উৎপাদন কমিছে, ঋণ বাঢ়িছেঃ অখিল গগৈ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৫ জানুৱাৰীঃ বছৰৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ অৰ্থনৈতিক অৱস্থাৰ এখন ভুৱা ছবি দাঙি ধৰিছে অসমবাসীৰ আগত৷ প্ৰকৃততে অসমত উৎপাদন কমিছে, ঋণ বাঢ়িছে৷ এই অভিযোগ শিৱসাগৰ সমমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আনকি অসমৰ মুখ্যমন্ত্ৰীক অসমৰ অৰ্থনীতিৰ বৰ্তমানৰ অৱস্থাৰ ওপৰত তেওঁৰ সৈতে মুকলি বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ প্ৰত্যাহ্বান জনায়৷ শনিবাৰে দুপৰীয়া ১২ বজাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গুৱাহাটীস্থ নিজৰাপাৰৰ বাসভৱনত অনুষ্ঠিত কৰা এক সংবাদ মেলত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, সাধাৰণ সম্পাদকদ্বয় ক্ৰমে ৰাছেল হুছেইন আৰু চিন্ময় বড়াই অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা ১ জানুৱাৰী তাৰিখৰ দিনা অসমৰ সংবাদ মাধ্যমৰ সম্পাদকসকলৰ সন্মুখত অসমৰ অৰ্থনীতি সম্পৰ্কে দাঙি ধৰা ৰঙীন চিত্ৰখনৰ প্ৰত্যেকটো বিষয় খণ্ডন কৰি অসমৰ মুুখ্যমন্ত্ৰীৰ দাবী ভুৱা বুলি উল্লেখ কৰে৷
অসমৰ মুখ্যমন্ত্ৰীয়ে ২০২৮ চনত অসমৰ জিডিপি বা জিএছডিপি চলিত মূল্যত ১০ লাখ কোটি টকালৈে বৃদ্ধি হ’ব বুলি গৌৰৱেৰে কৰা বিষয়টোৰ উত্তৰ দি সংবাদ মেলত অখিল গগৈয়ে কয় যে ক্ৰমাগতভাৱে সকলো ৰাজ্যৰে জিডিপি বৃদ্ধি পোৱাটো তেনেই স্বাভাৱিক ঘটনা৷ অসমৰ জিডিপি ২০২৮ চনত চলিত মূল্যত যদিহে ১০ লাখ কোটি টকা বা এক নিযুত কোটি টকা হোৱাটো একো ডাঙৰ কথা নহয়, সকলো ৰাজ্যৰ জিডিপি বঢ়াৰ দৰে অসমৰ জিডিপি বঢ়াটো তেনেই স্বাভাৱিক ঘটনা৷ কিন্তু প্ৰকৃত অৰ্থত ৰাজ্যখনৰ জিডিপি বাঢ়িছেনে নাই তাৰ অৰ্থনৈতিক মাপকাঠি জোখাৰ বিভিন্ন পদ্ধতি আছে৷ তাৰ ভিতৰত এটা হ’ল দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ ৰাজ্য এখনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ অৱদান বৃদ্ধি পাইছেনে নাই সেইটোৱে পৰীক্ষা কৰিব লাগিব৷ এই ক্ষেত্ৰত ৰাইজৰ দলৰ সভাপতিজনে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা কাউন্সিলে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত প্ৰকাশ কৰা ‘‘ৰিলেটিভ ইক’নমিক পাৰফৰমেন্স অৱ ইণ্ডিয়ান ষ্টেটচঃ ১৯৬০-৬১ টো ২০২৩-২৪” নামৰ ৱৰ্কিং পেপাৰখনত প্ৰকাশ পোৱা তথ্য দাঙি ধৰে৷ প্ৰধানমন্ত্ৰী অৰ্থনৈতিক উপদেষ্টা কাউন্সিলে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতৰ জিডিপিলৈ অসমে ১৯৬০-৬১ চনত ২.৬ শতাংশ অৱদান আগববঢ়াইছিল কিন্তু সেই অৱদান ২০২৩-২৪ বৰ্ষত ১.