ৰাজ্যিক কৰ্মচাৰীক ১০ লাখৰ বীমা, দুৰ্ঘটনা ঘটিলে ১ কোটি
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জানুৱাৰীঃ ‘এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীৰ প্ৰাকৃতিক কাৰণতো মৃত্যু হ’লে তেওঁৰ পৰিয়ালে ১০ লাখ টকাৰ জীৱন বীমাৰ ধন লাভ কৰিব৷ আনহাতে, দুৰ্ঘটনাত মৃত্যু হ’লে ১ কোটি টকা আৰু আংশিকভাৱে আঘাতপ্ৰাপ্ত হ’লে ৮০ লাখ টকা পৰ্যন্ত বীমাৰ ধন লাভ কৰিব৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷
ইংৰাজী নৱবৰ্ষ উপলক্ষে গুৱাহাটীত সাংবাদিকৰে বাৰ্তালাপ অনুষ্ঠানত এনেদৰে মন্তব্য কৰি ড॰ শৰ্মাই কয়– ‘লখিমপুৰ কেবিনেটৰ বৈঠকত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে কেইটামান জিৰ’ কষ্ট ইঞ্চুৰেন্স সেৱাৰ কথা ঘোষণা কৰা হৈছিল৷ সেইমৰ্মে আজি ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু ইউনিয়ন বেংক অব ইণ্ডিয়াৰ লগত ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়৷ আজিৰে পৰা এই আঁচনিখন কাৰ্যকৰী হয়৷ প্ৰাকৃতিক কাৰণ, বেমাৰত যদি কোনো চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হয় তেন্তে এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালে আন চৰকাৰী সুবিধাৰ লগতে ষ্টেট বেংক অৱ ইণ্ডিয়া বা ইউনিয়ন বেংকৰ পৰা ১০ লাখ টকাৰ বীমা ধন লাভ কৰিব৷ আজিৰ দিনটোত ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক আমি আৰু এটা নতুন দিগন্তলৈ লৈ গ’লোঁ৷ আমি আজিৰ পৰা বদলিৰ ক্ষেত্ৰত এক স্বচ্ছতা আনিব বিচাৰিছোঁ৷ এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে বদলি বিচাৰি চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব নালাগে৷ নাৰ্ছ, ফাৰ্মাচিষ্ট, পুলিচ কনিষ্টবল সকলোৱেই বদলি বিচাৰি ঘূৰি ফুৰিব লগা হৈছিল৷ বিভিন্ন ক্ষেত্ৰত ই ৰাজনৈতিক হস্তক্ষেপৰো বিষয় হৈ পৰে৷ আমি আজি এটা প’ৰ্টেল মুকলি কৰিছোঁ– ইয়াৰ নাম হৈছে স্বাগত সতীৰ্থ৷ এই প’ৰ্টেলটো প্ৰত্যেক বছৰে ১ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰী পৰ্যন্ত খোলা থাকিব৷ যিসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে আবেদন কৰিব খোজে তেওঁলোকে পাঁচখন জিলাক অপচন দি পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত বদলিৰ বাবে আবেদন কৰিব পাৰিব৷ এই প’ৰ্টেলটো ভাৰতৰ ভিতৰতে প্ৰথম৷ ১৪ এপ্ৰিলৰ আগতে কম্পিউটাৰে লোডেড কৰি বদলি কৰি দিব৷ ডাইৰেক্টৰৰ ডিজিটেল চহীত বদলিৰ অৰ্ডাৰ ওলাই যাব৷ ইয়াত মেনুৱেল হস্তক্ষেপ কাৰোৰে নাথাকিব৷