যোগ্য হ'লে পৰিয়ালত এজন হ'লেও পাব ৰেচন কাৰ্ডঃ মন্ত্ৰী কৌশিক ৰায়
'আমাৰ অসম'ৰ ৰহাৰ প্ৰতিবেদক, ৪ জানুৱাৰীঃ দায়িত্ব লোৱাৰ পাছত শনিবাৰে ৰহাত উপস্থিত হ'ল যোগান মন্ত্ৰী কৌশিক ৰায়৷ ৰহাস্থ চাপৰমুখ চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰিলে খাদ্য আৰু যোগান মন্ত্ৰী কৌশিক ৰায়ে। লগতে কৃষকৰ লগত কৰিলে মত-বিনিময়। কৃষকসকলক ধানৰ উচিত মূল্য প্ৰদান কৰিবলৈ অসম চৰকাৰৰ যোগান বিভাগে কৃষকৰ পৰা পোনপটীয়াকৈ ধান ক্ৰয় কৰা ব্যৱস্থাত কৃষকসকলে সন্মুখীন হোৱা সুবিধা-অসুবিধাৰ বুজ লয় মন্ত্ৰীজনে। লগতে বিষয়া কৰ্মচাৰীসকলৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী ৰায়।
ৰহাত উপস্থিত হৈ মন্ত্ৰী ৰায়ে কয় যে ৰেচন কাৰ্ডৰ ক্ষেত্ৰত যোগ্য হ'লে পৰিয়ালত এজন সদস্য থাকিলেও লাভ কৰিব ৰেচন কাৰ্ড। যাৰ বাবে এতিয়া জিলাই জিলাই অভিযান চলি আছে। মন্ত্ৰী ৰায়ে লগতে বৰাকৰ পথ নিৰ্মাণত হোৱা কেলেংকাৰি সন্দৰ্ভত কয় যে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰী ধন অপচয় বা অধিগ্ৰহণ হ'বলৈ দিয়া নহ'ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী কৌশিক ৰায়ে। মন্ত্ৰীগৰাকীক সংগ দিয়ে ৰহা আৰু বঢ়মপুৰৰ বিধায়ক ক্ৰমে শশীকান্ত দাস আৰু জিতু গোস্বামীয়ে।