Logo
image

চীনত অচিন ভাইৰাছৰ আক্রমণ, ভাৰততো সতর্কতা

'আমাৰ অসম'ৰ বিশেষ প্রতিবেদন, ৫ জানুৱাৰীঃ ক'ভিড-১৯ ৰ সৈতে বহু সাদৃশ্য থকা আন এবিধ ভাইৰাছ এইছএমপিভিয়ে চীনত বিৰাট আৰু দ্রুতগতিত সংক্রমণ আৰম্ভ কৰাৰ ঘটনাই ভাৰতকো সতর্ক কৰি তুলিছে। কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য বিভাগে এই ভাইৰাছক লৈ বিশেষ উদ্বিগ্নতাৰ প্ৰয়োজন নাই বুলি শুকুৰবাৰে মন্তব্য কৰিলেও কেৰালাৰ দৰে ৰাজ্যত স্বাস্থ্য বিভাগে স্ক্ৰীনিং বা বিশেষ পৰীক্ষা আৰম্ভ কৰিছে৷ কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে জনোৱা অনুসৰি ৰাজ্যখনত নিউমেনিয়া, জ্বৰ-কাঁহত ভোগা ৰোগীক পৰীক্ষা আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে৷ চীনৰ দৰেই তেওঁলোককো পৃথকে ৰাখি সেই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়নে নহয়, তেনে পৰীক্ষা চলোৱা হৈছে৷ দেশৰ আন ৰাজ্যত অৱশ্যে এতিয়াও কেৰালাৰ দৰে পৰীক্ষা চলোৱাৰ কোনো খবৰ নাই৷ 



অৱশ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই ক্ষেত্ৰত সতৰ্কতা আৰম্ভ কৰিছে৷ ধাৰণা কৰা অনুসৰি কেৰালাৰ দৰে দেশৰ আন আন ৰাজ্যতে অচিৰেই অনুৰূপ পৰীক্ষা আৰম্ভ হ’ব৷ উল্লেখ্য, ক’ভিডকালত কেৰালাতে প্ৰথমে অধিক হাৰত সংক্ৰমিত ধৰা পৰিছিল৷ চীনৰ য়ুহান চহৰত ২০১৯ চনত প্ৰথমে সাধাৰণ জ্বৰ হিচাপে আৰম্ভ হৈ পাছত ক’ভিড-১৯ নাম লৈ বিশ্ব সংহাৰ কৰা ভাইৰাছৰ আবিৰ্ভাৱৰ ৫ বছৰৰ পাছত এইবাৰ এইচ এম পি ভি নামৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ভাইৰাছে দেশখনত আকৌ এবাৰ আতংকৰ সৃষ্টি কৰিছে৷ ‘হিউমেন মেটা নিউমো ভাইৰাছ’ নামৰ নতুন এবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলত দেশখনৰ  লাখ লাখ লোক আক্ৰান্ত হৈছে৷ এই ভাইৰাছত আক্ৰান্তই আতংকিত হৈ চিকিৎসালয়লৈ ঢাপলি মেলাত চীনৰ হাস্পতাল লোকে লোকাৰণ্য হৈ পৰিছে৷ চীনৰ নৰ্ডাৰ্ন প্ৰভিন্সত কিশোৰ-কিশোৰী এই এইচ এম পি ভি ভাইৰাছৰ দ্বাৰা সৰ্বাধিক আক্ৰান্ত হৈছে৷ চীনৰ স্বাস্থ্যবিভাগে এইচ এম পি ভিত আক্ৰান্ত ৰোগীক ততালিকে চিনাক্ত কৰা আৰু চিকিৎসাসেৱা আগবঢ়োৱাৰ পদক্ষেপ হাতত লৈছে৷ এইচ এম পি ভিত আক্ৰান্তক পৃথকে ৰখাৰ ব্যৱস্থা কৰিছে চীনৰ স্বাস্থ্য বিভাগে৷ তদুপৰি এই ভাইৰাছত আক্ৰান্তক দ্ৰুতভাৱে বিচাৰি উলিওৱাৰ পদক্ষেপো লৈছে চীনৰ প্ৰশাসনে৷ তাৰ বাবে তেওঁলোকে উৎস বা কাৰণ নজনাকৈ নিউমেনিয়াত আক্ৰান্ত ৰোগীকো পৃথকে ৰাখি পৰীক্ষা কৰিছে৷ ক’ভিড-১৯ৰ দৰে যাতে এইচ এম পি ভিৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পি নপৰে, সেয়া নিশ্চিত কৰাৰ বাবেই প্ৰথমে ৰোগী বা আক্ৰান্তক পৃথকে ৰখাৰ ব্যৱস্থা কৰিছে৷ চীনৰ নৰ্ডাৰ্ন প্ৰভিন্সৰ হাস্পতালসমূহ এই ভাইৰাছত আক্ৰান্ত লোকেৰে ভৰি পৰিছে৷ তালৈ চাই এইবাৰো ক’ভিডৰ দৰে আতংক দেশখনত বিয়পি পৰা পৰিলক্ষিত হৈছে৷

