Logo
image

১৫ জানুৱাৰীলৈ হোষ্টেল বন্ধ, কি কয় গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষই

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৫ জানুৱাৰীঃ ৰাজ্যৰ আন বিশ্ববিদ্যালয়ৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়েও আগন্তুক নেট পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ সময়তে শীতৰ বন্ধৰ আলম লৈ বিশ্ববিদ্যালয় কতৃৰ্পক্ষই তিনিটা আৱাসৰ বাহিৰে বাকীসকলো আৱাস পহিলা জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ বন্ধ ঘোষণা কৰাক লৈ ছাত্ৰ সমাজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ 



ছাত্ৰ সমাজৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত আন সংবাদ মাধ্যমৰ লগতে ‘আমাৰ অসম’ কাকততো শুকুৰবাৰে বাতৰি প্ৰকাশ পাইছিল৷ বাতৰি প্ৰকাশ পোৱাৰ পাছতে শুকুৰবাৰে নিশা গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনে এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰে৷ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে ‘আমাৰ অসম’লৈ প্ৰেৰণ কৰা এটা বিবৃতিত এইদৰে উল্লেখ কৰে– ‘এই কথা সকলোৰে জ্ঞাত যে সকলো হোষ্টেল বন্ধৰ জাননী বছৰৰ তিনিটা মূল সময়ত জাৰি কৰা হয়– পূজাৰ বন্ধ, শীতকালীন বিৰতি বা বন্ধ আৰু গ্ৰীষ্মকালীন ছুটী৷ আগৰে পৰাই এই প্ৰথা চলি আহিছে আৰু বাতৰিত উত্থাপিত জাননীখন ইয়াৰ ব্যতিক্ৰম নহয়৷ তদুপৰি তথ্য অনুসৰি হোষ্টেলসমূহত থকা ৯৫ শতাংশতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে জাননী জাৰি কৰাৰ পূৰ্বেই নিজ নিজ হোষ্টেল এৰি গৈছিল৷ ২০২৫ চনৰ ৰ জানুৱাৰীলৈকে হোষ্টেলসমূহত কেইগৰাকীমান ছাত্ৰ-ছাত্ৰী আছিল৷ ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তাক লৈ বিশ্ববিদ্যালয়খন সদায় সচেতন, আৰু তেওঁলোকৰ শৈক্ষিক স্বাৰ্থ বিঘ্নিত নহ’বৰ বাবে নিম্ন স্বাক্ষৰকাৰীয়ে প্ৰয়োজন অনুসাৰে ছাত্ৰ-ছাত্ৰীসকলক UGC-MMTC অতিথিশালা বা GU মূল অতিথিশালাত থকাৰ সুব্যৱস্থা কৰে৷ এই সুবিধা বিচৰা কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীক UGC-MMTCৰ অতিথিশালাত থাকিবলৈ আৰু পহিলা জানুৱাৰীৰ পৰা নিশা অতিথিশালাত আহাৰ গ্ৰহণ কৰিবলৈ জনোৱা হৈছিল৷ কিন্তু ৰাতি ১০.৩০ বজালৈকে অতিথিশালাত আহাৰ গ্ৰহণ কৰিবলৈ কোনো উপস্থিত নহ’ল৷ বিষয়টোৰ অনুসন্ধান কৰাৰ পাছত জনা গ’ল যে কোনো ছাত্ৰ-ছাত্ৰীয়ে UGC-MMTC লৈ থাকিবলৈ অহা নাছিল৷ যদিও তেওঁলোকৰ অনুৰোধ মৰ্মেই তেওঁলোকক থাকিবলৈ অনুমতি দিয়া হৈছিল৷ উপযুক্ত কাৰণ দৰ্শাই যিকোনো ছাত্ৰ- ছাত্ৰীয়ে এই সুবিধা এতিয়াও গ্ৰহণ কৰিব পাৰে৷ তদুপৰি স্নাতকোত্তৰ (PGSU) আৰু আইন (ULCSU)ৰ ছাত্ৰ প্ৰতিনিধিকে ধৰি বিভিন্ন পক্ষৰ প্ৰতিনিধিৰে গঠিত এখন সমিতিয়ে বিশ্ববিদ্যালয়ৰ শৈক্ষিক কেলেণ্ডাৰ প্ৰস্তুত কৰিছিল৷’