Logo
image

ক’ভিডৰ দুঃস্বপ্ন মনত পেলাই অতিসংক্ৰামক ভাইৰাছৰ আক্ৰমণ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ জানুৱাৰীঃ চীনৰ য়ুহান চহৰত ২০১৯ চনত প্ৰথমে সাধাৰণ জ্বৰ হিচাপে আৰম্ভ হৈ পাছত ক’ভিড-১৯ নাম লৈ বিশ্ব সংহাৰ কৰা ভাইৰাছৰ আবিৰ্ভাৱৰ ৫ বছৰৰ পাছত এইবাৰ এইচ এম পি ভি নামৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ভাইৰাছে দেশখনত আকৌ এবাৰ আতংকৰ সৃষ্টি কৰিছে৷ ‘হিউমেন মেটা নিউমো ভাইৰাছ’ নামৰ নতুন এবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলত দেশখনৰ লাখ লাখ লোক আক্ৰান্ত হৈছে৷ কেৱল আক্ৰান্ত হোৱাই নহয়, এই ভাইৰাছত আক্ৰান্তই আতংকিত হৈ চিকিৎসালয়লৈ ঢাপলি মেলাত চীনৰ হাস্পতাল লোকে লোকাৰণ্য হৈ পৰিছে৷

সংবাদ প্ৰতিষ্ঠান ৰয়টাৰৰ বাতৰি অনুসৰি চীনৰ নৰ্ডাৰ্ন প্ৰভিন্সত ঘাইকৈ ১৪ বছৰৰ অনূৰ্ধ্ব কিশোৰ-কিশোৰী এই এইচ এম পি ভি ভাইৰাছৰ দ্বাৰা সৰ্বাধিক আক্ৰান্ত হৈছে৷ চীনৰ স্বাস্থ্য বিভাগেও অলপো অৱহেলা নকৰি এইচ এম পি ভিত আক্ৰান্ত ৰোগীক ততালিকে চিনাক্ত কৰা আৰু চিকিৎসা সেৱা আগবঢ়োৱাৰ পদক্ষেপ হাতত লৈছে৷ এতিয়াও অচিনাক্ত হৈ থকা ভাইৰাছবিধৰ চিনাক্তকৰণ কিম্বা গৱেষণা পাছলৈ ৰাখি এইচ এম পি ভিত আক্ৰান্তক পৃথকে ৰখাৰ ব্যৱস্থা কৰিছে চীনৰ স্বাস্থ্য বিভাগে৷ তদুপৰি এই ভাইৰাছত আক্ৰান্তক দ্ৰুতভাৱে বিচাৰি উলিওৱাৰ পদক্ষেপো লৈছে চীনৰ প্ৰশাসনে৷ তাৰ বাবে তেওঁলোকে উৎস বা কাৰণ নজনাকৈ নিউমেনিয়াত আক্ৰান্ত ৰোগীকো পৃথকে ৰাখি পৰীক্ষা কৰিছে৷ ক’ভিড-১৯ৰ দৰে যাতে এইচ এম পি ভিৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পি নপৰে, সেয়া নিশ্চিত কৰাৰ বাবেই প্ৰথমে ৰোগী বা আক্ৰান্তক পৃথকে ৰখাৰ ব্যৱস্থা কৰিছে৷ চীনৰ নৰ্ডাৰ্ন প্ৰভিন্সৰ হাস্পতালসমূহ এই ভাইৰাছত আক্ৰান্ত লোকেৰে ভৰি পৰিছে৷ তালৈ চাই এইবাৰো ক’ভিডৰ দৰে আতংক দেশখনত বিয়পি পৰা পৰিলক্ষিত হৈছে৷