৯ শতাংশলৈ হ্ৰাস হ’ল৷ অৰ্থাৎ অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন পূবৰ্ৰ তুলনাত কমহে হৈছে বঢ়া নাই৷ কংগ্ৰেছ চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মা অসমৰ বিত্তমন্ত্ৰী হৈ থকা অৱস্থাত ২০১০-১১ বৰ্ষত ভাৰতৰ জিডিপিলৈ অসমৰ ইতিহাসৰ আটাইতকৈ কম অৱদান অৰ্থাৎ ১.৬ শতাংশ অৱদানহে আগবঢ়াবলৈ সক্ষম হৈছিল৷ বিজেপিৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী হৈ থাকোতে ভাৰতৰ জিডিপিলৈ অসমৰ জিডিপিৰ অৱদান আছিল কেৱল ১.৭ শতাংশ৷
সংবাদ মেলত অখিল গগৈয়ে বিস্তৃত তথ্য দাঙি ধৰি কয় যে ভাৰতৰ জিডিপিলৈ অসমৰ অৱদান ১৯৬০-৬১ চনত আছিল ২.৬ শতাংশ, ১৯৭০-৭১ চনত আছিল ২.৪ শতাংশ, ১৯৮০-৮১ চনত আছিল ২.১ শতাংশ, ১৯৯০-৯১ চনত আছিল ২.৪ শতাংশ, ২০০০-০১ চনত আছিল ১.৯ শতাংশ, ২০১০-১১ চনত আছিল ১.৬শশতাংশ, ২০২০-২১ চনত আছিল ১.৭ শতাংশ আৰু ২০২৩-২৪ চনত আছিল ১.৯ শতাংশ৷ ৰাজ্য এখনৰ নাগৰিকৰ প্ৰকৃত অৰ্থনৈতিক অৱস্থা বুজিবলৈ গড় জনমূৰি আয় পৰীক্ষা কৰা হয়৷ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ দ্বাৰা প্ৰকাশিত একেই তথ্য সূত্ৰৰ আধাৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অসমৰ মানুহৰ গড় জনমূৰি আয় পূবৰ্তকৈ সাংঘাটিত হ্ৰাস পোৱা বুলি প্ৰমাণ দাঙি ধৰে৷
অখিল গগৈয়ে কয় যে ১৯৬০-৬১ চনত ভাৰতৰ এজন মানুহৰ গড় জনমূৰি আয় ১০০ টকা বুলি ধৰিলে সেই বছৰত অসমৰ এজন মানুহৰ গড় জনমূৰি আয় ১০৩ টকা আছিল৷ কিন্তু ২০২৩-২৪ বৰ্ষত ভাৰতৰ এজন ৰাষ্ট্ৰীয় গড় জনমূৰি আয় ১০০ টকা বুলি ধৰিলে অসমৰ গড .জনমূৰি আয় হ’লগৈ ৭৩.৭০টকা৷ সংবাদ মেলত বিস্তৃত তথ্য দাঙি ধৰি ৰাইজৰ দলৰ সভাপতিজনে কয় যে ১৯৬০-৬১ চনত ভাৰতৰ এজন নাগৰিকৰ ৰাষ্ট্ৰীয় গড় জনমূৰি আয় যদি ১০০ টকা আছিল অসমৰ নাগৰিকৰ গড় জনমূৰি আয় আছিল ১০২.৯ টকা, ১৯৭০-৭১ চনত ৪৮.৫ টকা, ১৯৮০-৮১ চনত ৭০.২ টকা, ১৯৯০-৯১ চনত ৭৫.৫ টকা, ২০০০-০১ চনত ৬৪.৭ টকা, ২০১০-১১ চনত ৬১.২ টকা (ড০ হিমন্ত বিশ্ব শৰ্মা নিজে বিত্তমন্ত্ৰী আছিল), ২০২০-২১ চনত ৬৮.৩ টকা আৰু ২০২৩-২৪ চনত ৭৩.৭ টকা হ’লগৈ৷ গড় জনমূৰি আয়ৰ ক্ষেত্ৰত সবৰ্ভাৰতৰ ৩৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমৰ স্থান তলফালৰ পৰা ৫ নম্বৰত৷
সংবাদ মেলত অখিল গগৈয়ে ভাৰতীয় ৰিৰ্জাভ বেংকৰ “হেণ্ডবুক অৱ ষ্টেটিচটিক্চ অন ইণ্ডিয়ান ষ্টেটচ্- ২০২৩-২৪” ৰ তথ্যৰ উদ্ধৃতি দি কয় যে তৰুণ গগৈ চৰকাৰৰ তৃতীয় কাৰ্যকাল (২০১১-১৬)ত জিডিপিৰ ([স্থিৰ মূল্যত) গড় বৃদ্ধিৰ হাৰ আছিল ৭.৬% আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল ১০.০%৷ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত (২০১৬-২১) জিডিপিৰ (স্থিৰ মূল্যত) গড় বৃদ্ধিৰ হাৰ আছিল ৫.৪% (ক’ভিডৰ বছৰবোৰ ধৰি) আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল ১৬.