সুৰাপায়ী যুৱকৰ বাইকৰ খুন্দাত প্ৰাণ গ'ল শিশুৰ
'আমাৰ অসম'ৰ কাকজানৰ প্ৰতিবেদক, ২ জানুৱাৰীঃ নৱবৰ্ষৰ আনন্দ উল্লাহৰ মাজতে বুধবাৰে মেলেং জটকীয়াৰ চাং কোৱা বস্তিত দিনৰ ১ মান বজাত সুৰাপায়ী যুৱকৰ পালছাৰ বাইকৰ খুন্দাত থিতাতে প্ৰাণ গ'ল এটি চাৰে তিনি বছৰীয়া শিশুৰ৷ জানিব পৰা মতে দাদু বৰা নামৰ উদণ্ড যুৱকেজনে সুৰামত্ত অৱস্থাত বাইক চলাই এটি শিশুক খুন্দিয়াই নিহত কৰা লগতে নিজেও আঘাতপ্ৰাপ্ত হৈ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে।
দুঘটনা সংঘটিত হোৱাৰ পাছতে অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পাছত ঘটনাস্থলীত লাহদৈগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ উল্লেখ্য যে এইবাৰ নৱবৰ্ষৰ সময়ত পূৰ্বৰ দৰে দুৰ্ঘটনা হ্ৰাস পাইছে যদিও ৰাজ্যৰ দুই এক স্থানত দুৰ্ঘটনাত সংঘটিত হৈছে৷ ইফালে, মেলেং জটকীয়াত শিশুটিৰ মৃত্যুত শোকৰ ছাঁ পৰিছে৷