বাঘবৰ পাহাৰক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ দাবী
'আমাৰ অসম'ৰ বাঘবৰ'ৰ প্ৰতিবেদক, ২ জানুৱাৰীঃ বৰপেটা জিলাৰ ঐতিহাসিক বাঘবৰ পাহাৰৰ পাদদেশত স্থাপিত শ্ৰীশ্ৰী মাধৱদেৱৰ বৈঠাপুতা ঘাট সত্ৰ আৰু প্ৰাচীন বাঘবৰ পাহাৰৰ বাঘেশ্বৰী মন্দিৰ। উল্লেখ্য যে জনশ্ৰুতি মতে-কমতাপুৰৰ ৰজা আৰিমত্তই (১৩৬৫-১৩৮৫) বাঘেশ্বৰী থান (মন্দিৰ) নিৰ্মাণ কৰিছিল। বাঘেশ্বৰী মন্দিৰ হৈছে পাৰ্বতীৰ উপাসনাস্থলী। ইপিনে পাহাৰ, নদী, বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকতিৰ কলৰবেৰে মুখৰিত, মোহনীয়, বিনন্দীয়া প্ৰকৃতিৰ অপৰূপ ৰূপেৰে মহীয়ান বাঘবৰ অঞ্চল।
এনে ঐতিহাসিক বাঘবৰ পাহাৰক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে স্থানীয় সচেতন নাগৰিক, দল সংগঠনে দীৰ্ঘদিনৰ পৰাই দাবী কৰি আহিছে। স্মৰ্তব্য যে প্ৰতিবছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বাঘবৰ পাহাৰ আৰু ইয়াৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ নদীৰ নান্দনিক দৃশ্য পৰ্যটক তথা ৰাইজে উপভোগ কৰি আহিছে। আনকি বহু ঘটনা-পৰিঘটনাৰ সাক্ষী এই ঐতিহাসিক বাঘবৰ পাহাৰত নৃতত্ত্ব, বুৰঞ্জী আৰু পুৰাতত্ব বিভাগে খনন কাৰ্য চলাই সংৰক্ষণ কৰিলে হয়তো অসমৰ মধ্যযুগৰ বহু ঘটনাৰ তথ্য আৱিষ্কাৰ হ'ব।
এনে ইতিহাস প্ৰসিদ্ধ বহু গুৰুত্বপূৰ্ণ স্থান-সত্ৰ,মঠ-মন্দিৰ থকা বাঘবৰ পাহাৰত প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনা আছে৷ সেয়ে চৰকাৰে কিছু আন্তঃগাঁথনিৰ সা-সুবিধা কৰি দিলে বাঘবৰতে এক মনোৰম পৰ্যটন আৰু ব্যৱসায়-বাণিজ্য কেন্দ্ৰ গঢ়ি উঠিব৷ এইক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ, বৰপেটা জিলা প্ৰশাসনক ব্যৱস্থা ল'বলৈ দাবী জনোৱাৰ লগতে ৰাজ্যৰ সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে বৃহত্তৰ বাঘবৰ অঞ্চলৰ সচেতন ৰাইজে।