কাজিৰঙাত বাঢ়িছে পৰ্যটক, কমিছে গঁড় হত্যা
‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদকঃ ২০২৪ বৰ্ষটো কাজিৰঙাৰ কাৰণে ভাল খবৰ৷ ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হত্যা হ্ৰাস পোৱাৰ বিপৰীতে পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে৷ এটা সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে দিনে-নিশাই ধাৰাবহিক গঁড় নিধন কৰি বনকৰ্মীৰ নিদ্ৰাহৰণ কৰিছিল৷ প্ৰশাসন আৰু আৰক্ষীৰ লগতে চৰকাৰৰ এক প্ৰত্যাহ্বান হৈ পৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধন ৰোধ কৰাটো৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ দিশৰ পৰা ব্ৰক্ষপুত্ৰ অতিক্ৰম কৰি আৰু দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ পৰা নামি অহা চোৰাং চিকাৰীয়ে একপ্ৰকাৰ বাধাহীনভাৱে গঁড় নিধন কৰি সন্ত্ৰাস সৃষ্টি কৰিছিল৷
চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ লোক একপ্ৰকাৰ আত্মসমৰ্পণ কৰাৰ দৰে হৈ পৰিছিল৷ কিন্তু ৰাজ্যখনত নতুন চৰকাৰ অহাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে৷ চোৰাং চিকাৰী ৰোধ কৰাত চৰকাৰে নতুন নতুন পদক্ষেপ লোৱাৰ ফলত ক্ৰমান্বয়ে কাজিৰঙাত গঁড় হত্যাৰ সংখ্যা হ্ৰাস পাইছে৷ উল্লেখ্য ২০২৪ বৰ্ষটো প্ৰকৃতিপ্ৰেমীৰ কাৰণে ভাল খবৰ৷ কাৰণ বন আৰু আৰক্ষী বিভাগৰ যুটীয়া প্ৰচেষ্টাত চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে৷ এই সম্পৰ্কে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া অৰুণ ভি গণেশে সাংবাদিকক জানিবলৈ দিয়া মতে ২০২৪ বৰ্ষটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাত্ৰ দুটা গঁড় চোৰাং চিকাৰীয়ে নিধন কৰিছে৷ এই দুটা গঁড় ২০২৪ বৰ্ষৰ আৰম্ভণি অৰ্থাৎ জানুৱাৰী মাহত চোৰাং চিকাৰীয়ে নিধন কৰিছিল যদিও বন আৰু আৰক্ষীৰ নিছিদ্ৰ পহৰাৰ বাবে পৰৱৰ্তী এঘাৰ মাহত আৰু গঁড় চোৰাং চিকাৰীয়ে নিধন কৰিবলৈ সক্ষম হোৱা নাই৷ বন সংমণ্ডল বিষয়াই আৰু জানিবলৈ দিয়া মতে বিগত বৰ্ষত দুটা গঁড় নিধন কৰাৰ পিছত বন আৰু আৰক্ষীৰ যুটীয়া প্ৰচেষ্টাত ২৪টা চোৰাং চিকাৰীক কৰায়ত্ব কৰি জে’ললৈ প্ৰেৰণ কৰিছে৷
অন্যহাতে ২০২৪ বৰ্ষটো পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত অতি শুভ লক্ষণ৷ এক তথ্যৰ পৰা জানিব পৰা মতে ২০২৪-২৫ বৰ্ষত এতিয়ালৈকে মুঠ ২.২ লাখ দেশ - বিদেশৰ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে৷ ইয়াৰ ভিতৰত ৭.৫ হাজাৰ বিদেশী পৰ্যটকো আছে৷ মাত্ৰ তিনি মাহত অৰ্থাৎ অক্টোবৰৰ পৰা আজিলৈ ৫.