Logo
image

১৫ দিনৰ বাবে বন্ধ হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেল

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১ জানুৱাৰীঃ গুৱাহাটী  বিশ্ববিদ্যালয় চৌহদত প্ৰথমবাৰৰ বাবে কর্তৃপক্ষই  বিগত শাৰদীয় দুৰ্গা পূজাৰ বন্ধৰ সময়চোৱাত কিবা অঘটন ঘটাৰ আশংকা কৰি  চাৰিটা গৱেষক আৱাসৰ বাহিৰে আন ২১ টা ছাত্রাবাস আৰু ছাত্রীনিবাসত বিদ্যুৎ আৰু পানী যোগান ব্যৱস্থা বিচ্ছিন্ন কৰি দিছিল৷ তাৰ পাছত এইবেলি পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ১৫ দিনীয়া শীতকালীন বন্ধৰ সময়চোৱাত ৭টা আৱাসৰ বাহিৰে আন সকলো আৱাস বন্ধ ৰখাৰ জাননী জাৰি কৰিছে।



বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিবে ৩০ ডিচেম্বৰত জাৰি কৰা জাননী অনুসৰি বন্ধৰ সময়ছোৱাত আইন আৰু গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবে থকা ৭টা আৱাসৰ বাহিৰে আন আৱাস বন্ধ থাকিব। ইয়াৰ মাজতে মাঘ বিহুৰ বাবে ১৩ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ সকলো আৱাস বন্ধ হৈ থাকিব। অৰ্থাৎ ১২ ডিচেম্বৰলৈ গৱেষক আৰু আইনৰ ৭টা আৱাসৰ বাহিৰে সকলো আৱাস বন্ধ থাকিব। তেনেদৰে ১৩ - ১৫ জানুৱাৰীত সকলো আৱাস বন্ধ থাকিব। ১৬ জানুৱাৰীত পুনৰ সকলো আৱাস খোলা হ'ব। উল্লেখ্য যে বিশ্ববিদ্যালয় চৌহদত গৱেষক আৱাসসহ সম্প্রতি সৰু-বৰ ২৫ টা আৱাস আছে। ইয়াৰে ১৪ টা ছাত্রাবাস আৰু ১১ টা ছাত্রীনিবাস। ইয়াৰে গৱেষক ছাত্ৰৰ বাবে আছে তিনিটা আৱাস আৰু গৱেষিকা ছাত্ৰীৰ বাবে আছে এটা আৱাস।