পূৰ্ণোদ্যমে চলিছে অসমীয়া ভাষাৰ ইউনিক’ডমুখী যাত্ৰা
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ জানুৱাৰীঃ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পাছতেই এতিয়া অসমীয়া লিপিক ইউনিক’ডত স্বতন্ত্ৰ স্থান দিয়াৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণোদ্যমে সামূহিক প্ৰচেষ্টা আৰম্ভ কৰিছে৷ অসমীয়া ভাষাৰ 'ব’, ‘ৰ’ ইত্যাদি বৰ্ণৰ লিপিক ইউনিক’ডত অসমীয়াৰ লিপি হিচাপে সুকীয়া পৰিচয় দিয়াৰ বাবেই অসম চৰকাৰে এই প্ৰচেষ্টা চলাই থকাৰ কথা জানিবলৈ দিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অসমীয়া ভাষাৰ কেইবাটাও লিপি বাংলা লিপি হিচাপে ইউনিক’ডত অন্তৰ্ভুক্ত হৈ আছে যদিও অসমীয়া লিপিক ইউনিক’ডত স্বতন্ত্ৰ স্বীকৃতি দিয়াৰ বাবে ইতিমধ্যে বিভিন্ন ভাষাপ্ৰেমী জাতীয়তাবাদী ব্যক্তি বিশেষে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷
ব্যক্তি বিশেষৰ এই প্ৰচেষ্টাক সামূহিক ৰূপ দি ৰাজ্য চৰকাৰেও অনাগত দিনত অসমীয়া ভাষাৰ ইউনিক’ডমুখীৰ যাত্ৰাৰ অংশীদাৰ হ’ব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নৱবৰ্ষৰ প্ৰথমটো দিনতে গুৱাহাটীৰ কইনাধৰাৰ চৰকাৰী অতিথিশালাত সাংবাদিকৰে বাৰ্তালাপ অনুষ্ঠানত চৰকাৰৰ উক্ত প্ৰচেষ্টাৰ কথা জানিবলৈ দি মুখ্যমন্ত্ৰীয়ে কয়– বিদায়ী ২০২৪ চনটো অসম আৰু অসমীয়াৰ বাবে গুৰুত্বপূৰ্ণ বৰ্ষ আছিল৷ বিগত বৰ্ষৰ ২৪ অক্টোবৰত অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ মৰ্যদাই অসমলৈ এক ভাৱিব নোৱৰা প্ৰাপ্তি আৰু আনন্দ কঢ়িয়াই আনিলে৷ অসমত ভাষা আন্দোলনৰ মূল আৰম্ভণি আছিল অসমীয়াৰ পৰা বাংলা উৎপত্তি নে, বাংলা ভাষাৰ পৰা অসমীয়া উৎপত্তি! এই বিতৰ্কৰ অৱসান ঘটাই ভাৰত চৰকাৰে অসমীয়া আৰু বাংলা দুয়োটা ভাষাকে ধ্ৰুপদী ভাষাৰ স্বীকৃতি দি আমাৰ ৰাজ্যখনৰ ভাষাক লৈ চলি থকা বিতৰ্কৰ অৱসান ঘটালে৷ এতিয়া আমাৰ ৰাজ্য চৰকাৰে সামূহিক প্ৰচেষ্টা হাতত লৈছে, কেনেকৈ আমি ইউনিক’ডত অসমীয়া যিকেইটা লিপি অন্তৰ্ভুক্ত হোৱা নাই তাক অন্তৰ্ভুক্ত কৰাব৷ ‘ব’ আৰু ‘ৰ’ ধৰণৰ বিশেষ লিপিকেইটাক কেনেকৈ ইউনিক’ডৰ আওতালৈ আনিব পাৰো তাৰ প্ৰচেষ্টা আৰম্ভ হৈছে৷ বাংলা ভাষাৰ লিপি যে কেৱল বাংলা ভাষাৰেই লিপি নহয় ই অসমীয়া ভাষাৰো লিপি, তাকো সগৌৰৱেৰে ইউনিক’ডত প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজ্য চৰকাৰে সামূহিক প্ৰচেষ্টাৰ কাম আৰম্ভ কৰিছে৷