Logo
image

গুৱাহাটী-লখিমপুৰ পোনপটীয়া ৰে’লসেৱা আৰম্ভ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জানুৱাৰীঃ বছৰৰ প্ৰথমটো সপ্তাহতে অৰ্থাৎ শুকুৰবাৰে কেন্দ্ৰীয় ৰে’ল তথা ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তিনিটা অভিলাসী প্ৰকল্পৰ ভূমি পূজন কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু বিমল বৰাৰ উপস্থিতিত  বৈষ্ণৱে প্ৰকল্পকেইটাৰ ভূমি পূজন কৰে৷ আনহাতে, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু কেন্দ্ৰীয় ৰে’ল তথা ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত ৰে’ল সংযোগ অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ পল্টন বজাৰ ৰে’ল ষ্টেচনত আয়োজিত এক অনুষ্ঠানত তিনিখন নতুন ৰে’লৰ সেৱা ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে৷ 

এই অনুষ্ঠানতে ‘নেচনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰনিকছ এণ্ড ইনফৰমেশ্যন টেকন’লজি’ ডীমড্‌ টু বি ইউনিভাৰচিটি আৰু আকাশবাণী কোকৰাঝাৰৰ এফ এম ষ্টেচনো উদ্বোধন কৰা হয়৷ তদুপৰি, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা নিৰ্মাণ কৰা তেতেলীয়া ষ্টেচন য়াৰ্দত নতুন ৰোড অ’ভাৰ ব্ৰীজখনো আনুষ্ঠানিকভাৱে এই অনুষ্ঠানতে জনসাধাৰণৰ ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰা হয়৷ ৭২ কোটি টকা ব্যয়েৰে নিৰ্মিত এই ৰোড অ’ভাৰ ব্ৰীজখনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে সংযোগ কৰিব৷ উল্লেখ্য, এই অনুষ্ঠানত গুৱাহাটী- নৰ্থ লখিমপুৰ, নিউ বঙাইগাঁও- গুৱাহাটী আৰু তিনিচুকীয়া- নাহৰলগুনৰ মাজত তিনিখন নতুন ৰে’লৰ সেৱা শুভাৰম্ভ কৰা হয়৷ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যয়ো ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ২০২৫ চনৰ শুভাৰম্ভতে কেন্দ্ৰীয় মন্ত্ৰী বৈষ্ণৱে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে একাধিক উপহাৰ প্ৰদান কৰিলে বুলি মন্তব্য কৰি ইয়াৰ বাবে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীজনক ধন্যবাদ জ্ঞাপন কৰে৷ 



মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে ২০৪৭ চনত এখন বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰন্তৰ প্ৰয়াস চলাই আহিছে আৰু দেশৰ যুৱ প্ৰজন্মক এই বিকশিত ভাৰতৰ সপোন আগত লৈ আগবাঢ়ি যাবলৈ তেওঁ প্ৰেৰণা যোগাইছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ২০৪৭ চনৰ বিকশিত ভাৰতৰ যি সপোন ৰচনা কৰিছে সেই সপোনৰ মুল আধাৰ হৈছে প্ৰযুক্তি৷ প্ৰযুক্তিৰ এই বিকাশ আৰু বিৱৰ্তনে ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰৰ দিশত আগবঢ়াই নিব৷ সমগ্ৰ দেশত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন, কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা, ব্লক চেইন আদিৰ দিশত কাম-কাজ চলি আছে৷ চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ বাবে প্ৰয়োজন হোৱা সকলোখিনি জ্ঞানৰ পৃষ্ঠভূমি হিচাপে ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে নিৰলস প্ৰয়াস চলাইছে৷ গুজৰাট আৰু জাগীৰোডত স্থাপন হোৱা ছেমিকণ্ডাক্টৰ তথা আগলৈ কোৱাণ্টাম ফিজিক্স, কৃত্ৰিম বুদ্ধিমত্তা আদিৰ কাম ভাৰতবৰ্ষত সম্পাদন হ’ব আৰু এই ক্ষেত্ৰত দেশৰ লগতে সমগ্ৰ পৃথিৱীতে ইয়াৰ বাবে প্ৰয়োজনীয় দক্ষ মানৱসম্পদ ভাৰতবৰ্ষই যোগান ধৰিব৷ ইয়াৰ বাবে আমি ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মক সাজু কৰি তুলিব লাগিব৷  জাগীৰোডত স্থাপন হ’বলগীয়া ছেমিকণ্ডাক্টৰ উদ্যোগটোৰ কাম সম্প্ৰতি তীব্ৰ গতিত চলি আছে আৰু চলিত বৰ্ষৰ শেষৰ ফালে এই উদ্যোগটোৱে উৎপাদন আৰম্ভ কৰিব৷ এই উদ্যোগটোৰ বাবে যথেষ্ট সংখ্যক দক্ষ মানৱসম্পদৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি ‘ডীমড্‌ টু বি ইউনিভাৰচিটি’ হিচাপে উদ্বোধন হোৱা নেচনেল ইনষ্টিটিউট অৱ ইলেক্টªনিকছ এণ্ড ইনফৰমেশ্যন টেকন’লজি (এন আই ই এল আই টি) য়ে এই মানৱসম্পদ গঢ়ি তোলাৰ দিশত প্ৰভূত অহিৰণা যোগাব৷ 

মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ উচ্ছ শিক্ষিত যুৱ প্ৰজন্মই কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আদিৰ দৰে ৰাজ্যলৈ গৈ সেই ৰাজ্যসমূহৰ তথ্য প্ৰযুক্তিৰ উদ্যোগত নিযুক্তি লাভ কৰিছে৷ এই ‘এন আই ই এল আই টি’ ৰ এটা চৌহদ জাগীৰোডতো স্থাপন হ’ব এই উচ্ছ শিক্ষা প্ৰতিষ্ঠানখনে অসমৰ শিক্ষা জগতত জ্ঞান আৰু বিজ্ঞানৰ এক নতুন সূৰুজৰ উন্মেষ ঘটাব আৰু ৰাজ্যখনৰ সমগ্ৰ শিক্ষা আৰু বৌদ্ধিক জগতখন আলোকময় কৰি তুলিব৷   মুখ্যমন্ত্ৰীয়ে ৰে’ল যাতায়াতৰ ক্ষেত্ৰতো অসম তথা উত্তৰ- পূৰ্বাঞ্চলত হোৱা অগ্ৰগতিৰ কথা উল্লেখ কৰি ৰে’লৰ বৈদ্যুৎতিকীকৰণ, অমৃত ভাৰত ষ্টেচন স্থাপন, ব্ৰডগজ লাইনলৈ সম্প্ৰসাৰিত আৰু লামডিং পৰ্যন্ত  দ্বৈত ৰে’লপথৰ কাম-কাজৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজনক ধন্যবাদ জ্ঞাপন কৰে৷  অসমত ৭ টা  অমৃত ভাৰত ষ্টেচন নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দ্বৈত ব্ৰডগজ ৰে’লপথ স্থাপনৰ কামো সম্প্ৰতি ৰাজ্যখনত দ্ৰুতগতিত চলি আছে৷ উত্তৰ- পূৰ্বাঞ্চলৰ বাবে ৰে’ল মন্ত্ৰণালয়ৰ বাজেট কেইবাগুণো বৃদ্ধি হোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে ভাষণত  উল্লেখ কৰে৷ অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আদি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, শিক্ষা আদি বিভাগৰ মন্ত্ৰী  ডাঃ ৰণোজ পেগু, পৰিবহন আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, সাংসদ ৰামেশ্বৰ তেলী, দিলীপ শইকীয়া, বিজুলী কলিতা মেধি, বিধায়ক ড॰ পৰমানন্দ ৰাজবংশীৰ উপৰি মুখ্যসচিব ড॰ ৰবি কোটা, এন আই ই এল আই টিৰ মহানিৰ্দেশক প্ৰফেছাৰ এম এম ত্ৰিপাঠী আদিকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দুধনৈত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নৱনিৰ্মিত স্থায়ী সচিবালয়, যাদুঘৰ আৰু ই-পুথিভঁৰাল উদ্বোধন কৰাৰ উপৰি বীৰ ৰাভা ৰজা পৰশুৰামৰ সু-উচ্ছ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে৷