তাৎপৰ্যপূৰ্ণ এয়াই, এইপৰ্যন্ত এইচ এম পি ভি নামৰ ভাইৰাছবিধ চিনাক্ত কৰা সম্ভৱ হ’লেও ইয়াৰ বৈশিষ্ট, আচৰণ, ক্ষতি কৰিব পৰা শক্তিৰ বিষয়ে বিশদ তথ্য লাভ কৰিব পৰা হোৱা নাই৷ প্ৰাথমিক তথ্য অনুসৰি এই ভাইৰাছে সংক্ৰমিত ব্যক্তিক শ্বাস-প্ৰশ্বাসৰ কষ্টত ভুগিবলৈ বাধ্য কৰে৷ সকলো বয়সৰ লোক আক্ৰান্ত হ’লেও এতিয়ালৈকে বয়স্ক আৰু শিশু তথা কিশোৰ-কিশোৰী এই ভাইৰাছত অধিক মাত্ৰাত আক্ৰান্ত হৈছে৷ তদুপৰি প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা লোকক এই ভাইৰাছে অধিক আক্ৰমণ কৰিছে৷ এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লক্ষণ হৈছে– কাঁহ, জ্বৰ, নাকবন্ধ হৈ পৰা, উশাহ চুটি হোৱা৷ সংক্ৰমিত ৰোগীয়ে ব্ৰংকাইটিছ বা নিউমেনিয়াত ভোগা বুলি প্ৰথমে ভ্ৰম হোৱা স্বাভাৱিক বুলি চীনৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে৷ কোনো ব্যক্তিৰ শৰীৰত এই ভাইৰাছে প্ৰৱেশ কৰিলে কমেও ৩ দিনৰ পৰা ৬ দিনতহে লক্ষণসমূহ ফুটি উঠে৷ এতিয়াও এই ভাইৰাছৰ কোনো নিৰ্দিষ্ট চিকিৎসা ওলোৱা নাই৷ চীনৰ স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা অনুসৰি এই ভাইৰাছ নিৰ্জীৱ বস্তৰ পৰা মানৱ শৰীৰলৈ সংক্ৰমিত হ’ব পাৰে৷ তাৰ পাছত সংক্ৰমিত ব্যক্তিৰ সৈতে হোৱা স্পৰ্শ যেনে– কৰমৰ্দন, একেবিধ কাপোৰ ব্যৱহাৰ কৰা, একে খাদ্যৰ বাচন ব্যৱহাৰ কৰাৰ পৰা এই ভাইৰাছ সংক্ৰমিত হয়৷ নিৰ্জীৱ বস্তু যেনে– দুৱাৰৰ হেণ্ডেল, মুদ্ৰা, খেলনা, মোনা, লিফ্‌টৰ বুটাম, লাইটৰ ছুইচ, ৰিম’ট কণ্ট্ৰ’ল, ৰুমাল, মলিয়ন কাপোৰ ইত্যাদিৰ পৰা এই ভাইৰাছ মানৱ দেহলৈ বিয়পে৷

চীনত এই ভাইৰাছক লৈ আতংক বিয়পি পৰিলেও ভাৰতৰ স্বাস্থ্য সঞ্চালকালয়ে (ডি জি এইচ চি) এইচ এম পি ভিক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে৷ ডি জি চি এৰ সঞ্চালক অতুল গোৱেলে কয় যে ভাৰতত এতিয়াও এইচ এম পি ভিয়ে দেখা দিয়া নাই৷ তেওঁ কয় যে, এয়া ফ্লুৰ দৰে লক্ষণ থকা এবিধ শ্বাস-প্ৰশ্বাসজনিত ৰোগহে৷ শীতকালত এনে ৰোগ বেছিকৈ হয় বুলি তেওঁ মন্তব্য কৰে৷

প্ৰসংগতঃ ক’ভিড-১৯ যে ২০২০ চনৰ আৰম্ভণিৰ পৰা সমগ্ৰ বিশ্বত অতিমাৰীৰ ৰূপ লৈ অভাৱনীয় সংহাৰ চলাইছিল৷ সমগ্ৰ বিশ্বত ক’ভিডত ৭,০১০,৬৮১ আৰু ভাৰতত ৫,৩৩,৫৭০ জন মৃত্যুমুখত পৰিছিল৷ অৱশ্যে ‘ক’মৰ্বিডিটি’  অৰ্থাৎ ক’ভিডত আক্ৰান্ত হৈ আন ৰোগত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ক’ভিডত পোনে পোনে মৃত্যু হোৱাতকৈ কম নাছিল৷