৬%৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তিনি বছৰীয়া কাৰ্যকালত (২০২১-২৪) জিডিপিৰ (স্থিৰ মূল্যত) গড় বৃদ্ধিৰ হাৰ আছিল ৮.৮% আৰু ঋণ বৃদ্ধিৰ হাৰ হ’লগৈ ১৯%৷ আটাইতকৈ ডাঙৰ উদ্বেগৰ বিষয়টো হ’ল জিডিপিৰ অনুপাতে ঋণৰ হাৰ বৃদ্ধি হৈ থকাটো৷ ২০১৯ চন পৰ্যন্ত অসমৰ জিডিপি (স্থিৰ মূল্যত) অনুপাতে ঋণৰ হাৰ আছিল ২০% পৰা পৰা ২৫% লৈ৷ কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত ২০২৩-২৪ চনত জিডিপি অনুপাতে ঋণৰ হাৰ হ’লগৈ ৪৮%৷ ২০২৩-২৪ বৰ্ষত স্থিৰ মূল্যত অসমৰ জিডিপি ৩,১৮,৫৫৮ কোটি টকা আৰু অসমৰ সবৰ্মুঠ ঋণ হ’লগৈ ১,৫০,৯০০ কোটি টকা৷ ৰাজ্যখনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৪৮ শতাংশ যদি ঋণ হয় তেন্তে সেই ৰাজ্যৰ অৰ্থনীতিৰ বৰ্তমানৰ আৰু ভৱিষ্যত কি সেই কথা দোহাৰাৰ কোনো প্ৰয়োজন নাই৷
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যৰ উদ্ধৃতিৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে ২০২৪ চনৰ ৩১ মাৰ্চলৈকে অসমৰ সবৰ্মুঠ ঋণৰ পৰিমাণ হ’লগৈ ১,৫০,৯০০ কোটি টকা৷ ২০২৪ চনৰ এপ্ৰিলৰ পৰা আন অতিৰিক্ত ২৫ হেজাৰ কোটি টকা ঋণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে গ্ৰহণ কৰিছে৷ গতিকে আজিৰ দিনটোত অসমৰ মুঠ ধাৰৰ পৰিমাণ ১ লাখ ৭৫ হেজাৰ কোটি টকালৈ বৃদ্ধি পাইছে৷ সংবাদ মেলত অখিল গগৈয়ে অসমৰ সবৰ্মুঠ ঋণৰ পৰিমাণ ব্যাখ্যা কৰি কয় যে ভাৰতৰ স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰৰ শেষৰ বছৰলৈ (১৯৪৭-৩১ মাৰ্চ, ২০১৬ চনলৈ) স্বাধীনতাৰ এই ৬৯ বছৰত অসমৰ মুঠ ধাৰ আছিল ৪১,৯৬৪ কোটি টকা৷ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত (২০১৬-২১) ৫ বছৰত বিজেপি চৰকাৰে ধাৰ ল’লে ৪৭,৭৪৫ কোটি টকা৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তিনি বছৰীয়া কাৰ্যকালত (১ এপ্ৰিল, ২০২১ৰ পৰা ৩১ মাৰ্চ, ২০২৪) তিনি বছৰ ধাৰ ল’লে ৬১,১৯১ কোটি টকা৷ স্বাধীনতাৰ ৬৯ বছৰত অসম চৰকাৰে লোৱা মুঠ ধাৰৰ পৰিমাণ ৪১,৯৬৪ কোটি টকাৰ বিপৰীতে বিজেপি চৰকাৰৰ মাত্ৰ ৮ বছৰীয়া কাৰ্যকালত ধাৰ ল’লে ১,০৮,৯৩৬ কোটি টকা৷ এনেদৰে বিজেপি চৰকাৰে অসমক ঋণৰ বোজাৰে পুতি পেলালে আৰু ৩১ মাৰ্চ, ২০২৪ পৰ্যন্ত অসমৰ প্ৰতিজন মানুহৰ গড় জনমূৰি ধাৰ ৩৭ হাজাৰ টকাতকৈ অধিকবৃদ্ধি পালে৷
সংবাদ মেলত অখিল গগৈয়ে অসমৰ প্ৰবীন কবি বলদেৱ মহন্তৰ “কাৰ সুখ নাই” কবিতা পাঠ কৰি কয় – ‘সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ; অণুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ৷’ অখিল গগৈয়ে কয় যে কবি বলদেৱ মহন্তৰ কবিতাৰ এই পংক্তি হিমন্ত বিশ্ব শৰ্মাই পাহৰিলে৷ অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া চাৰ্বাক দৰ্শনত বিশ্বাস কৰে৷ অৰ্থাৎ ধাৰ কৰি ঘিঁউ-মৌ খোৱাৰ দৰ্শনত