৭ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বুলি ডি এফ অ’ অৰুণ ভি গণেশে সাংবাদিকক জানিবলৈ দিয়ে৷ উল্লেখ্য বিগত পৰ্যটন বৰ্ষ অৰ্থাৎ ২০২৩-২৪ পৰ্যটন বৰ্ষত মুঠ ৩.২৭ লাখ দেশ বিদেশৰ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল৷ ইয়াৰ ভিতৰত ১৪ হাজাৰ বিদেশী পৰ্যটক আছিল আৰু মুঠ পৰ্যটকৰ পৰা মুঠ ৮.৮ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছিল৷ আগন্তুক বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা আৰু বৃদ্ধি হোৱাটো নিশ্চিত বুলিও বন বিষয়া জনে মত প্ৰকাশ কৰে৷ এটা গুৰুত্বপূৰ্ণ কথা যে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি যোৱাৰ পিছত কাজিৰঙালৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে৷ বিশেষকৈ বিদেশী পৰ্যটকৰ সংখ্যা অধিক বৃদ্ধি পাইছে বুলি বন সংমণ্ডল বিষয়াৰ মত প্ৰকাশ কৰে৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত অধিক পৰ্যটকে ভ্ৰমণ কৰিছে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কেন্দ্ৰীয় বনাঞ্চল কহঁৰাত গঁড়, হাতী, দুষ্প্ৰাপ্য দল হৰিণা, এচিয় ম’হৰ লগতে বিভিন্ন প্ৰজাতিৰ পক্ষী, মনোমোহা জৈৱবৈচিত্ৰ্য পৰ্যটকে দৰ্শন কৰাৰ লগতে প্ৰধানকৈ ঢেকীয়াপতীয়া বাঘ দৰ্শন কৰাটো অতি সুলভ হৈ পৰিছে বুলিও উদ্যান কতৃৰ্পক্ষই জানিবলৈ দিয়ে৷ উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ বাবে ২০২৪ বৰ্ষত নতুনকৈ কেইবাটাও বেৰেক নিৰ্মাণ কৰাৰ লগতে অতিৰিক্ত ১২৫ জনীয়া বনৰক্ষী, ১৩০জন অসম বন সুৰক্ষা বাহিনীৰ জোৱান আৰু ২টা অসম আৰক্ষীৰ কামাণ্ডো বাহিনী নিয়োগ কৰা হৈছে৷ যাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা দিয়াত অধিক সুবিধা হৈছে৷ অন্যহাতে বিগত বৰ্ষত কাজিৰঙাৰ কহঁৰাত ইংলেপথাৰ পাৰিপাশ্বিৰ্ক উন্নয়ন সমিতিৰ যোগেদি পৰ্যটকৰ সুবিধাৰ্থে নতুনকৈ কাজিৰঙা চাইক্লিং আৰম্ভ কৰাৰ হৈছিল যদিও এইবাৰ অগৰাতলি বনাঞ্চলৰ অধীনত চাইক্লিং ব্যৱস্থা আৰম্ভ কৰা হৈছে৷ ২০২৪ বৰ্ষত উদ্যান কতৃৰ্পক্ষৰ উদ্যোগত পাৰিপাশ্বিৰ্ক উন্নয়ন সমিতিৰ সদস্যৰ মাজত হস্ত তাঁত বস্ত্ৰ শিল্পৰ প্ৰশিক্ষণ দিয়াৰ লগতে বাগৰিত এখন ইক’ চপ অৰ্থাৎ পাৰিপাশ্বিৰ্ক উন্নয়ন সমিতিৰ দ্বাৰা প্ৰস্তত কৰা সামগ্ৰীৰ বিপনী মুকলি কৰা হৈছে বুলিও বন সংমণ্ডল বিষয়াই জানিবলৈ দিয়ে৷ আগন্তুক বৰ্ষৰ অৰ্থাৎ ২০২৫ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জলজ পক্ষী গণনাৰ লগতে বাঘ গণনা কৰাৰ পৰিকল্পনা কৰাৰ কথা ব্যক্ত কৰে বন সংমণ্ডল বিষয়াই৷ এক কথাত ক'বলৈ গলে ২০২৪ বৰ্ষটো কাজিৰঙাৰ বাবে প্ৰায় সকলো দিশত ভাল৷