তাৎপৰ্যপূৰ্ণ এয়াই, এইপৰ্যন্ত এইচ এম পি ভি নামৰ ভাইৰাছবিধ চিনাক্ত কৰা সম্ভৱ হ’লেও ইয়াৰ বৈশিষ্ট, আচৰণ, ক্ষতি কৰিব পৰা শক্তিৰ বিষয়ে বিশদ তথ্য লাভ কৰিব পৰা হোৱা নাই৷ প্ৰাথমিক তথ্য অনুসৰি এই ভাইৰাছে সংক্ৰমিত ব্যক্তিক শ্বাস-প্ৰশ্বাসৰ কষ্টত ভুগিবলৈ বাধ্য কৰে৷ সকলো বয়সৰ লোক আক্ৰান্ত হ’লেও এতিয়ালৈকে বয়স্ক আৰু শিশু তথা কিশোৰ-কিশোৰী এই ভাইৰাছত অধিক মাত্ৰাত আক্ৰান্ত হৈছে৷ তদুপৰি প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা লোকক এই ভাইৰাছে অধিক আক্ৰমণ কৰিছে৷ এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লক্ষণ হৈছে– কাঁহ, জ্বৰ, নাকবন্ধ হৈ পৰা, উশাহ চুটি হোৱা৷ সংক্ৰমিত ৰোগীয়ে ব্ৰংকাইটিছ বা নিউমেনিয়াত ভোগা বুলি প্ৰথমে ভ্ৰম হোৱা স্বাভাৱিক বুলি চীনৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে৷ কোনো ব্যক্তিৰ শৰীৰত এই ভাইৰাছে প্ৰৱেশ কৰিলে কমেও ৩ দিনৰ পৰা ৬ দিনতহে লক্ষণসমূহ ফুটি উঠে৷ এতিয়াও এই ভাইৰাছৰ কোনো নিৰ্দিষ্ট চিকিৎসা ওলোৱা নাই৷ চীনৰ স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা অনুসৰি এই ভাইৰাছ নিৰ্জীৱ বস্তৰ পৰা মানৱ শৰীৰলৈ সংক্ৰমিত হ’ব পাৰে৷ তাৰ পাছত সংক্ৰমিত ব্যক্তিৰ সৈতে হোৱা স্পৰ্শ যেনে– কৰমৰ্দন, একেবিধ কাপোৰ ব্যৱহাৰ কৰা, একে খাদ্যৰ বাচন ব্যৱহাৰ কৰাৰ পৰা এই ভাইৰাছ সংক্ৰমিত হয়৷ নিৰ্জীৱ বস্তু যেনে– দুৱাৰৰ হেণ্ডেল, মুদ্ৰা, খেলনা, মোনা, লিফ্‌টৰ বুটাম, লাইটৰ ছুইচ, ৰিম’ট কণ্ট্ৰ’ল, ৰুমাল, মলিয়ন কাপোৰ ইত্যাদিৰ পৰা এই ভাইৰাছ মানৱ দেহলৈ বিয়পে৷ 

প্ৰসংগতঃ ক’ভিড-১৯ যে ২০২০ চনৰ আৰম্ভণিৰ পৰা সমগ্ৰ বিশ্বত অতিমাৰীৰ ৰূপ লৈ অভাৱনীয় সংহাৰ চলাইছিল৷ সমগ্ৰ বিশ্বত ক’ভিডত ৭,০১০,৬৮১ আৰু ভাৰতত ৫,৩৩,৫৭০ জন মৃত্যুমুখত পৰিছিল৷ অৱশ্যে ‘ক’মৰ্বিডিটি’  অৰ্থাৎ ক’ভিডত আক্ৰান্ত হৈ আন ৰোগত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ক’ভিডত পোনে পোনে মৃত্যু হোৱাতকৈ কম নাছিল৷