ বা বৃত্তি প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে ব্যাপক পৰিৱৰ্তন আনিব৷
শ্বেয়াৰ বজাৰৰ নিয়মঃ শ্বেয়াৰ বজাৰত বিনিয়োগৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য হ’ব, য’ত বিনিয়োগ মাছুল আৰু কৰ পৰিৱৰ্তন হ’ব৷
বৈদ্যুতিক বিলৰ পৰিৱৰ্তনঃ দেশজুৰি বিদ্যুৎ বিল প্ৰদানৰ কেৱল অনলাইন লেনদেন কৰা হ’ব৷
আবৰ্জনা নিষ্কাষনঃ আবৰ্জনা নিষ্কাষনৰ ক্ষেত্ৰত নতুন নিয়ম আৰম্ভ হ’ব, যাতে পৰিৱেশ সুৰক্ষিত হৈ থাকে৷
প্ৰাকৃতিক দুৰ্যোগৰ বীমাঃ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত অঞ্চলৰ বাবে চৰকাৰে বীমা ব্যৱস্থা আৰম্ভ কৰিব৷
কৰ আদায়ৰ ফাইলঃ আয়কৰ জমাৰ বাবে নতুন প্ৰয়োজনীয় নথি নিৰ্ধাৰণ কৰা হ’ব আৰু প্ৰক্ৰিয়াটো সৰল হৈ পৰিব৷
বিদেশ ভ্ৰমণঃ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত পাছপ’ৰ্ট আৰু ভিছাৰ দিশত চৰকাৰে পৰিৱৰ্তন সাধন কৰিব৷
স্মাৰ্ট চিটী প্ৰকল্পঃ স্মাৰ্ট চিটী প্ৰকল্পৰ অন্তৰ্গত চহৰসমূহক ডিজিটেল কৰা হ’ব৷
পেট্ৰ’ল-ডিজেলৰ মূল্যঃ পেট্ৰ’ল-ডিজেলৰ মূল্যৰ পৰিৱৰ্তন হ’ব৷
স্বাস্থ্য বীমাঃ স্বাস্থ্য বীমাৰ নিয়মত পৰিৱৰ্তন আনিব অধিক লোকক সুবিধা লাভ কৰাৰ ব্যৱস্থা কৰা হ’ব৷
আৱাসিক প্ৰকল্পত ৰাজসাহায্যঃ আৱাসিক প্ৰকল্পৰ ক্ষেত্ৰত ৰাজসাহায্যৰ ব্যৱস্থা কৰা হ’ব, যি গৃহহীনৰ বাবে ফলদায়ক হ’ব৷