
স্বস্তিৰ নিশ্বাস!, পিঞ্জৰাবদ্ধ হ'ল নাহৰফুটুকী
'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জানুৱাৰীঃ অৱশেষত পিঞ্জৰাবদ্ধ হ'ল নগাঁও চহৰত আতংক সৃষ্টি কৰা নাহৰফুটুকী৷ বিগত দুদিন ধৰি নগাঁও চহৰত আতংকৰ সৃষ্টি কৰা নাহৰফুটুকীটো শনিবাৰে পুৱাই ট্ৰেংকুলাইজড কৰে বন বিভাগৰ দলে৷ পুৱা চাৰে ছয় মান বজাত নগাঁও চহৰৰ ঢাকাইপট্টিত ৰাজপথত চফৰ কৰা নাহৰফুটুকীটোৰ অৱস্থিতিৰ দৃশ্য এখন দোকানৰ চি চি টিভিৰ কেমেৰাত বন্দী হয়৷ নাহৰফুটুকীটোৱে বৰবজাৰৰ দিশৰ পৰা ৰাজপথেৰে দৌৰি আহি ঢাকাইপট্টিৰ পেন্টালুম নামৰ প্ৰতিষ্ঠানৰ ওচৰত এখন টিনৰ গেটেৰে পাৰ হৈ এঘৰৰ চৌহদত প্ৰৱেশ কৰে৷
এই দৃশ্য দেখাৰ পিছতে হৈ-চৈ লাগে৷ লগে লগে এই দৃশ্য ভাইৰেল হৈ পৰাত বহু লোকৰ সেই স্থানলৈ আগমন ঘটে৷ বন বিভাগক খবৰ দিয়াত আধা ঘণ্টা মানৰ ভিতৰতে বাঘ ধৰিবৰ বাবে পিঞ্জৰা আৰু আন সজুলি লৈ বন বিভাগৰ দল সেই স্থানত উপস্থিত হয়৷ দলটোৱে ঘৰটোৰ চৌহদৰ এটা চুকত আশ্ৰয় লৈ থকা নাহৰফুটুকীটোক সহজতে ট্ৰেংকুলাইজ কৰি বন্দী কৰে৷
উল্লেখ্য, বিগত তিনিদিন ধৰি নাহৰফুটুকীটোক বিচাৰি বন বিভাগৰ দলে চলাথ কৰিছিল যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল৷ পহিলা জানুৱাৰীৰ দুপৰীয়া চহৰখনৰ আমোলাপট্টিৰ এঘৰৰ ওপৰ মহলাৰ নিৰ্মিয়মান বাথৰূমত আৱিৰ্ভাৱ হোৱা নাহৰফুটুকীটোৱে জনসমাগমৰ উমান পাই পলায়ন কৰিছিল৷ সেইদিনাৰ পৰা বন বিভাগৰ দলে নাহৰফুটুকীটোক বিচাৰি চলাথ কৰিছিল৷ কিন্তু তাৰ কোনো সন্ধান উলিয়াব পৰা নাছিল বন বিভাগে৷ তাৰ মাজতে নাহৰফুটুকীটোৰ অৱস্থিতিক লৈ নানা উৰাবাতৰি ওলাইছিল৷ নাহৰফুটুকীটো ধৰা নপৰা বাবেই আমোলাপট্টি অঞ্চলৰ কেইবাখনো স্কুল-কলেজ বন্ধ কৰি ৰখা হৈছিল৷ নগাঁও পৌৰসভাই নাগৰিকসকলক প্ৰাতঃভ্ৰমণ বাৰণ কৰিবলৈ মাইকযোগে প্ৰচাৰ চলাইছিল৷ অৱশ্যে বাঘ আৰু মানুহৰ কোনো ক্ষয়ক্ষতি নোহোৱাকৈ নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে নগাঁও চহৰবাসীয়ে৷