নৱবৰ্ষ উদযাপনঃ পহিলা জানুৱাৰীত মঠ-মন্দিৰ, চিৰিয়াখানাত ব্যাপক ভিৰ
'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ১ জানুৱাৰীঃ কেলেণ্ডাৰৰ পাত বাগৰি আকৌ এটা নতুন বছৰৰ আৰম্ভণি হ'ল। ২০২৪ বর্ষৰ সূৰুয অস্ত গৈ ২০২৫ চনৰ ন-সুৰুযে ৰক্তিম অভাৰে লৈ আহিছে সুখ শান্তি,সমৃদ্ধি, ভাতৃত্ববোধৰ মেটমৰা সম্ভাৰ। ইংৰাজী নৱবর্ষৰ পহিলা দিনটোত ভগৱানৰ আশীষ বিচাৰি পুৱাৰে পৰা ৰাজ্যৰ সৰু বৰ মঠ-মন্দিৰ, নামঘৰ আদিত অগণন ভক্তৰ সমাবেশ ঘটে৷ দেহৰ দহৰ মংগল কামনা কৰি ভক্তসকলে ভগৱানৰ ওচৰত ধূপ, দ্বীপ, নৈবদ্য আগবঢ়ায়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তেজপুৰৰ সকলো মন্দিৰতে বুধবাৰে অৰ্থাৎ ইংৰাজী নৱবর্ষৰ পহিলা দিনটোত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত পুৱাৰ পৰা তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ, ভৈৰৱী মন্দিৰ, গণেশ ঘাটৰ গণেশ মন্দিৰ, কেতেকেশ্বৰ দেৱালয়, হুদুপৰা থান, হলেশ্বৰ মন্দিৰকে ধৰি প্ৰায়সমূহ মঠ-মন্দিৰত ৰাইজৰ বিপুল সমাগম হোৱাৰ লগতে অগ্নিগড় উদ্যান, চিত্ৰলেখা উদ্যান, বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিৰ সমন্বয় ক্ষেত্ৰ, গণেশ ঘাট, ঔগুৰি পাহাৰ, দেৱী সিং ঘাট, দ পৰ্বতীয়াৰ শৈল দ্বাৰ আদিত সহস্ৰাধিক দৰ্শক পৰিলক্ষিত হয়। মন্দিৰ সমূহত ধূপ-চাকি, নৈবেদ্য আগবঢ়াই পৰিয়ালৰ লগতে দেশৰ কল্যাণ কামনা কৰে সকলোৱে। আগন্তুক বৰ্ষটি যাতে নিজৰ পৰিয়ালৰ লগতে সকলোৰে বাবে কল্যাণময় হয় তাৰ কামনা কৰা পৰিলক্ষিত হয় ভক্তপ্ৰাণ ৰাইজৰ মাজত।
একেদৰে বছৰটোৰ কৰ্ম ব্যস্ততাৰ পৰা কিছু মানসিক প্ৰশান্তি কামনা কৰি পৰিয়ালৰ সন্তানসকলক লগত লৈ উদ্যান আদিত মুকলি মনেৰে আনন্দ স্ফূৰ্তিৰে পাৰ কৰা বহু পৰিয়ালে হোটেল- ৰেস্তোৰাঁ, ধাবা আদিত দিনৰ আহাৰৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়। আনহাতে প্ৰতি বছৰৰ দৰে এইবেলিও দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে কৰ্মচাৰীসকলে নৱ-প্ৰভাত শিশু গৃহলৈ গৈ শিশুসকলক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে শিশুৰ প্ৰয়োজনীয় কিছু খাদ্য-সামগ্ৰী, শিকন সামগ্ৰী প্ৰদান কৰি তেওঁলোকৰ লগত কিছুসময় হাঁহি-ধেমালিৰে অতিবাহিত কৰে। গীত, কবিতা, নৃত্য মুখৰিত