Logo
image

পহিলা জানুৱাৰীত ঢেকীয়াখোৱা বৰনামঘৰত অগণন ভক্তৰ ভিৰ

'আমাৰ অসম'ৰ কাকজানৰ প্ৰতিবেদক, ১ জানুৱাৰীঃ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰ নামঘৰ আৰু নৃসিংহ মুৰাৰী মইনাপৰীয়া নামঘৰত পহিলা জানুৱাৰীত আশীৰ্বাদ ল'বলৈ অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ আগমন ঘটে। ভক্তসকলে নৈবেদ্য, শৰাই আৰু চাকি-বন্তি লৈ ভকতৰ আশীৰ্বাদৰ বাবে নামঘৰত সেৱা লয়। 



২০২৫ চনৰ প্ৰথম দিনটোত নামঘৰ পৰিচালনা সমিতিৰ ভক্তপ্ৰাণ ৰাইজক আদৰণি জনোৱাৰ লগতে দুপৰীয়া নাম প্ৰসংগৰ প্ৰসাদ নিৰ্মালি হিচাপে বিতৰণ কৰে। উল্লেখ্য যে পূৰ্বৰ তুলনাত এই বছৰত ভক্তৰ সমাগম বৃদ্ধি হৈছে। ইফালে ৰাজনৈতিক দলৰ নেতা-পালিনেতাসকলেও নামঘৰ লৈ আহি ভকতৰ আশীৰ্বাদ লোৱা দেখা গৈছে। নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই জানিবলৈ দিয়া মতে মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা বৰনামঘৰৰ প্ৰতিদিনে হোৱা নাম-প্ৰসংগৰ লগত সংগতি ৰাখিয়েই ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। সকলোকে নামঘৰৰ ভক্তসকলে আগন্তুক বছৰৰ বাধা বিঘিনি নাশ কৰি বিশ্ব শান্তিৰ কামনাৰে আশীৰ্বাদ প্ৰদান কৰে। তাৎপৰ্যপূৰ্ণ যে আজি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে একেলগে সেৱা লয়।