শুংসূত্ৰ নাই নাহৰফুটুকীৰঃ প্ৰয়োজন নহ'লে সন্ধিয়াৰ পাছত ঘৰৰ পৰা নোলাব, স্কুল-কলেজ বন্ধ
'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জানুৱাৰীঃ নগাঁও চহৰত এতিয়া বাঘৰ আতংক৷ বাঘক লৈ চলিছে নানা উৰাবাতৰি৷ বাঘ বিচাৰি চলাথ কৰিছে বন বিভাগৰ দলে৷ পিছে বাঘৰহে নাই কোনো শুংসূত্ৰ৷ বুধবাৰে দিনৰ ভাগতে নগাঁও চহৰৰ এঘৰত এটা নাহৰফুটুকী আকস্মিক আবিৰ্ভাৱ হোৱাত চহৰখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ পাছত দুপৰীয়া নগাঁও চহৰৰ মাজমজিয়াৰ অতি ঘন বসতিপূৰ্ণ আমোলাপট্টিৰ কমলানন্দ ৰোডৰ মঞ্জুল কলিতাৰ তিনিমহলীয়া ঘৰৰ ওপৰ মহলাৰ অৰ্ধনিৰ্মিত এটা স্নানাগাৰৰ ভিতৰত শুই থকা অৱস্থাত নাহৰফুটুকীৰ অৱস্থিতিয়ে আতংক সৃষ্টি কৰে৷
মানুহৰ সমাগম দেখি নাহৰফুটুকীটোৱে আশ্ৰয় লৈ থকা স্থানৰ পৰা পলায়ন কৰাৰ পাছত নাহৰফুটুকীটোৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগে। বুধবাৰে বিয়লিৰে পৰা বন বিভাগৰ দলে নাহৰফুটুকীটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত অৱস্থিতি ধৰা পেলাব পৰা নাই। বন বিভাগে বৃহস্পতিবাৰে চহৰখনৰ কলঙৰ পাৰ আৰু সাম্ভাৱ্য এলেকাত বাঘৰ খোজৰ পৰ্যবেক্ষণ কৰে যদিও বাঘটোৰ গতি-বিধিৰ শুংসুত্ৰ উলিয়াব নোৱাৰিলে। বাঘটোৰ অৱস্থিতি ধৰা নপৰাত চহৰবাসীৰ মাজত বাঘটোক লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ লগতে ৰাইজ আতংকিত হৈ আছে।
ইপিনে, নগাঁও চহৰত নাহৰফুটুকীৰ অতংকৰ পৰিপ্ৰেক্ষিতত নগাঁও পৌৰসভাই কোনো লোককে প্ৰাতঃভ্ৰমণ নকৰিবলৈ মাইকযোগে আহ্বান জনায়। ইয়াৰ পৰিপ্ৰেক্ষিতত চহৰখনৰ কলঙৰ পাৰত প্ৰাতঃভ্ৰমণ কৰিবলৈ কোনো লোকেই ওলাই যোৱা নাই৷ আনহাতে, চহৰখনৰ আন ঠাইতো বৃহস্পতিবাৰে প্ৰাতঃভ্ৰমণ কৰিবলৈ যোৱা লোকৰ সংখ্যা তেনেই কম হোৱা পৰিলক্ষিত হয়। নগাঁও চহৰৰ আমোলাপট্টি অঞ্চলটোত নাহৰফুটুকীৰ আতংকৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ কিৰণবালা দেৱী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, মন্টেছৰী স্কুল, ৰেনেছাঁ হাইস্কুল, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়, মেট্ৰিক্স ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, পূৱ আমোলাপট্টি প্ৰাথমিক বিদ্যালয়, ৰত্নকান্ত বৰকাকতী হাইস্কুল, নৱৰূপ জাতীয় বিদ্যাপীঠ আদি বন্ধ ৰখা হয়।