Logo
image

আদাৰে বনোৱা চাহ খালে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰিত হয়

সম্প্ৰতি বৃদ্ধি পাইছে ডায়েবেটিছৰ সমস্যা৷ ডায়েবেটিছ আক্ৰান্ত ৰোগীয়ে উক্ত ৰোগৰ পৰা মুক্তি পাবলৈ বা তেজত শৰ্কৰাৰ মাত্ৰা ঠিকে ৰাখিবলৈ এবিধ বিশেষ চাহ খালে উপকাৰ পাব৷ উল্লেখ কৰা হ’ল ডায়েবেটিছৰ পৰা পৰিত্ৰাণ পাব পৰা বিশেষ চাহবিধৰ বিষয়ে–

- ইউনিৰ্ভাচিটী অৱ মেৰিলেণ্ডৰ পৰা প্ৰকাশিত এক প্ৰতিবেদনত  চাহৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হৈছে৷ উক্ত প্ৰতিবেদনৰ মতে দৈনিক একাপকৈ হালধিৰে বনোৱা চাহ খালে শৰীৰ সুস্থ হৈ থাকে৷ এই চাহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, তেজত শৰ্কৰাৰ মাত্ৰা ঠিকে ৰাখে৷ তেজত গ্লুক’জৰ মাত্ৰা কমাবলৈ হালধিৰে বনোৱা চাহ খালে যথেষ্ট উপকাৰ পাব৷ 

- এণ্টি অক্সিডেণ্টৰ দ্বাৰা পৰিপূৰ্ণ আদাৰে বনোৱা চাহ নিয়মীয়াকৈ খালে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ হৈ থাকে৷ আদা দিয়া চাহে ইমিউনিটী বৃদ্ধি কৰে আৰু মানসিক চাপ কমায়৷ সেয়ে সদায় আদাৰে বনোৱা চাহ খালেহে  উপকাৰত আহে৷ 



- ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ বাবে আন এবিধ উপকাৰী চাহ হৈছে  এল’ভেৰা চাহ৷ এল’ভেৰাৰে বনোৱা চাহে শৰীৰ সুস্থ ৰাখে, তেজত শৰ্কৰাৰ মাত্ৰা কমায় আৰু শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ সদায় পুৱা এল’ভেৰা গছৰ পাত কাটি তাৰ পৰা বিজলুৱা অংশ উলিয়াই লওক আৰু নিৰ্দিষ্ট পৰিমাণৰ পানীৰ সৈতে মিহলাই খাওক৷ দেখিব লাহে লাহে ডায়েবেটিছৰ সমস্যা উপশম ঘটিবলৈ আৰম্ভ কৰিছে৷ 

- তেজত শৰ্কৰাৰ মাত্ৰা ঠিকে ৰাখিবলৈ আৰু উচ্ছ ৰক্তচাপ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ জবা ফুলৰ চাহ খাব পাৰে৷ ইয়াত এণ্টি অক্সিডেKI× থাকে৷ যাৰ বাবে জবা ফুলৰ চাহে তেজত শৰ্কৰাৰ মাত্ৰা কমাই শৰীৰ সুস্থ কৰি ৰাখে৷

- দৈনিক অন্ততঃ এবাৰকৈ ডালচেনিৰে বনোৱা চাহ খালেও  উপকাৰ পোৱা যায়৷ এই চাহে শৰীৰ সুস্থ কৰি ৰাখে আৰু কলেষ্টেৰলৰ মাত্ৰা উন্নত কৰি ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখে৷ 

- মানসিক উদ্বেগ, অৱসাদ, দুঃশ্চিন্তা আদি হৈছে ডায়েবেটিছৰ অন্যতম কাৰক৷ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে শৰীৰৰ আন অংগ-প্ৰত্যংগৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব  পাৰে৷ সেয়ে শৰ্কৰা নিয়ন্ত্ৰণত ৰাখিবলৈ বা ডায়েবেটিছ ৰোগৰ পৰা বাচি থাকিবলৈ হ’লে খাদ্য তালিকাত উল্লিখিত পৰামৰ্শসমূহ অন্তৰ্ভুক্ত কৰিব পাৰে৷