বিশ্বাসী হিমন্ত বিশ্ব শৰ্মা৷ – যাৱৎ জীৱেৎ সুখং জীৱেৎ ঋণং কৃত্বা ঘৃতং পীবেৎ এই দৰ্শনত বিশ্বাস কৰে৷ সংবাদ মেলত অখিল গগৈয়ে কয় যে অসমৰ ইতিহাসত সৰ্বাধিক পৰিমাণ ধাৰ লোৱাৰ পাছতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমীয়া মানুহৰ প্ৰকৃত কল্যাণ সাধন কৰিব পৰা নাই৷ ভাৰতৰ দৰিদ্ৰতাৰ মাপকাঠিত অসম দেশৰ সপ্তম দৰিদ্ৰ ৰাজ্য৷ গড় জনমূৰি আয়ত অসম দেশৰ ৩৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত তল ফালৰ পৰা পঞ্চম৷ প্ৰসূতি মৃত্যুৰ হাৰত অসম দেশৰ ভিতৰতে ৰ নম্বৰত৷ জন্মতে শিশুৰ মৃতু্যৰ হাৰত অসম দেশৰ ভিতৰত ৩ নম্বৰত আৰু আধাতে বিদ্যালয় এৰাৰ ক্ষেত্ৰত দেশৰ ১ নম্বৰ ৰাজ্য হ’ল অসম৷ ২০১৬ চনত সৰ্বানন্দ-হিমন্ত যুটিয়ে কৈছিল যে কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ নিবনুৱাৰ সংখ্যা ২৩ লাখ চুইছেগৈ আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিলে সমুদায় ২৩ লাখ নিবনুৱাকে কৰ্মসংস্থাপন দিব৷ কিন্তু ২০২৩-২৪ অসম চৰকাৰৰ ইক’নমিক চাৰ্ভেৰ ৰিপ’ৰ্ট মতে অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ৩২ লাখলৈ বৃদ্ধি পাইছে৷ অৰ্থাৎ ২৩ লাখ নিবনুৱাক নিযুক্তি দিয়াটো বাদেই বিজেপিৰ ৮ বছৰীয়া কাৰ্যকালত অতিৰিক্ত ৯ লাখ নিবনুৱা বৃদ্ধিহে পালে৷ সংবাদ মেলত অখিল গগৈয়ে কয় যে যোৱা ৮ টা বছৰত অসমৰ এডৰাও পথাৰত বিজেপি চৰকাৰে এক টোপালো জলসিঞ্চনৰ ব্যৱস্থা কৰিব নোৱাৰিলে৷ যাৰ ফলত এতিয়াও অসম ভেকুলীৰ বিয়া পতা ৰাজ্য৷ এতিয়াও অসমত বছৰটোত কেৱল এটাহে খেতি কৰা হয়৷ অসমীয়া জাতিক পেছাদাৰী জাতি কৰি গঢ়ি. তোলাৰ পৰিৱৰ্তে হিতাধিকাৰীৰ আঁচনিৰ পয়োভৰেৰে অসম এতিয়া অতিকে অনুৎপাদনশীল ৰাজ্য৷ ৰাজ্যৰ উৎপাদন বৃদ্ধিৰ কাৰণে চৰকাৰে আন্তঃগাঁথনি তৈয়াৰ কৰাৰ পৰিৱৰ্তে কেৱল কেইখনমান অভাৰব্ৰীজ বনাইয়ে জাতীয় দায়িত্বৰ সামৰণি মাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ আজি অসমৰ নতুন প্ৰজন্মৰ যুৱক-যুৱতীয়ে খেতিৰ পাছতে আটাইতকৈ বেছি জীৱিকা উপাৰ্জন কৰে দৈনিক মজুৰি কৰি অৰ্থাৎ মিস্ত্ৰিৰ লগত হাজিৰা কৰাটোৱে নতুন প্ৰজন্মৰ অসমীয়াই উপাৰ্জনৰ প্ৰধান উৎস৷ যিসকলে ৰাজ্যত থাকি দৈনিক হাজিৰা কৰিবলৈ লাজ কৰে সেইসকল যুৱক-যুৱতীয়ে কৰ্ণাটক, তামিলনাডু আৰু কেৰালাত গৈ চিকিউৰিটি গাৰ্ডৰ কাম কৰে৷ যদি অসমীয়া জাতিৰ আটাইতকৈ সুস্থ-সৱল নতুন প্ৰজন্মটোৱে দৈনিক মজুৰি বা বহিঃৰাজ্যত চিকিউৰিটি গাৰ্ড কৰিব লাগে সেই ৰাজ্যৰ অৰ্থনৈতিক ভৱিষ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখুওৱাৰ দৰে কেতিয়াও ৰঙীন নহয় বৰং অসমৰ অৰ্থনৈতিক অৱস্থা বিজেপিৰ দিনত ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হৈছে বুলি সংবাদ মেলত অখিল গগৈয়ে ব্যক্ত কৰে৷