Logo
image

অস্তিত্বৰ সংকটতঃ কাকৈজানাত তীব্ৰ বেগী বাহনৰ খুন্দাত পুনৰ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু

'আমাৰ অসম'ৰ অভয়াপুৰীৰ প্ৰতিবেদক, ৪ জানুৱাৰীঃ বঙাইগাঁও জিলাৰ কদমতলীত ৰাষ্ট্ৰীয় ঘাইপথত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা সোণালী বান্দৰৰ তীব্ৰ বেগী বাহনৰ খুন্দাত মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিস্থিতি উত্তপ্ত হৈ পৰে। শনিবাৰে পুৱাৰ ভাগত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা সোণালী বান্দৰটোৱে ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হওতেই তীব্ৰবেগত অহা এখন বাহনৰ খুন্দাত মৃত্যু হয়। 



ঘটনাৰ পিছতেই অঞ্চলটোৰ শ শ ৰাইজ ৰাজপথলৈ ওলাই আহি ঘাইপথটো অবৰোধ কৰে৷ স্থানীয় ৰাইজে জনোৱা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথচোৱাত বিগত সময়চোৱাত কেইবাটাও দুষ্প্ৰাপ্য সোণালী বান্দৰ তীব্ৰ বেগী বাহনৰ খুন্দাত অথবা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে৷ ৰাইজে সোণালী বান্দৰৰ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাই আহিছে যদিও কৰ্তৃপক্ষৰ ৰাইজৰ দাবীক সম্পূৰ্ণৰূপে আওকাণ কৰি আহিছে। প্ৰতিবাৰেই কৰ্তৃপক্ষই সোণালী বান্দৰ সংৰক্ষণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিলেও সকলো ফুটুকাৰ ফেণত পৰিণত হৈছে। কৰ্তৃপক্ষৰ এনে নিৰ্লিপ্ততাৰ বাবেই প্ৰায়েই মৃত্যু ঘটি আছে সোণালী বান্দৰৰ। 

বিগত ডিচেম্বৰ মাহতেই অঞ্চলটোত চাৰিটাকৈ সোণালী বান্দৰৰ মৃত্যু ঘটিছে। ইয়াৰে তিনিটা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটাৰ বিপৰীতে এটা বাহনৰ খুন্দাত নিহত হয়। বিদ্যুৎস্পৃষ্ট হৈ এটা বান্দৰ সম্প্ৰতি উদ্ধাৰ কেন্দ্ৰত থাকিব লগা হৈছে। আজি বান্দৰটোৰ মৃত্যুক লৈ বহু সময়ত ৰাইজে পথ অৱৰোধ কৰাৰ পিছত উক্ত স্থানত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ সোণালী বান্দৰ সংৰক্ষণৰ বাবে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণৰ আস্বাস দিয়ে৷