সময়খিনিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশ মণি শইকীয়াৰ লগতে কাৰ্যালয়ৰ সকলো কৰ্মচাৰীয়ে শিশুৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰাৰ লগতে শিশু গৃহটিৰ সঞ্চালিকা তৃষ্ণামণি লস্কৰ শইকিয়া এনে এটা মহৎ কাৰ্যৰ সৈতে জড়িত হৈ অনাথ শিশুসকলৰ জীৱনত পোহৰ বিলোৱা সকলোৱে ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে। নৱপ্ৰভাত শিশু গৃহৰ আবাসীসকলেও গীত-নৃত্যৰে পৰিৱেশ জীপাল কৰি তোলে প্ৰায় এঘণ্টা সময়৷ নৱবৰ্ষৰ পহিলা দিনটোতে হাজাৰ-হাজাৰ ভক্তৰ উপস্থিতিয়ে মুখৰ কৰে।
ইফালে ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে বিভিন্ন অঞ্চলৰ পৰা অহা হাজাৰ-হাজাৰ ভক্তৰ উপস্থিতিয়ে ভৰি পৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ গণেশ মন্দিৰ প্ৰাংগন৷ প্ৰতিবছৰৰ দৰে এইবেলিও পৰিয়ালৰ লগতে সমাজৰ মংগলাৰ্থে বঙাইগাঁও জিলাৰ লগতে পাৰ্শ্বৱৰ্তী জিলাৰ পৰা পুৱাৰে পৰা অহা ভক্তসকলৰ লানি নিচিগা সোঁত বয়৷ তাৰ পাছত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, মন্দিৰৰ শংখ-ঘণ্টা আদি মংগলময় ধ্বনিৰ মাজতে শৈলজানন্দন গনেশ বিগ্ৰহত প্ৰণিপাত জনায়৷ অভয়াপুৰীৰ নিকটৱৰ্তী লালমাটি-দুৰামাৰীৰ তথা শৈল ভাস্কৰ্যৰ অপূৰ্ব সমাহাৰ ঘটা গণেশ মন্দিৰত কেবা সহস্ৰাধিক ভক্তই ভিৰ কৰা বুলি মন্দিৰ পৰিচালনা সমিতিৰ প্ৰচাৰ সম্পাদক গিৰীশ নাথে জনাইছে৷
ৰাজ্যবাসীৰ লগতে ৰাজধানী মহানগৰী গুৱাহাটীবাসীয়েও ব্যাপক প্ৰস্তুতি তথা আনন্দ-উছাহৰে ইংৰাজী নৱবর্ষৰ প্ৰথম দিনটো অতিবাহিত কৰে। বিগত বৰ্ষৰ প্ৰাপ্তি-অপ্ৰাপ্তি সকলো একাষৰীয়া কৰি ইংৰাজী নৱবৰ্ষটোৱে যাতে সকলোৰে আশা-আকাংক্ষা পূৰণ কৰে, পৰিয়াল-আত্মীয় স্বজনৰ মঙ্গল কামনা কৰি ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যে মহানগৰীৰ বিভিন্ন মঠ-মন্দিৰত ভক্তৰ সমাগম হয়। বিশেষকৈ মহানগৰীৰ শক্তিপীঠ কামাখ্যা ধামত বুধবাৰৰ দিনটোত প্ৰায় ২০ হাজাৰ ভক্তৰ, উমানন্দ দেৱালয়ত ৮-১০ হাজাৰ ভক্তৰ সমাগম ঘটে। সেইদৰে বশিষ্ঠ মন্দিৰ, শুক্লেশ্বৰ দেৱালয়, উগ্ৰতৰা দেৱালয়, নবগ্রহ মন্দিৰ, সোমনাথ মন্দিৰ, লতাশিল গণেশ মন্দিৰ, পামহিৰ জ্যোতিলিংগ, কতাহবাৰীৰ বলভদ্ৰ মন্দিৰ, গণেশ গুৰিৰ গণেশ মন্দিৰ, বৰ্ণী হাতৰ সাই বাবা মন্দিৰ, অজ্ঞাথুৰিৰ গণেশ মন্দিৰ, আঠ মাইল গণেশ মন্দিৰ, বালাজী মন্দিৰ আদিৰ লগতে মহানগৰীৰ পশ্চিম প্ৰান্তৰ ঐতিহাসিক শ্ৰীশ্ৰী লংকেশ্বৰ ধাম, শ্ৰীশ্ৰী গণেশ মন্দিৰ, শনি মন্দিৰ, ৰাণী চাপৰি শ্ৰীশ্ৰী মনসা মন্দিৰ, কালেশ্বৰ মন্দিৰ আদিত বুধবাৰে পুৱাৰ পৰা অগণন লোকে নতুন বছৰটোত শান্তি কামনাৰ হকে ভক্তি-অৰ্চনা আগবঢ়াবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। এধানি সুখ-শান্তি বিচাৰি আৰু নতুন বছৰটোত য়াতে সমৃদ্ধিৰ উপচি পৰে, তাৰেই কুশল কামনা কৰি পুৱাৰ পৰা সন্ধিয়ালৈ মঠ-মন্দিৰ, দেৱালয়সমূহত অগণন লোকে পূজা-অৰ্চনা আগবঢ়ায়।
বছৰটোৰ পহিলা দিনটোত মঠ-মন্দিৰত ভক্তৰ সমাগম হোৱাৰ দৰে অসম ৰাজ্যিক চিৰিয়াখানাত পুৱাৰ পৰা অগণন দৰ্শনাৰ্থীয়ে ভিৰ কৰে। বুধবাৰৰ দিনটোত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত ৯ হাজাৰ টকাৰ টিকট বিক্ৰী হয়। বছৰৰ প্ৰথম দিনটোত পৰিয়াল, বন্ধুবৰ্গৰ সৈতে কটাবৰ বাবে গুৱাহাটী মহানগৰীৰ লগতে মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ পৰা যথেষ্ট লোকৰ আগমন হোৱাত পুৱাৰ পৰা সন্ধিয়ালৈ অগণন লোকৰ ভিৰ হোৱা পৰিলক্ষিত হয়। ইয়াৰ সমান্তৰালকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত প্ৰায় ৬ হাজাৰ, গুৱাহাটী তাৰকাগৃহত সহস্ৰাধিক, খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত ৪,৭৫৯ জন লোকৰ সমাগম ঘটে। সেইদৰে শ্রদ্ধাঞ্জলি কানন, ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ আদিকে ধৰি মহানগৰীৰ বিভিন্ন উদ্যানত যথেষ্ট লোকৰ আগমন ঘটে।
ইপিনে বছৰ টোৰ প্ৰথম দিনটোত আনন্দ-উছাহেৰে লগে ভাগে এসাঁজ খোৱাৰ বাবে একাংশ লোকে বনভোজ খোৱাৰ উদ্দেশ্যে পুৱাৰ ভাগতে মহানগৰীৰ সমীপৱর্তী বিভিন্ন স্থানলৈ ঢাপলি মেলে। তেনেদৰে মহানগৰীৰ সমীপৱর্তী ৰাণীৰ কপিলী, দ্বীপৰ বিল পাৰ, চন্দ্ৰপুৰ, হাতী শিলা আদি বনভোজস্থলীত অগণন বনভোজ খাবলৈ যোৱা দলে নৃত্য-গীতৰে বনভোজস্থলী উজ্জীৱিত কৰি তোলে। এনেদৰে ইংৰাজী নৱবর্ষৰ পহিলা দিনটোত হাঁহি-আনন্দৰ মাজেৰে দিনটো অতিবাহিত কৰিলে ৰাজ্যবাসীয়ে। ২০২৪ চনক বিদায় দি ২০২৫ চনক স্বাগতম জনাই নতুনৰ পণ ল'লে বহুজনে৷ ন-উদ্যমেৰে আগুৱাই যোৱাৰ সপোন বাস্তৱায়িত কৰিবলৈ এতিয়া সাজু ৰাজ্যবাসী।
( তেজপুৰৰ ষ্টাফ ৰিপোৰ্টাৰ আৰু যোগীঘোপাৰ প্ৰতিবেদকৰ সহযোগত)