Logo
image

শীতত ঊলৰ পোছাক পিন্ধি শোৱাটো ক্ষতিকাৰক নেকি?

শীতকালত ঠাণ্ডাৰ পৰা হাত সাৰিবৰ বাবে বহুতৰে ঊলৰ পোছাক পৰিধান কৰি শোৱাৰ অভ্যাস৷ কিন্তু ঊলৰ ছুৱেটাৰ, মোজা আদি পৰিধান কৰি শুলে স্বাস্থ্যৰ বাবে আহিব পাৰে ভয়ংকৰ বিপদ৷ 
- ঊলৰ পোছাক পৰিধান কৰিলে শৰীৰৰ তাপমাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়৷  এনেক্ষেত্ৰত হৃদযন্ত্ৰৰ সমস্যা থাকিলে বিপদ হ’ব পাৰে৷ 
- ছুৱেটাৰ পিন্ধি শুলে ছাল শুকান হৈ পৰে, ছুৱেটাৰ পিন্ধি শুলে ৰক্ত সঞ্চালনতো বাধাৰ সৃষ্টি হ’ব পাৰে৷
- সাধাৰণতে ছুৱেটাৰ আদি যি ধৰণৰ উপাদানেৰে তৈয়াৰ কৰা হয়, তাৰ জৰিয়তে তাপমাত্ৰা ৰোধ কৰিব পৰা যায়৷ সাধাৰণ সূতাৰ পোছাকতকৈ  ঊলৰ পোছাকে তাপমাত্ৰা ধৰি ৰাখে৷ ফলত এনেধৰণৰ পোছাক পৰিধান কৰিলে শৰীৰ উষ্ণতা বৃদ্ধি পায়৷ অতিৰিক্ত উষ্ণতা ডায়েবেটিছ ৰোগীৰ বাবে বিপজ্জনক হৈ উঠিব পাৰে৷ 



- শোওতে ঊলৰ মোজা পিন্ধাটো ভাল অভ্যাস নহয়৷ ঊলে তাপমাত্ৰা ধৰি ৰাখিলেও ঘাম শোষণ কৰিব নোৱাৰে৷ যাৰ বাবে এনেধৰণৰ ঊলৰ মোজা পৰিধান কৰি শুলে ঘাম জমা হোৱাৰ সমস্যা সৃষ্টি হ’ব পাৰে৷ ইয়াৰ ফলত নানাধৰণৰ চৰ্মৰোগত ভোগাৰ আশংকা থাকে৷ 
- ঠাণ্ডাত শিশুক সাধাৰণতে গৰম পোছাক পিন্ধাই শুবলৈ দিয়া হয়৷ এনে কৰিলে উপকাৰতকৈ অপকাৰহে হয় বেছি৷ গৰম পোছাক পৰিধান কৰি শোৱাৰ ফলত যি উষ্ণতাৰ সৃষ্টি হয় তাৰ বাবে শিশুটিৰ শৰীৰৰ পৰা ঘাম ওলায়৷ সেই ঘামে বুকুত ঠাণ্ডা জমা  কৰিব পাৰে৷  গতিকে ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ ঊলৰ  পোছাক পৰিধান কৰি শোৱাৰ অভ্যাস ত্যাগ কৰক৷